ডিব্ৰুগড়: ৰাজ্য চৰকাৰে অসমক শৈক্ষিক ক্ষেত্ৰত আগুৱাই নিয়াৰ বাবে লৈছে বিভিন্ন অভিনৱ পদক্ষেপ । কিন্তু তেনে সময়ত পোহৰলৈ আহিছে ডিব্ৰুগড় জিলা শিক্ষা বিভাগৰ আজৱ কাণ্ড । নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছতো মুকলি নহ'ল এখন কলেজ । লাহোৱালৰ বচা পথাৰত আছে এই আটকধুনীয়াকৈ নিৰ্মাণ কৰা কলেজখন ৷
স্থানীয় লোকে উল্লেখ কৰা মতে, ২০১৯ বৰ্ষত সেই সময়ত লাহোৱালত বিধায়ক ঋতুপৰ্ণ বৰুৱাই লাহোৱালৰ বচাপথাৰত এখন কলেজ নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰিছিল । ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ বাবে বচা পথাৰত ২০ বিঘা মাটিৰ এখন খেলপথাৰত ৰাইজে কলেজ নিৰ্মাণৰ বাবে অনুমতি দিছিল ।
ইমানলৈ সকলো ঠিকেই আছিল ৷ আধাৰশিলা স্থাপন কৰা পাছতে কলেজ নিৰ্মাণৰ কাম আৰম্ভও কৰিছিল ঠিকা লাভ কৰা প্ৰতিষ্ঠানটোৱে । এক নিৰ্দিষ্ট সময়ত চাৰি কোটি টকাৰে আটকধুনীয়াকৈ কলেজ গৃহ, কাৰ্যালয়, ছাত্ৰ-ছাত্ৰীৰ চাইকেল ষ্টেণ্ড আদি কলেজ এখনৰ বাবে প্ৰয়োজনীয় সকলো নিৰ্মাণ সম্পূৰ্ণ হ'ল । কিন্তু অতি পৰিতাপৰ কথা যে আজিও কলেজখনত শিক্ষা বিভাগে আৰম্ভ নকৰিলে পাঠদান ।

জানিব পৰা অনুসৰি, কলেজৰ বাবে নিৰ্মাণ কৰা আটকধুনীয়া গৃহটো নিৰ্বাচন আহিলে আৰ্মী, নিৰাপত্তাৰক্ষী থকা গৃহ হিচাপে ব্যৱহাৰ কৰি আহিছে প্ৰশাসনে । প্ৰশাসনৰ এই কাৰ্যক লৈ অসন্তুষ্টি প্ৰকাশ অঞ্চলটোৰ ৰাইজে ।
- কলেজখনত শিক্ষাবৰ্ষ আৰম্ভ কৰিবলৈ দাবী ৰাইজৰ :
নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছতো লাহোৱালৰ বচা পথাৰত নিৰ্মাণ হোৱা কলেজত শিক্ষাবৰ্ষ আৰম্ভ নোহোৱাক লৈ স্থানীয় এজন ব্যক্তিয়ে কয়, "২০১৯ চনত সেই সময়ৰ লাহোৱালৰ বিধায়ক ঋতুপৰ্ণ বৰুৱাৰ প্ৰচেষ্টাত কলেজখন নিৰ্মাণ হৈছিল । তেওঁৰ ঠাইত আন এজন বিধায়ক আহিল যদিও তেওঁ কলেজখনক লৈ কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে । ভিতৰৰ অঞ্চলত স্থাপন কৰা হৈছিল কলেজখন ।’’

আন এগৰাকী স্থানীয় মহিলাই কয়, ‘‘এই কলেজখন আৰম্ভ হ'লে ছাত্ৰ-ছাত্ৰীৰ বহুত সুবিধা হ'লহেতেন । চৰকাৰে কলেজখনত পাঠদান আৰম্ভ কৰা হ'লে গ্ৰাম্য অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী উপকৃত হ'ব । কলেজখনৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছতো শিক্ষা বিভাগে নিজৰ দায়িত্বত ল'ব বিচৰা নাই, তাৰ বাবে আমি বৰ দুঃখিত । কলেজখন এনেকৈ পেলাই থলে ক্ৰমাৎ জৰাজীৰ্ণ হৈ যাব ৷ সেয়ে চৰকাৰে অতি সোনকালে কলেজখনত শিক্ষাবৰ্ষ আৰম্ভ কৰিব লাগে ।’’