গুৱাহাটী: সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুত্তীৰ্ণসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ । অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে অনুত্তীৰ্ণসকলৰ বাবে অনুষ্ঠিত কৰিব কম্পার্টমেণ্টেল পৰীক্ষা । ন্যূনতম তিনিটা বিষয়ত অনুত্তীৰ্ণ আৰু ন্যূনতম ১৭০ মুঠ নম্বৰ লাভ কৰাসকলে এই কম্পার্টমেণ্টেল পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব । কম্পার্টমেণ্টেল পৰীক্ষা অনুষ্ঠিত হোৱাৰ তাৰিখ পৰৱৰ্তী পৰ্যায়ত ঘোষণা কৰা হ'ব ।
অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে জাৰি কৰা নিৰ্দেশনা অনুসৰি কম্পার্টমেণ্টেল পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ বাবে পৰীক্ষাৰ্থীসকলে অৱতীৰ্ণ হোৱা বিষয়কেইটাত ন্যূনতম ৩০ শতাংশ নম্বৰ লাভ কৰাৰ লগতে তেওঁৰ মুঠ নম্বৰ ১৮০ বা তাতোকৈ ওপৰৰ হ'ব লাগিব । সকলো উত্তীর্ণ শিক্ষার্থীয়ে একেটা শিক্ষাবর্ষতে উচ্চ শ্রেণীত নামভর্তি কৰিব পৰিব ।

অৱশ্যে কোনো অনুত্তীৰ্ণ শিক্ষার্থীয়ে যদি বিচাৰে তেন্তে সংশ্লিষ্ট বিদ্যালয়ত পুনৰ নামভৰ্তি কৰি নিয়মীয়া শিক্ষার্থী হিচাপে পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব । পৰীক্ষার্থীয়ে অৱতীৰ্ণ হ'বলগীয়া প্ৰতিটো বিষয়ৰ বাবদ ৫০০ টকাকৈ পৰীক্ষা মাচুল এছ বি আই অনলাইন/চালানযোগে আদায় দিয়াৰ লগতে অতিৰিক্তভাৱে ১৫০ টকাকৈ কেন্দ্র মাচুল পৰিশোধ কৰিব লাগিব ।

পৰিষদে নির্দেশনাত পুনৰ উল্লেখ কৰা মতে - অকল থিয়'ৰী কাকতৰ ওপৰতহে কম্পার্টমেণ্টেল পৰীক্ষা অনুষ্ঠিত হ'ব । পৰীক্ষার্থীয়ে মূল বিষয়কেইটাৰ ক্ষেত্ৰত অ' এম আৰ এনছাৰ শ্বীট (OMR answer sheet) আৰু বৰ্ণনাধর্মী প্রশ্নকাকত (Descriptive Questionnaire)ত পৃথক পৃথককৈ উত্তীর্ণ হ'ব লাগিব । কম্পার্টমেণ্টেল পৰীক্ষাত সফল হোৱা পৰীক্ষাৰ্থীসকলে মার্কশ্বীট তথা প্রমাণপত্র লাভ কৰিব বুলিও অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ নির্দেশনাত উল্লেখ কৰা হৈছে ।
লগতে পঢ়ক : মুকলি হ'ল দৰ্পণ পৰ্টেল, কেনেকৈ কৰিব নিজৰ সপোনৰ মহাবিদ্যালয়ত আবেদন