উগ্ৰপন্থীৰ জেগাত এতিয়া বেটেলিয়ানৰ হেড কোৱাৰ্টাৰ হৈছে: মুখ্যমন্ত্ৰী
নিজেই আধাৰশিলা স্থাপন কৰা পঞ্চম অসম আৰক্ষী কমাণ্ডো বেটেলিয়নৰ হেড কোৱাৰ্টাৰ শুভ উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

Published : October 4, 2025 at 8:41 PM IST
বিশ্বনাথ: বিশ্বনাথ জিলাৰ পাভৈৰ দিৰিঙত অসম আৰক্ষীৰ শক্তি তথা আন্তঃগাঁথনি মজবুত কৰাৰ উদ্দেশ্যৰে এক সংযোজন হিচাপে শনিবাৰে শুভ উদ্বোধন কৰা হয় পঞ্চম অসম আৰক্ষী কমাণ্ডো বেটেলিয়নৰ হেড কোৱাৰ্টাৰ ।
২০২২ চনৰ ১০ অক্টোবৰত পাভৈত উপস্থিত হৈ আধাৰশিলা স্থাপন কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰে এই বেটেলিয়ানৰ হেড কোৱাৰ্টাৰ । তিনিটা বছৰ সম্পূৰ্ণ নৌহওঁতেই এই আধুনিক আৰু বিশ্বমানৰ কমাণ্ডো বেটেলিয়ানৰ হেড কোৱাৰ্টাৰ তথা চৌহদৰ শুভ উদ্বোধন কৰা হয় ।
অসম-অৰুণাচলৰ বৃহৎ অঞ্চলৰ ২১৮ বিঘা ভূমিত নিৰ্মাণ কৰা পঞ্চম অসম কমাণ্ডো বেটেলিয়নত থাকিব প্লে-গ্ৰাউণ্ড, বাংকাৰ, শ্বুটিং ৰেঞ্জ, ৰিক্ৰিয়েশ্বন চেণ্টাৰ, ধৰ্মীয় উপাসনাস্থলীকে ধৰি বহু অত্যাধুনিক সা-সুবিধা ।
উদ্বোধনী অনুষ্ঠানত স্বাস্থ্য মন্ত্ৰী অশোক সিংহল, শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত, আৰক্ষী সঞ্চালক প্ৰধান হৰমীত সিং, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰকে ধৰি শোণিতপুৰ জিলা আৰু বিশ্বনাথ জিলাৰ কেইবাগৰাকীও বিধায়ক তথা জিলা প্ৰশাসনৰ লোক উপস্থিত থাকে ।

এই কমাণ্ডো বেটেলিয়ানৰ হেড কোৱাৰ্টাৰৰ শুভ উদ্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়,"আমাৰ ৰাজ্যত ২০২১ চনত পাঁচটা নতুন কমাণ্ডো বেটেলিয়ানৰ সৃষ্টি কৰিছিলোঁ । কাৰ্বি আংলং, হাইলাকান্দি, চৰাইদেউ, শদিয়া আৰু বিশ্বনাথত । আজি আমাৰ বাবে অতি আনন্দৰ বিষয় যে বিশ্বনাথৰ পাভৈত নিৰ্মাণ কৰা কমাণ্ডো বেটেলিয়ানৰ হেড কোৱাৰ্টাৰটো আজি আমি শুভ উদ্বোধন কৰিব পাৰিছোঁ । পাঁচটা বেটেলিয়ানৰ আজি প্ৰথমটো হেড কোৱাৰ্টাৰ বা চৌহদ আমি নিৰ্মাণ কৰিব পাৰিছোঁ আৰু বিশ্বনাথ জিলাৰ পাভৈত আমি তাৰ শুভ উদ্বোধন কৰিছোঁ ।"

তেওঁ লগতে কয়, "এই বেটেলিয়ানৰ হেড কোৱাৰ্টাৰসমূহ অত্যাধুনিক সুবিধাৰে সম্পন্ন হৈ আছে, ৪০০ বিষয়া আৰু জোৱান ইয়াত থাকিব পাৰিব । ইয়াতে খেলা-ধূলা আৰু সামৰিক প্ৰশিক্ষণৰ সকলো সুবিধা থাকিব আৰু গোটেই চৌহদটোৱে এটা আধুনিক অসমৰ বাৰ্তাও বহন কৰিব । মই অসম আৰক্ষীক এই নতুন প্ৰাপ্তিৰ বাবে অভিনন্দন জনাইছোঁ ।"

লগতে মুখ্যমন্ত্ৰী শৰ্মাই কয়,"আজি উগ্ৰপন্থীৰ ঠাইত বেটেলিয়ানৰ হেড কোৱাটাৰ হৈছে, ৰাস্তা-ঘাট সুন্দৰ হৈছে, পৰিৱেশৰ পৰিৱৰ্তন হৈছে । ইয়ে আকৌ এবাৰ প্ৰমাণ কৰে যে ভাৰতীয় জনতা পাৰ্টীৰ শাসনকালত ৰাজ্যখনত কেনেকুৱা বিৱৰ্তন আৰু পৰিৱৰ্তন হৈছে ।"

