ETV Bharat / state

বাৰেৰহণীয়া শোভাযাত্রাৰে উদুলি-মুদুলি বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ

তৃতীয় দিনা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ধৰ্মধ্বজা উত্তোলন কৰে পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাই ।

94TH SANKARDEV SANGHA SESSION
উদুলি মুদুলি বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 8, 2025 at 3:07 PM IST

3 Min Read
Choose ETV Bharat

যোৰহাট: শুভ্ৰ হৈ পৰিছে যোৰহাটৰ ম'হবন্ধা এৰালতলি পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ । শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ আজি তৃতীয় দিনা ভকত-বৈষ্ণৱৰ লানি নিছিগা সোঁতে শুভ্ৰ কৰি তুলিছে এৰালতলি পথাৰ । চাৰিওফালে কেৱল হৰিনামৰ ধ্বনি । সমস্বৰে গাইছে গুৰু বন্দনা ।

দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে ম'হবন্ধা এৰালতলি পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ । শনিবাৰৰ পুৱাৰে পৰা লক্ষাধিক ভক্তৰ সমাগম ঘটিছে এৰালতলি পথাৰত । অধিৱেশনৰ তৃতীয় দিনা মূল বেদীত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ধৰ্মধ্বজা উত্তোলন কৰে পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাই । ধৰ্মধ্বজা উত্তোলন কৰাৰ লগে লগে নাম-কীৰ্ত্তন আৰু হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে এৰালতলি পথাৰ ।

উদুলি মুদুলি বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ (ETV Bharat Assam)

ধৰ্মধ্বজাস্থলীৰ পৰা বাৰেৰহনীয়া শোভাযাত্ৰা :

বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমিলৈ পৰিণত হোৱা সমন্বয় ক্ষেত্ৰৰ পৰা আৰম্ভ হয় শোভাযাত্ৰা । এই শোভাযাত্ৰাত জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোৱে অংশগ্ৰহণ কৰে । মূল ধৰ্মধ্বজাস্থলীৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰেৰহনীয়া শোভাযাত্ৰা উলিওৱা হয় । উক্ত শোভাযাত্ৰাত ৰাজ্যৰ বিভিন্ন সাংস্কৃতিক দলৰ লগতে চুবুৰীয়া ৰাজ্য়ৰ পৰাও কেইবাটাও দলে অংশগ্ৰহণ কৰে । কেইবা কিলোমিটাৰ আৱৰি উলিওৱা এই শোভাযাত্ৰাই অধিৱেশনখনিক প্ৰদান কৰিলে এক অনন্য় মাত্ৰা ।

94TH SANKARDEV SANGHA SESSION
উদুলি মুদুলি বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ (ETV Bharat Assam)

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াই এই অধিৱেশন সন্দৰ্ভত মন্তব্য় কৰি কয়, "শংকৰদেৱ সংঘৰ অধিৱেশন সদায় লোকাৰণ্য হৈ থাকে । এনেধৰণৰ পৰিৱেশৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘই সদায় চেষ্টা কৰি আহিছে । প্ৰতিখন অধিৱেশনতেই এনেদৰে লোকাৰণ্য় হৈ থাকে । এখন সুস্থ প্ৰকৃত মানৰ সমাজ গঢ়ি ঐক্য়, শান্তিৰ বাণী বিলাবৰ বাবে সংঘই সদায় চেষ্টা চলাই থাকিব । এই প্ৰতিচ্ছবি সমগ্ৰ অসমতে বিৰল আৰু এই কাৰ্য সদায় শ্ৰীমন্ত শংকৰদেৱ সংঘই কৰি আহিছে ।"

94TH SANKARDEV SANGHA SESSION
উদুলি মুদুলি বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ (ETV Bharat Assam)

যাত্ৰা অব্য়াহত থাকিব :

তেওঁ পুনৰ কয়, "এনেধৰণৰ কাৰ্যসূচীৰ জৰিয়তে মহাপুৰুষজনাৰ আদৰ্শ, সৃষ্টিৰাজি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা আৰু প্ৰচাৰ কৰা কামত শ্ৰীমন্ত শংকৰদেৱ সংঘই নিৰৱচ্ছিন্নভাৱে কাম কৰি আহিছে । শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মজিয়াৰ পৰাই হৰিনাম ধ্বনি বিশ্বৰ আকাশে-বতাহে মুখৰিত হৈছে । এই হৰিনাম ধ্বনিৰে মানৱ জাতিৰ কল্য়াণ হৈছে । অসমৰ প্ৰতিগৰাকী মানুহক গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত কৰিব নোৱৰালৈকে শংকৰদেৱ সংঘৰ এই যাত্ৰা অব্য়াহত থাকিব ।"

লগতে পঢ়ক:বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰৰ গ্ৰন্থ বিপণিত বিৰ দি বাট নোপোৱা অৱস্থা - SANKARADEVA SANGHA JORHAT SESSION

উশাহ-বতাহ সকলোতে মাথো কৃষ্ণ বন্দনা... দুশটা চৌকাত ২৪ ঘণ্টাত উতলিছে ৭ টনকৈ চাউল - SANKARDEV SANGHA JORHAT SESSION