ETV Bharat / state

আপোনালোকে লিখি দিয়ক তেওঁ সাংবাদিক বুলি, মই এতিয়াই এৰি দিম: মুখ্যমন্ত্ৰী - JOURNALIST DILWAR HUSSAIN MOZUMDER

সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰে নতুন মোৰ লৈছে । মুখ্যমন্ত্ৰীয়েও আকাৰে-ইংগিতে তাকেই বুজালে ৷

CM reaction about journalist Dilawar Hussain Majumdar's arrest
সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰৰ প্ৰসংগত কি ক'লে মুখ্যমন্ত্রীয়ে ! (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 27, 2025 at 10:51 PM IST

4 Min Read

গুৱাহাটী: সাংবাদিক তথা গুৱাহাটী প্ৰেছ ক্লাৱৰ সহকাৰী সম্পাদক দিলোৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰ কৰা ঘটনা সন্দৰ্ভত বৃহস্পতিবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ।

অসম কো-অপাৰেটিভ এপেক্স বেংকৰ দুৰ্নীতিৰ বাতৰি সংগ্ৰহ কৰিবলৈ গৈ গ্ৰেপ্তাৰ হোৱা সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰৰ ওপৰত জাপি দিয়া হৈছে কেইবাটাও গোচৰ ।

সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰে নতুন মোৰ লৈছে (ETV Bharat Assam)

দিছপুৰৰ লোক সেৱা ভৱনত মুখ্যমন্ত্রীয়ে সম্বোধন কৰা এখন সংবাদমেলত সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰ কৰাৰ প্ৰসংগটো উত্থাপন কৰাত মুখ্যমন্ত্রীৰ প্ৰথম প্ৰতিক্ৰিয়া আছিল, "সাংবাদিকজনৰ নামটো কি ?"

সাংবাদিকে নামটো দিলোৱাৰ হুছেইন মজুমদাৰ বুলি কোৱাৰ লগে লগে মুখ্যমন্ত্রীয়ে কয়, "তেখেতে প'ৰ্টেলত কাম কৰে আৰু প'ৰ্টেলত কাম কৰা লোকসকলক আমি সাংবাদিক বুলি এতিয়ালৈকে সিদ্ধান্ত লোৱাই নাই । আলোচনা চলি আছে যদিও সিদ্ধান্ত হোৱা নাই । ডি আই পি আৰে কোনো প'ৰ্টেলক আজিলৈকে সাংবাদিকৰ মৰ্যাদা দিয়া নাই । এই ব্যক্তিজন অসম চৰকাৰৰ সাংবাদিকৰ সংজ্ঞাত নপৰে ।"

মুখ্যমন্ত্রীয়ে কয়, "অসমত লিখা-মেলাৰ বাবে কাকো গ্ৰেপ্তাৰ কৰা হোৱা নাই । লিখাত কোনো বাধা নাই । আমাৰ বিৰুদ্ধে যিমান লিখে লিখক । অসমত লিখাৰ বাবে কোনো সাংবাদিকক গ্ৰেপ্তাৰ কৰা নাই । মই জনাত সাংবাদিক সংঘই এতিয়ালৈকে এপেক্স বেংকত গৈ মেনেজাৰগৰাকীৰ সৈতে কথা পতাই নাই । সাংবাদিকজন তালৈ কিয় আহিছিল, কিবা বেলেগ কথাত আহাছিল নে ঘৰুৱা কথাত আহিছিল, ঋণ বিচাৰি আহিছিল নে আন কিবা বিচাৰি গৈছিল সেই কথা শুনিবলৈ সাংবাদিক সংঘৰ প্ৰতিনিধি বেংকলৈ যাব লাগিব । এতিয়ালৈকে কোনো যোৱা নাই ।"

তেওঁ লগতে কয়, "আপোনালোকে এপেক্স বেংকৰ মেনেজাৰজনক প্ৰেছ ক্লাবলৈ মাতক । নহ’লে আপোনালোক যাওঁক এপেক্স বেংকলৈ । কথাখিনি পাতক, চাহ একাপ খাই গুছি আহক । দুই পক্ষ শুনাৰ পাছত সিদ্ধান্ত ল’ব ।"

দিলোৱাৰ হুছেইন মজুমদাৰৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে পুনৰ কয়, "তেওঁক ব্যৱসায়ী বুলি ক’ব নে সাংবাদিক বুলি ক’ব সেই সিদ্ধান্ত কোনেও ল’ব নোৱাৰে । কাৰণ তেওঁৰ ফেচবুকতে ডাম্পাৰৰ লগত ফটো আছে । তেওঁৰ কেইবাখনো ডাম্পাৰ আছে । তেওঁ যিটো প'ৰ্টেলত পাৰ্ট টাইম কাম কৰে সেইটো এজন ৰাজনৈতিক ব্যক্তিৰ প'ৰ্টেল । তেওঁ ডাম্পাৰৰ ব্যৱসায়ী নে সাংবাদিক এই সিদ্ধান্ত কোনে ল’ব ? গতিকে আপোনালোক সাংবাদিকসকলে যদি তেওঁৰ সকলো দায়িত্ব ল'ম বুলি সিদ্ধান্ত লয় তেন্তে মই এৰি দিম ।"

সাংবাদিকসকলক দিলোৱাৰ হুছেইন মজুমদাৰক এগৰাকী সাংবাদিক বুলি লিখি দিবলৈ কৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "আপোনালোকে লিখি দিয়ক তেওঁ সাংবাদিক বুলি । কিন্তু কালি যদি ডাম্পাৰৰ কেছত পৰে তেতিয়া কি কৰিব ? আপোনালোকে মোক এখন লিখি দিয়ক, তেওঁৰ দায়িত্ব লওঁক, মই এতিয়াই এৰি দিম । তেওঁ যিটো প’ৰ্টেলত আছে তাত আমি কাৰ্ডো নিদিও । প’ৰ্টেলক আমি সাংবাদিকতাৰ মাজলৈ এতিয়ালৈকে অনাই নাই । যদি আপোনালোকে তেওঁৰ সকলো ব্যৱসায়িক কথা-বতৰাত দায়িত্ব ল'ম বুলি লিখি দিয়ে মই এতিয়াই এক ছেকেণ্ডত এৰি দিম । কোনোবাই আমাক কওঁক তেওঁ সাংবাদিক বুলি । তেতিয়া আমি এখন লাইচেঞ্চ দি দিম ।"

মুখ্যমন্ত্ৰীয়ে লগতে কয়,"আপুনি ডাম্পাৰৰ ব্যৱসায় কৰিলেও, বেংকত গৈ জবৰদস্তি ঋণ খুজিলেও আপুনি সাংবাদিক বুলিয়েই আপোনাক ব্যৱহাৰ কৰিব । আইনে কাকো ৰেহাই নিদিয়ে । লিখাত আপত্তি নাই, লিখাৰ বাবে কাকো এৰেষ্ট কৰা নাই । পুলিচৰ প্ৰতিবেদনত আহিছে যে তেওঁ অনুসূচিত জনজাতিৰ এজন বড়ো বুলি ব্যক্তিক ঘৃণনীয় ব্যৱহাৰ কৰিছে । দ্বিতীয় ৰিপ’ৰ্টটোত আহিছে তেওঁ বেংকত গৈ এটা বৃহৎ পৰিমাণৰ ঋণ দাবী কৰিছে তেওঁৰ ব্যৱসায়ৰ বাবে । ইয়াত লিখাৰ কথা জড়িত নাই । লিখাৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰা নাই । আজি বড়ো নামৰ ব্যক্তিজনে ক’ৰ্টত ষ্টেটমেণ্ট দিছে । কালি এটা গোচৰত জামিন পাইছে যদিও দুই-তিনিটা গোচৰ আছে । গোটেইকেইটা গোচৰতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব । তেওঁ জামিন ল’ব লাগিব । কিন্তু গোটেইকেইটা সাংবাদিকতাৰ সৈতে জড়িত নহয় । সেই ভুল ভাবিবই নালাগে । মই আজিও কৈছো যে আমাৰ বিৰুদ্ধে যিমান লিখে লিখক । অসমত লিখাৰ কাৰণে কোনো সাংবাদিকক গ্ৰেপ্তাৰ কৰা নাই ।"

লগতে পঢ়ক: পুনৰ গ্ৰেপ্তাৰ সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰক: এইবাৰ ডকাইতিৰ গোচৰত - JOURNALIST DILWAR HUSSAIN MOZUMDER

সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰৰ জামিন মঞ্জুৰ - JOURNALIST DILWAR HUSSAIN MOZUMDER

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.