ETV Bharat / state

কলিয়াবৰত মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ শুভ উদ্বোধন মন্ত্ৰী কেশৱ মহন্তৰ - CMs Nijut Moina Achani

author img

By ETV Bharat Assamese Team

Published : Aug 8, 2024, 4:55 PM IST

CMs Nijut Moina Achani : মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ শুভাৰম্ভণি । ৰাজ্যত ৫ বছৰত মুঠ ১০ লাখ ছাত্ৰীয়ে লাভ কৰিব এই আঁচনিৰ সুবিধা । কলিয়াবৰতো শুভাৰম্ভ মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি ।

CMs Nijut Moina Achani
কলিয়াবৰত মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ শুভ উদ্বোধন মন্ত্ৰী কেশৱ মহন্তৰ (ETV Bharat Assam)

কলিয়াবৰ, ৮ আগষ্ট : ৰাজ্যৰ উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰীসকলৰ বাবে সুখবৰ । একাদশ শ্ৰেণীৰ পৰা স্নাতকোত্তৰ শ্ৰেণীলৈকে অধ্যয়ন কৰিব বিচৰা ছাত্ৰীসকলৰ বাবে অসম চৰকাৰে লৈ আনিছে এক বিশেষ আঁচনি । অসম চৰকাৰৰ এই অভিলাষী আঁচনি 'মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি' বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । আনহাতে, প্ৰতিখন জিলাতে একেলগে এই আঁচনিৰ শুভ উদ্বোধন কৰা হয় । কলিয়াবৰত আঁচনিখনৰ শুভ উদ্বোধন কৰে মন্ত্ৰী কেশৱ মহন্তই ।

উল্লেখ্য যে এই আঁচনিৰ অধীনত চলিত বৰ্ষৰ পৰা একাদশ শ্ৰেণীত নামভৰ্তি কৰা প্ৰতিগৰাকী যোগ্য ছাত্ৰীয়ে মাহিলি ১০০০ টকাকৈ সৰ্বাধিক ১০ মাহলৈ বছৰত মুঠ ১০,০০০ টকা লাভ কৰিব । আনহাতে, স্নাতক প্ৰথম বৰ্ষত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীয়ে মাহিলি ১২৫০ টকাকৈ সৰ্বাধিক ১০ মাহৰ বাবে বছৰত মুঠ ১২,৫০০ টকা লাভ কৰিব । ইয়াৰ উপৰি স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তি কৰিব বিচৰা যোগ্য ছাত্ৰীসকলে এই আঁচনিৰ অধীনত মাহে ১৫০০ টকাকৈ সৰ্বাধিক ১০ মাহৰ বাবে বছৰত ১৫০০০ টকা লাভ কৰিব ।

ৰাজ্য চৰকাৰে উচ্চ শিক্ষাত কন্যা শিক্ষাৰ্থীৰ নামভৰ্তি বৃদ্ধি কৰা, অধিকসংখ্যক ছাত্ৰীৰ বাবে উচ্চ শিক্ষা লাভৰ বাট প্ৰশস্ত কৰা আৰু বাল্যবিবাহ ৰোধৰ ক্ষেত্ৰত অৰিহণা যোগোৱাৰ উদ্দেশ্যেৰে চলিত বছৰৰ পৰা আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি । আনহাতে, কলিয়াবৰ মহাবিদ্যালয়ত অনুষ্ঠিত আঁচনিখনৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকি আঁচনিখনৰ শুভাৰম্ভ কৰে মন্ত্ৰী কেশৱ মহন্তই ৷

নিজৰ ভাষণ প্ৰসংগত মন্ত্ৰী কেশৱ মহন্তই কন্যা শিক্ষাৰ্থীৰ উচ্চ শিক্ষাত সহায়ক হোৱাকৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই লোৱা এই পদক্ষেদক আদৰণি জনায় ৷ তেওঁ কয়, "এই আঁচনিখনৰ জৰিয়তে বিদ্যালয়ত ছাত্ৰীৰ নিয়মীয়া অধ্যয়ন, শিক্ষাৰ হাৰ বৃদ্ধি আৰু বাল্যবিবাহ ৰোধ হ'ব ৷" অনুষ্ঠানত কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যক্ষৰ লগতে মহাবিদ্যালয়খনৰ শিক্ষক সমাজ, গণ্য-মান্য ব্যক্তি তথা ছাত্ৰীসকল উপস্থিত থাকে ।

উল্লেখ্য যে কোনো ছাত্ৰী যদি একেটা শ্ৰেণীতে অনুত্তীৰ্ণ হৈ থাকে, তেন্তে তেওঁ এই আঁচনিৰ পৰা বঞ্চিত হ’ব লাগিব । আনহাতে, এই আঁচনিৰ সুবিধা চৰকাৰে প্ৰদান কৰা স্কুটি নোলোৱা ছাত্ৰীয়েহে লাভ কৰিব । ৰাজ্য চৰকাৰে এই আঁচনিখনৰ বাবে বান্ধি দিয়া চৰ্ত অনুসৰি, স্কুটি আৰু নিযুত মইনাৰ ভিতৰত যিকোনো এখন আঁচনিহে ছাত্ৰীসকলে বাছি ল’ব লাগিব । একেলগে দুয়োখন আঁচনিৰ সুবিধা লাভ নকৰিব ।

ৰাজ্যত ৫ বছৰত মুঠ ১০ লাখ ছাত্ৰীয়ে এই আঁচনিখনৰ সুবিধা লাভ কৰিব । আঁচনিখনৰ বাবে অসম চৰকাৰে ৩০০ কোটি টকা ধাৰ্য কৰিছে । উল্লেখ্য যে দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে এই আঁচনিৰ শুভাৰম্ভ কৰে ।

লগতে পঢ়ক :অসমৰ ১২ খন জিলাত আমি ইতিমধ্যেই সংখ্যালঘু হৈ পৰিছো : বাংলাদেশৰ পৰিস্থিতিক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী - ASSAM CM ON BANGLADESH VIOLENCE
লগতে পঢ়ক :কেতিয়া পাব স্থায়ী চাকৰি ? চৰকাৰৰ বিৰুদ্ধে ওলাই আহিল শক্তি বিভাগৰ অস্থায়ী কৰ্মচাৰী - APDCL CONTRUCTUAL EMPLOYEES PROTEST

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.