পুনৰ অখিল গগৈৰ পত্নীক লৈ মুখ্যমন্ত্রীৰ প্ৰতিক্ৰিয়া
অখিল গগৈৰ অধ্যাপিকা পত্নীৰ চাকৰিৰ নিযুক্তিক লৈ মুখ্যমন্ত্ৰী শৰ্মা আৰু বিধায়ক গগৈৰ বাক-বিতণ্ডা অব্যাহত আছে ৷

Published : February 24, 2025 at 10:05 AM IST
গুৱাহাটী : বিধায়ক অখিল গগৈ আৰু মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ মাজত অব্যাহত আছে বাকযুদ্ধ । কোনেও কাকো এৰি দিয়া নাই । আজি বিধায়ক অখিল গগৈয়ে সংবাদমেলযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পাছতে মুখ্যমন্ত্রীয়েও ব্যক্ত কৰে প্ৰতিক্ৰিয়া । দেওবাৰে দিছপুৰত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্রীয়ে কয়, "অখিল গগৈয়ে কি তৰ্ক-বিতৰ্ক কৰি আছে মই নাজানো । তদন্ত কিয় লাগে । ৰাইজে নিজেই তদন্ত কৰি দিলে । অখিল গগৈ পত্নী দ্বিতীয় বিভাগত উৰ্ত্তীৰ্ণ হৈছে বুলি ৰাইজে কৈছে । তাত আৰু পৃথক কৈ তদন্ত কৰাৰ কি প্ৰয়োজন আছে ।"
তেওঁ আৰু কয়, "এগৰাকী অধ্যাপিকাই ইতিমধ্যে কৈছে । ডালিমী কাকতিৰ মাৰ্কশ্বীটখন চাই ল'লেই হ'ল । চোকা প্ৰাৰ্থী আছিল যদিও চাকৰি নাপালে । বি বৰুৱা কলেজত নিযুক্তিক লৈ মই পূৰ্বে অসন্তুষ্ট আছিলো । তেতিয়া মই মৌখিক নম্বৰ দিয়াটো বন্ধ কৰিছিলো । অখিল গগৈৰ পত্নীয়ে অৰেলত নম্বৰ পাইছিল । অখিল গগৈয়ে ডামিলী কাকতিৰ ঘৰত গৈ মাৰ্কশ্বীটখন চাই ল‘ব লাগে । তেওঁলোকেহে মানুহৰ ঘৈণীয়েকক টানি আনিছে । সেই বাবেহে এই গণ্ডগোলবোৰ হৈ আছে ।"
উল্লেখ্য যে শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ পত্নী গীতাশ্ৰী তামুলীৰ শিক্ষাগত অৰ্হতাকলৈ বিগত কেইবাদিন ধৰি বিতৰ্ক চলি আছে । মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈৰ পত্নীৰ চাকৰিৰ বৈধতাকলৈ বিধানসভাত প্ৰশ্ন উত্থাপন কৰিছিল । সেই অভিযোগৰ পাছতে অখিল গগৈয়ে মুখ্যমন্ত্রীক তদন্ত কৰাৰ বাবে প্ৰত্যাহ্বান জনাইছিল । আনকি তদন্ত কৰাৰ বাবে পত্র দি আহ্বান জনাইছিল । আনহাতে অখিল গগৈৰ পত্নীয়েও উত্থাপিত অভিযোগ সন্দৰ্ভত তদন্ত কৰাৰ বাবে মহাবিদ্যালয়খনৰ অধ্যক্ষ আৰু উচ্চ শিক্ষাৰ সঞ্চালকলৈ পত্র দিছিল । এই প্ৰসংগকলৈ ৰাজনৈতিক মহল উত্তপ্ত হৈ থকাৰ লগতে সামাজিক মাধ্যমতো ব্যাপক প্ৰতিক্ৰিয়া হৈছে ।

