সমাপ্ত হ’ল গঁড়ৰ খৰ্গৰ ডি এন এ পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহৰ প্ৰাৰম্ভিক কাম
১৯৭০-৮০ ৰ গঁড়ৰ খৰ্গৰ ডি এন এ নমুনা প্ৰেৰণ কৰা হ'ব ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ জেনেটিক্স লেব'ৰেটৰীলৈ ।

Published : July 11, 2025 at 9:31 PM IST
কাজিৰঙা: ২০২১ চনৰ ২২ ছেপ্তেম্বৰত বিশ্ব গঁড় দিৱসৰ দিনটোতেই অসমত দাহ কৰা হৈছিল ২,৪৭৯ টা গঁড়ৰ খৰ্গ । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত তথা উপস্থিতিত এই সমগ্ৰ কাৰ্যসূচী সম্পন্ন হৈছিল গোলাঘাট জিলাৰ বোকাখাতত । ইমান সংখ্য়ক গঁড়ৰ খৰ্গ একেলগে দাহ কৰিলেও প্ৰতিটো গঁড়ৰ খৰ্গৰ পৰা এটা অংশ গৱেষণাৰ উদ্দেশ্যে সংগ্ৰহ কৰি কাজিৰঙাত ৰখা হৈছিল ৷
কাজিৰঙাত গঁড়ৰ খৰ্গৰ জিনীয় বিশ্লেষণৰ বাবে চলা খৰ্গৰ নমুনা সংগ্ৰহৰ কাম সমাপ্ত হৈছে ৷ সংগ্ৰহ কৰা নমুনা সমূহ ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰা হৈছে ৷
এই সন্দৰ্ভত শুকুৰবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক ড৹ সোণালী ঘোষে কয়, "২০২১ চনৰ ছেপ্টেম্বৰ মাহত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত গঁড়ৰ খৰ্গৰ সমূহীয়া দাহ কৰা হৈছিল ৷ দাহ কৰাৰ পূৰ্বে জিনীয় তথা ৰাসায়নিক বিশ্লেষণৰ পৰিকল্পনাৰে প্ৰতিটো গঁড়ৰ খৰ্গৰ পৰা ১/২ গ্ৰামকৈ ৰাখি থোৱা হৈছিল ৷ এতিয়া জিনীয় বিশ্লেষণৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে । ডীপ ফ্ৰীজত ৰাখি থোৱা গঁড়ৰ খৰ্গৰ উক্ত অংশ সমূহ দুটা ভাগত পৃথক কৰি এটা ভাগ Wildlife Institute of India ৰ জেনেটিক লেব'ৰেটৰীলৈ প্ৰেৰণ কৰা হৈছে ৷"
১৯৭০-৮০ ৰ গঁড়ৰ খৰ্গৰ নমুনা সংগ্ৰহ :
প্ৰায় ২৫০০ টা গঁড়ৰ খৰ্গৰ ডিএনএৰ নমুনা সংগ্ৰহ কৰা হৈছে বুলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালকগৰাকীয়ে উল্লেখ কৰি কয়, "এই বিশ্লেষণৰ যোগেদি বহু তথ্য পোৱা যাব । দাহ কৰা খৰ্গ সমূহ যাৰ কিছু অংশ সংগ্ৰহ কৰি ৰখা হৈছিল, তাৰে কিছু সংখ্যক খৰ্গ ১৯৭০/৮০ চনৰ ৷ জিনীয় বিশ্লেষণ সম্পন্ন হ’লে এনেক্ষেত্ৰত বিভিন্ন স্থানৰ গঁড়ৰ ‘জেনেটিক্স অ’ৰিজিন’ৰ তথ্য পোৱাৰ লগতে বন্যপ্ৰাণী অপৰাধৰ সন্দৰ্ভত বহুখিনি তথ্য পোৱা যাব ৷ "

গঁড়ৰ খৰ্গৰ নাই ঔষধি গুণ :
ইফালে, এক বিজ্ঞপ্তিযোগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে, ২০২১ বৰ্ষৰ ২২ ছেপ্তেম্বৰত অসমৰ বিভিন্ন কোষাগাৰৰ লগতে ৰাজ্যখনৰ বন বিভাগৰ বিভিন্ন মালখানাত মজুত থকা গঁড়ৰ খৰ্গ নষ্ট কৰি পেলোৱা হৈছিল ৷ মুঠ ২,৬২৩টা গঁড়ৰ খৰ্গ একত্ৰিত কৰি আৰু কোনো ধৰণৰ স্বকীয়তা থকা খৰ্গ বা আদালতৰ গোচৰত জড়িত খৰ্গৰ বাহিৰে বাকী সকলোবোৰ গঁড়ৰ খৰ্গ দাহ কৰা হৈছিল । মূলতঃ গঁড়ৰ খৰ্গৰ যে কোনো ঔষধি গুণ নাই সেই কথা জনসাধাৰণৰ মাজত প্ৰচাৰ কৰি অন্ধবিশ্বাস দূৰ কৰাৰ উদ্দেশ্যেই এই পদক্ষেপ হাতত লোৱা হৈছিল ৷
প্ৰতিটো গঁড়ৰ খৰ্গ ডি এন এ প্ৰ'ফাইল নথিভুক্ত কৰাৰ লক্ষ্য়:
চলিত বৰ্ষৰ বিগত ৩ জুলাইৰ পৰা ৮ জুলাইৰ ভিতৰত কাজিৰঙাৰ কহঁৰাত জিনীয় বিশ্লেষণৰ বাবে খৰ্গৰ নমুনা সংগ্ৰহৰ কাম সম্পন্ন কৰা হয় ৷ ৰাজ্যৰ মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেনৰ দ্বাৰা অনুমোদিত নীতি নিৰ্দেশনা অনুসৰি বিশেষ দল এটাই কাজিৰঙাত এই প্ৰক্ৰিয়া আৰম্ভ কৰে ৷ ডেৰাডুনস্থিত ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ জেনেটিক্স লেব'ৰেটৰীত ডাঃ সম্ৰাট মণ্ডলৰ তত্বাৱধানত ৰোডিছ ইণ্ডিয়া কাৰ্যসূচীৰ অধীনত এই গঁড়ৰ খৰ্গৰ নমুনাৰ ডি এন এ বিশ্লেষণৰ কাম কৰা হ’ব । এই বিশ্লেষণৰ লক্ষ্য হৈছে প্ৰতিটো গঁড়ৰ খৰ্গ ডি এন এ প্ৰ'ফাইল নথিভুক্ত কৰা আৰু ইয়াক RhoDIS India DNA ডাটা লাইব্ৰেৰীত যোগ কৰা ।

বিজ্ঞপ্তিত লগতে উল্লেখ কৰা মতে, ভাৰতৰ পৰিৱেশ আৰু বন মন্ত্ৰালয়, ভাৰতৰ গঁড় বহনকাৰী ৰাজ্য, ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠান আৰু বিশ্ব প্ৰকৃতি নিধি চমুকৈ ডব্লিউ ডব্লিউ এফ ইণ্ডিয়াৰ সহযোগত ২০১৬ চনৰ পৰা ভাৰতত ক্ষেত্ৰভিত্তিকভাৱে আৰম্ভ কৰা হৈছিল RhoDIS India কাৰ্যসূচী । ৰ’ডিছ ইণ্ডিয়া কাৰ্যসূচীয়ে দুটা বহল উদ্দেশ্যৰে কাম কৰি আছে। এটা হৈছে অপৰাধৰ তদন্ত বৈজ্ঞানিকভাৱে উন্নত কৰা আৰু দ্বিতীয়টো হৈছে ভাৰতত গঁড়ৰ জনসংখ্যাৰ বৈজ্ঞানিক ব্যৱস্থাপনাৰ বাবে কাৰিকৰী সহায় আগবঢ়োৱা ।

