Bihar Election Results 2025

ETV Bharat / state

উৎকোচ বিচাৰি চি এম ভিজিলেঞ্চৰ জালত পৰিল আয়ুস মন্ত্ৰালয়ৰ জিলা প্ৰৱন্ধক

কৰ্মচাৰীৰ দৰমহা কৰ্তনৰ ভাবুকিৰে উৎকোচ বিচৰাৰ অভিযোগ নগাঁৱৰ আয়ুস মন্ত্ৰালয়ৰ জিলা প্ৰৱন্ধকৰ বিৰুদ্ধে । এইবাৰ পৰিল জালত ।

CM Vigilance arrests the district officer of Ayush Ministry over bribery allegations in Nagaon
চি এম ভিজিলেঞ্চৰ জালত আয়ুস মন্ত্ৰালয়ৰ নগাঁও জিলা প্ৰবন্ধক শ্ৰৱণ বৰা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 10, 2025 at 9:18 AM IST

2 Min Read
Choose ETV Bharat

নগাঁও : একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ লগতে দুৰ্নীতি নিবাৰক শাখায়ো ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে । এজনৰ পাছত আন এজন দুৰ্নীতিগ্ৰস্ত বিষয়া জালত পৰাৰ পাছতো যেন শিক্ষা লোৱা নাই অৰ্থলোভী একাংশ চৰকাৰী বিষয়া, কৰ্মচাৰীয়ে । দৰমহাৰ টকাৰে পেট নভৰা এনে একাংশ লোভীয়া চৰকাৰী বিষয়া, কৰ্মচাৰীৰ বিৰুদ্ধে চি এম ভিজিলেঞ্চ আৰু দুৰ্নীতি নিবাৰক শাখা অভিযান অব্যাহত ৰখাৰ সময়তেই পুনৰ চি এম ভিজিলেঞ্চৰ জালত পৰিছে এজন চৰকাৰী বিষয়া ।

আয়ুস মন্ত্ৰালয়ৰ নগাঁও জিলা প্ৰবন্ধক শ্ৰৱণ বৰাৰ বিৰুদ্ধে উৎকোচ বিচৰাৰ অভিযোগ লাভ কৰি চি এম ভিজিলেঞ্চৰ দলে বৃহস্পতিবাৰে অভিযান চলাই নগাঁৱৰ আয়ুস মন্ত্ৰালয়ৰ জিলা কাৰ্য্যালয়ত । চি এম ভিজিলেঞ্চৰ দলটোৱে বৃহস্পতিবাৰে চলোৱা অভিযানত উৎকোচৰ ধন লোৱাৰ সময়তেই চি এম ভিজিলেঞ্চৰ জালত পৰে আয়ুস মন্ত্ৰালয়ৰ নগাঁও জিলা প্ৰবন্ধক শ্ৰৱণ বৰা ।

চি এম ভিজিলেঞ্চৰ জালত পৰিল আয়ুস মন্ত্ৰালয়ৰ জিলা প্ৰৱন্ধক (ETV Bharat Assam)

আয়ুস মন্ত্ৰালয়ৰ অধীনত নগাঁও জিলাত কৰ্মৰত একাংশ CHW কমিউনিটি হেল্থ ৱৰ্কাৰ হিচাপে নিয়োজিত একাংশৰ পৰা মাহিলি পৰিতোষিকৰ ধন কৰ্তনৰ ভাবুকিৰে প্ৰতিমাহেই উৎকোচ বিচৰাৰ অভিযোগ আছে জিলা প্ৰৱন্ধক শ্ৰৱণ বৰাৰ বিৰুদ্ধে ।

CM Vigilance arrests the district officer of Ayush Ministry over bribery allegations in Nagaon
আয়ুস মন্ত্ৰালয়ৰ জিলা প্ৰৱন্ধকক গ্ৰেপ্তাৰ (ETV Bharat Assam)

এগৰাকী কমিউনিটি হেল্থ ৱৰ্কাৰে জানিবলৈ দিয়া অনুসৰি, "ছমাহ, সাত মাহৰ মূৰে মূৰে জিলা প্ৰৱন্ধকে দিয়া ৰিপৰ্টৰ ভিত্তিত হেল্থ ৱৰ্কাৰসকলে লাভ কৰে পাৰিতোষিক । কিন্তু মাহিলি ৰিপৰ্ট প্ৰস্তুত কৰাৰ নামত ছমাহ, সাত মাহৰ মূৰে মূৰে ২০-৩০ টকা পৰ্যন্ত উৎকোচ বিচৰিছিল শ্ৰৱণ বৰাই ।"

এনে আন এগৰাকী হেল্থ ৱৰ্কাৰৰ অভিযোগৰ ভিত্তিত বৃহস্পতিবাৰে আয়ুস মন্ত্ৰালয়ৰ নগাঁও জিলা কাৰ্যালয়ত অভিযান চলাই উৎকোচ লৈ থকা অৱস্থাত জিলা প্ৰৱন্ধক শ্ৰৱণ বৰাক হাতেলোটে আটক কৰা বুলি জানিব পৰা গৈছে ।

CM Vigilance arrests the district officer of Ayush Ministry over bribery allegations in Nagaon
দৰমহা কৰ্তনৰ ভাবুকিৰে উৎকোচ বিচৰাৰ অভিযোগ (ETV Bharat Assam)

উৎকোচ লৈ থকা অৱস্থাত বৃহস্পতিবাৰে চি এম ভিজিলেঞ্চৰ দলে আটক কৰা আয়ুস মন্ত্ৰালয়ৰ জিলা প্ৰৱন্ধক শ্ৰৱণ বৰাক অধিক জেৰাৰ বাবে গুৱাহাটীলৈ লৈ যোৱা বুলিও জানিব পৰা গৈছে ।

লগতে পঢ়ক: ৰিণিকি বৌৱেকলৈ দেওৰ অখিল গগৈৰ মুকলি চিঠি

শুকুৰবাৰে ঘোষণা হ'ব অসম আৰক্ষীৰ উপ-পৰিদৰ্শক আৰু এ ডি আৰ ইৰ তৃতীয় বৰ্গৰ ফলাফল