ETV Bharat / state

নাম উল্লেখ নকৰাকৈ এগৰাকী সাংসদৰ পত্নীক লৈ মুখ্যমন্ত্রীৰ প্ৰতিক্ৰিয়া : কাৰ প্ৰসংগত কি ক'লে সামাজিক মাধ্যমত

আওপকীয়াকৈ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ ক’লবাৰ্ণ গগৈৰ নাগৰিকত্বক, পাকিস্তানৰ সৈতে সম্পৰ্কক লৈ মুখ্যমন্ত্ৰী শৰ্মাৰ বাক্যবাণ ।

DM HIMANTA BISWA SARMA
সাংসদ গৌৰৱ গগৈ আৰু পত্নী এলিজাবেথ ক’লবাৰ্ণ গগৈ (Etv Bharat)
author img

By ETV Bharat Assamese Team

Published : February 12, 2025 at 4:38 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: এডভাণ্টেজ আছাম ২.০ৰ প্ৰচাৰৰ বাবে ছিংগাপুৰত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে সামাজিক মাধ্যমত দিয়া কেইবাটাও পোষ্টে বিশেষ তাৎপৰ্য বহন কৰিছে । কাৰো নাম উল্লেখ কৰা নাই যদিও মুখ্যমন্ত্ৰীৰ পোষ্টকেইটাত সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ ক’লবাৰ্ণ গগৈক টাৰ্গেট কৰা পৰিলক্ষিত হৈছে । সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ ক’লবাৰ্ণ গগৈকলৈ শেহতীয়াকৈ সৃষ্টি হোৱা বিতৰ্ক সন্দৰ্ভত মুখ্যমন্ত্রীয়ে পৰোক্ষভাৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ।

নাম উল্লেখ নকৰাকৈ গৌৰৱ গগৈৰ পত্নীক টাৰ্গেট কৰি মুখ্যমন্ত্ৰীয়ে এটা পোষ্টত কয়, "ছিংগাপুৰত ভাৰতীয় বৈদেশিক সেৱাৰ এগৰাকী বিষয়াৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত জানিব পাৰিলোঁ যে ভাৰত চৰকাৰৰ অনুমতি অবিহনে ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়াসকলে বিদেশী নাগৰিকক বিয়া কৰাব নোৱাৰে । তদুপৰি অনুমতি পোৱাৰ পাছতো এক চৰ্তাৱলী থাকে যে পত্নীয়ে ছমাহৰ ভিতৰত ভাৰতীয় নাগৰিকত্ব লাভ কৰিব লাগিব । আমোদজনকভাৱে এই নিয়ম আমাৰ সাংসদসকলৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় । তদুপৰি সাংসদৰ বিদেশী পত্নীয়ে ১২ বছৰ কাল বিদেশী নাগৰিকত্বৰ সৈতে থাকিবলৈ পোৱাৰ দৰে বিষয়সমূহ ভাবি চাবলগীয়া । আন সকলো বিবেচনাতকৈ জাতিৰ প্ৰতি আনুগত্যই সদায় অগ্ৰাধিকাৰ পোৱাটো উচিত ।" নাম উল্লেখ নকৰিলেও মুখ্যমন্ত্রীয়ে সাংসদ গৌৰৱ গগৈৰ পত্নীৰ কথাই উল্লেখ কৰিছে ।

মুখ্যমন্ত্রীয়ে সামাজিক মাধ্যমত দিয়া আন এটা পোষ্ট যোগে কয়, "কিছুমান গুৰুতৰ প্ৰশ্নৰ উত্তৰ দিব লাগিব । আই এছ আইৰ সৈতে সম্পৰ্কৰ অভিযোগ, ব্রেইনৱাছ কৰি যুৱক-যুৱতীক মৌলবাদ বিয়পোৱাৰ উদ্দেশ্যে ব্যৱহাৰ কৰিবলৈ পাকিস্তান দূতাবাসলৈ লৈ যোৱা তথা ১২ বছৰ ধৰি ভাৰতীয় নাগৰিকত্ব ল'বলৈ অস্বীকাৰ কৰাৰ সন্দৰ্ভত উঠা প্রশ্নসমূহৰ উত্তৰ দিব লাগিব । তদুপৰি ৰাষ্ট্ৰীয় নিৰাপত্তা অস্থিৰ কৰাৰ বাবে ধর্মান্তৰকৰণ জোঁটত অংশগ্ৰহণ আৰু জৰ্জ ছ’ৰছকে ধৰি বাহ্যিক উৎসৰ পৰা পুঁজি লাভ কৰা আদি হৈছে গুৰুতৰ উদ্বেগপূর্ণ বিষয়, যাক কেতিয়াও এৰি দিব নোৱাৰি । কিছু ক্ষেত্রত দায়বদ্ধতাৰ প্ৰয়োজন হয় । কেৱল দায়িত্বচ্যুত কৰি বা বেলেগ দিশলৈ মনোযোগ স্থানান্তৰ কৰি বিপথে পৰিচালিত কৰাৰ চেষ্টাৰে মূল বিষয়ৰ পৰা হাত সাৰিব নোৱাৰিব । আজি দেশে লুকঢাক নোহোৱাকৈ প্ৰকৃত সত্যক জানিবলৈ বিচাৰে । সোনকালে হওক বা পলমকৈ হওক—জৰ্জ ছৰছৰ পৰিস্থিতিতন্ত্ৰৰ নেতৃত্বত কেনেদৰে বৈদেশিক শক্তিয়ে ২০১৪ চনত অসম কংগ্ৰেছৰ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্তক প্ৰভাৱিত কৰিছিল, সেই কথা জানিবলৈ পোৱা যাব । আশা ৰাখিছোঁ, যথা সময়ত সত্য নিশ্চিতভাৱে পোহৰলৈ আহিব ।"

উল্লেখ্য যে লোকসভাৰ বিৰোধী উপ-দলপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ ক’লবাৰ্ণ গগৈৰ বিৰুদ্ধে উত্থাপিত হৈছে চাঞ্চল্যকৰ অভিযোগ । অভিযোগ অনুসৰি এলিজাবেথ ক’লবাৰ্ণ গগৈৰ পাকিস্তানৰ সৈতে আছিল ঘনিষ্ঠ সম্পৰ্ক । অকল সেয়াই নহয় মাৰ্কিন ‘ডীপষ্টেট’ৰ প্ৰবক্তা তথা ৰাষ্ট্ৰীয়তাবাদ বিৰোধী হিচাপে পৰিচিত জৰ্জ ছৰছৰ সৈতেও এলিজাবেথ ক’লবাৰ্ণ গগৈৰ সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন হৈছে । যাকলৈ আজি সামাজিক মাধ্যম যোগে কাৰো নাম নোলোৱাকৈ মুখ্যমন্ত্রীয়ে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।

লগতে পঢ়ক: ছিংগাপুৰত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা: ছিংগাপুৰৰ ৰাষ্ট্ৰপতিৰ সৈতে বিশেষ সাক্ষাৎ