ETV Bharat / state

ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু অসম মেডিকেল কলেজৰ অভিলাষী প্ৰকল্পৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ

বিকাশৰ ন-সাজেৰে ডিব্ৰুগড় বিশ্ববিদ্যালয় । ১৪৭ কোটি টকাৰে নিৰ্মাণ হ'বলগা প্ৰকল্পৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ ।

CM Dibrugarh visit
ডিব্ৰুগড়ত কেইবাটাও অভিলাষী প্ৰকল্পৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 24, 2025 at 3:44 PM IST

3 Min Read
Choose ETV Bharat

ডিব্ৰুগড় : উজনি অসমৰ বৌদ্ধিক আৰু উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ডিব্ৰুগড় বিশ্ববিদ্যালয় । ৰাজ্যৰ লগতে বহিঃৰাজ্য আৰু বিদেশী ৰাষ্ট্ৰৰ ছাত্ৰ-ছাত্ৰীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আহিছে । ১৯৬৫ চনত প্ৰতিষ্ঠা লাভ কৰা বিশ্ববিদ্যালয়খনত কেন্দ্ৰীয় চৰকাৰে বহুমুখী শিক্ষা আৰু গৱেষণা বিশ্ববিদ্যালয় হিচাপে উন্নীতকৰণ কৰিছে ।

শৈক্ষিক উত্তৰণৰ লগতে ক্ৰীড়া আৰু সাংস্কৃতিক ক্ষেত্ৰত বিশ্বজুৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ে খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে । ইয়াৰ মাজতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ক বিকাশৰ ন-সাজেৰে সজাবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে ।

ডিব্ৰুগড়ত কেইবাটাও অভিলাষী প্ৰকল্পৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ (ETV Bharat Assam)

উজনিৰ কেইবাখনো জিলাৰ উন্নয়নৰ খতিয়ান ল'বলৈ চাৰিদিনীয়া ডিব্ৰুগড় ভ্ৰমণলৈ অহা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত উপস্থিত হয় । ‌ডিব্ৰুগড় বিশ্ববিদ্যালয়ত PM-USHA আচঁনি আৰু মুখ্যমন্ত্ৰী বিশেষ অনুদানৰ অধীনত প্ৰস্তাৱিত আন্তঃগাঁথনি উন্নীতকৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে ।

মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ইয়াৰ শৈক্ষিক, গৱেষণা আৰু আৱাসিক আন্তঃগাঁথনি আধুনিকীকৰণ আৰু সম্প্ৰসাৰণৰ লক্ষ্যৰে এই উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে ।‌ মুখ্যমন্ত্ৰীৰ বিশেষ অনুদান আৰু প্ৰধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযানৰ (PM-USHA আচঁনি) অধীনত গ্ৰহণ কৰা এই প্ৰকল্পসমূহত প্ৰস্তাৱিত ২০০ কোটিৰ ভিতৰত প্ৰথম পৰ্যায়ত ১৪৭ কোটি টকাৰ বিনিয়োগ হ’ব ।

আধাৰশিলা স্থাপন কাৰ্যসূচীৰ পাছতে মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰে । মন্ত্ৰী ৰণোজ পেগু, বিমল‌ বড়া, প্ৰশান্ত ফুকন, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য জিতেন হাজৰিকা, উচ্চ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এটা গীতো মুকলি কৰে মুখ্যমন্ত্ৰীয়ে ।

ইয়াৰ পাছতে নিজৰ ভাষণ প্ৰদান কৰি দেশৰ বিকাশ আৰু উন্নয়নৰ পৰিকল্পনাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ।‌

দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলা যাত্ৰাত এয়া সবল খোজ

আনহাতে, অনুষ্ঠানৰ অন্তত মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমক সম্বোধন কৰি কয়, "আজি আমাৰ বাবে স্মৰণীয় দিন । ডিব্ৰুগড় মহানগৰখনক ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু অসম চিকিৎসা মহাবিদ্যালয়ে সমৃদ্ধ কৰি ৰাখিছে । আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ২০০ কোটি আৰু অসম চিকিৎসা মহাবিদ্যালয়ৰ বাবে ৩২২ কোটি টকাৰ প্ৰকল্পৰ কাম আৰম্ভ হ'ব ।"

তেওঁ লগতে কয়, "ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলা যাত্ৰাত এয়া আমাৰ সবল খোজ ।"

CM Dibrugarh visit
ডিব্ৰুগড়ত কেইবাটাও অভিলাষী প্ৰকল্পৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ (ETV Bharat Assam)

উল্লেখ্য যে মুখ্যমন্ত্ৰীৰ বিশেষ অনুদানৰ অধীনত নিৰ্মাণ হ'ব ৩২৪ খন বিছনা থকা ছোৱালী হোষ্টেল ব্লক, ১৬ টা হাউছিং কোৱাৰ্টাৰ, আভ্যন্তৰীণ পথৰ সম্প্ৰসাৰণ আৰু মেৰামতি, এটা নতুন ক্ৰীড়া কমপ্লেক্স, ব্যায়ামশালা ।‌

এই নিৰ্মাণ কাৰ্যৰ বাবে অসম চৰকাৰে মুখ্যমন্ত্ৰীৰ বিশেষ অনুদানৰ অধীনত ৭৬ কোটি টকা খৰচ কৰিব ।‌

আনহাতে, PM-USHAৰ অধীনত নিৰ্মাণ হ'ব ১৭৬ খন বিছনাযুক্ত ছোৱালী হোষ্টেল ব্লক, শৈক্ষিক ভৱন, একাডেমিক গৱেষণা কেন্দ্ৰ নিৰ্মাণ কাৰ্যৰ বাবে PM-USHAৰ অধীনত নিৰ্মাণ কেন্দ্ৰীয় চৰকাৰে ব্যয় কৰিব ৭১ কোটি টকা ।‌

লগতে পঢ়ক :২০৪১ চনৰ ভিতৰত অসমত হিন্দু-মুছলমান জনসংখ্যা সমান হ’ব: মুখ্যমন্ত্ৰীৰ বিস্ফোৰক তথ্য - CM ON ASSAM DEMOGRAPHY
লগতে পঢ়ক :ইণ্ডিয়া-এ আই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ'ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব - INDIAAI MISSION