ETV Bharat / state

বিহুৰ পাছত ঝুমুৰ নৃত্যৰে বিশ্ববাসীক চমক দিয়াৰ বাবে সাজু অসম চৰকাৰ

দিছপুৰত এডভাণ্টেজ আছাম আৰু ‘ঝুমইৰ বিনন্দিনী’ৰ প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনা মুখ্যমন্ত্ৰীৰ ৷

Advantage Assam 2
মুখ্যমন্ত্ৰীৰ পৰ্যালোচনা বৈঠক (Etv Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 6, 2025 at 9:42 PM IST

|

Updated : February 6, 2025 at 9:58 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: বিহুৰ পাছত বিশাল পৰিৱেশত ঝুমুৰ নৃত্যৰে অভিলেখ গঢ়াৰ বাবে সাজু হৈছে অসম চৰকাৰ । ইয়াৰ বাবে প্ৰস্তুতি পূণোদ্যমে চলাৰ উপৰি এখনৰ পাছত আনখনকৈ চলিছে পৰ্যালোচনা বৈঠক । প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ২৪ ফেব্ৰুৱাৰীৰ সন্ধিয়া গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়াম ঝুমুৰ নৃত্যৰে মুখৰিত হৈ পৰিব । অহা ২৪ ফেব্ৰুৱাৰীৰ সন্ধিয়া গুৱাহাটীত উপস্থিত হ'ব প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু সৰুসজাই ষ্টেডিয়ামত উপভোগ কৰিব সামূহিক ঝুমুৰ নৃত্য । ইয়াৰ পিছত ২৫ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্রীয়ে এডভাণ্টেজ আছাম ২.০ সন্মিলনত অংশগ্ৰহণ কৰিব । ইয়াৰ বাবে ব্যস্ততাৰ অন্ত নোহোৱা হৈছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ।

ঝুমইৰ নৃত্য আৰু এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণকলৈ আজি দিছপুৰৰ লোকসেৱা ভৱনত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন এডভাণ্টেজ আছাম ২.০ আৰু অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া 'ঝুমইৰ বিনন্দিনী' শীৰ্ষক মেগা ঝুমইৰ নৃত্য অনুষ্ঠানৰ বিষয়ে আলোচনাৰ বাবে আজি লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বৈঠকখন অনুষ্ঠিত হয় । কেইবাগৰাকী মন্ত্ৰী আৰু অসম চৰকাৰৰ জ্যেষ্ঠ বিষয়াৰ উপস্থিতিত অনুষ্ঠিত বৈঠকখনত দুয়োটা অনুষ্ঠান সফলতাৰে তথা সুপৰিকল্পিতভাৱে সম্পন্ন কৰিবলৈ মুখ্যমন্ত্ৰীয়ে বিভিন্ন দিশ পৰ্যালোচনা কৰাৰ লগতে দিহা-পৰামৰ্শ প্ৰদান কৰে ।

বৈঠকত ৭৫০০ৰো অধিক ঝুমইৰ শিল্পীৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হ'বলগীয়া ‘ঝুমইৰ বিনন্দিনী’ অনুষ্ঠানৰ অগ্ৰগতিৰ সন্দৰ্ভত পৰ্যালোচনা কৰা হয় । বৈঠকত ঝুমুৰ নৃত্যানুষ্ঠান আয়োজনৰ দিশত মূল সমিতি, আতিথ্য সমিতি, চিকিৎসা সমিতি, কাৰিকৰী সমিতি আদিৰ বৰ্তমানলৈকে হোৱা অগ্ৰগতিৰ লগতে যান-বাহন ব্যৱস্থাপনাৰ অৰ্থে আৰক্ষীয়ে লোৱা পৰিকল্পনা, শিল্পীসকলক ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা গুৱাহাটীলৈ সুকলমে অনা-নিয়াৰ ব্যৱস্থা, তেওঁলোকৰ থকা-মেলাৰ সুবিধা আদি বিভিন্ন দিশৰ বুজ লয় মুখ্যমন্ত্রীয়ে । এই অনুষ্ঠান যাতে প্ৰতিখন জিলাৰ বাগানসমূহত পোনপটীয়াকৈ প্ৰদৰ্শন কৰিব পৰা যায় তাৰবাবে জিলা আয়ুক্তসকলক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ দিয়া হয় । সমগ্ৰ অনুষ্ঠানস্থলীত যাতে বিশুদ্ধ খোৱাপানী যোগান তথা অনাময় ব্যৱস্থা সুনিশ্চিত হয় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশনা প্ৰদান কৰে ।

Advantage Assam 2
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

বৈঠকতে ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়‍ এডভাণ্টেজ আছাম ২.০ সন্মিলনৰ উদ্বোধনী অনুষ্ঠান, অংশগ্ৰহণ কৰিবলগীয়া সংস্থা আৰু প্ৰতিষ্ঠানসমূহ আদিৰ বুজ লৈ সন্মিলনত অংশগ্ৰহণ কৰিবলগীয়া ব্যক্তিসকলৰ আতিথ্য, থকা-লোৱা, পৰিবহণ আদিকে ধৰি বিভিন্ন ব্যৱস্থাৱলীৰ পৰ্যালোচনা কৰি মুখ্যমন্ত্রীয়ে যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে । সন্মিলনস্থলীত অসমৰ চাহ আৰু থলুৱা বস্ত্ৰ শিল্পক যাতে উপযুক্তভাৱে প্ৰদৰ্শিত কৰা হয় সেই দিশতো গুৰুত্ব প্ৰদান কৰা হয় । বৈঠকত মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত, অশোক সিংহল, ইউ জি ব্ৰহ্ম, পীযুষ হাজৰীকা, অজন্তা নেওগ, জয়ন্ত মল্ল বৰুৱা, বিমল বড়াকে ধৰি কেইবাগৰাকী মন্ত্রী, মুখ্য সচিব ড৹ ৰবি কোটাৰ লগতে ভালেসংখ্যক চৰকাৰী উচ্চপদস্থ বিষয়া উপস্থিত আছিল ।

লগতে পঢ়ক: নতুন দিল্লীত প্রধানমন্ত্রী, বিত্ত মন্ত্রীকে ধৰি ছগৰাকী কেন্দ্রীয় মন্ত্রীক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ

নতুন ৰূপত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনাছ

Last Updated : February 6, 2025 at 9:58 PM IST