সংবাদ মাধ্যমৰ ওপৰত বিশ্বাস নোহোৱা হৈছে নেকি মুখ্যমন্ত্ৰীৰ ? উত্তৰত ক'লে এই কথা
সাংবাদিকে সোধা প্ৰশ্ন বুজি লৈ ফেচবুকৰ জৰিয়তে উত্তৰ দিব মুখ্যমন্ত্ৰীয়ে । নহ'লে পৰিৱেশ বেয়া হোৱাৰ সম্ভাৱনা থাকে । এই মন্তব্য মুখ্যমন্ত্ৰীৰ ।

Published : October 4, 2025 at 9:45 PM IST
বিশ্বনাথ চাৰিআলি : "ফেচবুক লাইভত মই যি কৈছোঁ সেইটোৱে । এইটোৰো উত্তৰ যদি মই কিবা দিব লাগে ফেচবুক লাইভতে দিম । নহয়, বিশ্বাস নহয় । আপুনি যিটো কাটিব বেলেগ টিভিয়েতো বেলেগ কাটিব । দেশৰ জটিল পৰিৱেশত কমিউনিকেচনৰ ছিষ্টেমটো বেলেগ হ'ব লাগে । ৰাইজৰ লগত ডাইৰেক্ট হ'ব লাগে ।" বিশ্বনাথত এই মন্তব্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ।
সংবাদ মাধ্যমৰ আগত জুবিন গাৰ্গৰ মৃত্যু তদন্ত সন্দৰ্ভত কিয় কথা নকয় মুখ্যমন্ত্ৰীয়ে
বিশ্বনাথত মহিলা উদ্যমিতা আঁচনিৰ হিতাধিকাৰীক চেক বিতৰণ অনুষ্ঠানত জুবিন গাৰ্গৰ মৃত্যু তদন্ত সন্দৰ্ভত সাংবাদিকে কিছু প্ৰশ্ন সুধিছিল । বিশেষকৈ শেহতীয়াভাৱে এই বিষয়টো সংবাদ মাধ্যমৰ পৰা এৰাই চলা আৰু ফেচবুক লাইভৰ যোগেদি নিজৰ বক্তব্য প্ৰকাশ কৰাক লৈ একাংশই বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে ।
তাৰেই পৰিপ্ৰেক্ষিতত এগৰাকী সাংবাদিকে মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিছিল, "সংবাদ মাধ্যমৰ ওপৰত বিশ্বাস নোহোৱা হৈছে নেকি মুখ্যমন্ত্ৰীৰ ?" ইয়াৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে এই কথা জনায় ।
চেক বিতৰণ অনুষ্ঠানৰ পিছত সাংবাদিকৰে হোৱা মুখামুখিত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত মুখ্য়মন্ত্ৰীৰ মন্তব্য, "যোৱাকালি এই বিষয়ে মই ফেচবুক লাইভত সম্পূৰ্ণ কৈছোঁ । যোৱাকালি আৰু আজিৰ মাজত মোৰ নতুন কথা ক'বলগীয়া একো নাই । আৰু ফেচবুক লাইভত মই যিখিনি কৈছোঁ সেইখিনিয়ে মোৰ বক্তব্য । নতুনকৈ মোৰ হাতত একো তথ্য নাই ।"
হাগ্ৰামাৰ চৰ্ত সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ
আনহাতে, বিটিচিত হাগ্ৰামা মহিলাৰীয়ে চৰ্ত বান্ধি দিয়া সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য, "সব আমাৰ লগতে আছে, লাহে লাহে সব সমাধান হৈ গৈ থাকিব । ইউ পি পি এল আৰু বি পি এফ দুয়োটাতো একেলগে এনেয়ো থাকিব নোৱাৰে । গতিকে সময়ত আমি যি সিদ্ধান্ত ল'ব লাগে ল'ম ।"
জুবিনৰ তদন্ত সম্পৰ্কীয় সকলো কথা ফেচবুকৰ জৰিয়তেই ক'ব মুখ্যমন্ত্ৰীয়ে
আনহাতে, জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে পুনৰ কয়, "যোৱাকালি মই ফেচবুক লাইভত এক ঘণ্টা কৈছোঁ । আৰু যদি কিবা ক'ব লাগে মই ফেচবুক লাইভৰ জৰিয়তে ক'ম । কাৰণ সাংবাদিকসকলৰ আগত কিবা কথা ক'লে নিৰ্বাচিত অংশ এটা কাটি তুলি দিয়ে । ফলত দেশত বেয়া পৰিৱেশো সৃষ্টি হ'ব পাৰে । সেই কাৰণে এই ঘটনাটো সম্পৰ্কত মই যি ক'ব লাগে ফেচবুকৰ জৰিয়তে ক'ম, যাতে গোটেই অসমৰ মানুহে কথাখিনি একেলগে শুনিব পাৰে ।"

তেওঁ লগতে কয়, "ক'ব লাগিলে আপোনালোকে সোধা প্ৰশ্নখিনি মই বুজি ল'ম, উত্তৰখিনি মই ফেচবুকৰ জৰিয়তে দিম, যাতে সকলোৱে একে কথা শুনিব পাৰে, একে কথা বুজিব পাৰে । নহ'লে এটা টিভিয়ে এটা কাটিব, এটা টিভিয়ে এটা কাটিব । আৰু পৰিৱেশটো বেয়া হোৱাৰ সম্ভাৱনা থাকে ।"
জটিল পৰিস্থিতিত মুখ্যমন্ত্ৰীয়ে ৰাইজৰ লগত পোনপটীয়াকৈ কথা পাতিব
মুখ্যমন্ত্ৰীয়ে লগতে কয় যে যদি জটিল পৰিৱেশ থাকে মুখ্যমন্ত্ৰীয়ে ৰাইজৰ লগত পোনপটীয়াকৈ কথা পাতিব লাগে, মাধ্যমৰ জৰিয়তে পাতিলে এটা শব্দও যদি এ আইৰ জৰিয়তে ড্ৰপ কৰি দিয়ে কি হ'ব ।
এই সন্দৰ্ভত নাম উল্লেখ নকৰাকৈ শ্যামকানু মহন্তৰ ফটো সম্পাদনাৰ দিশে ইংগিত দি মুখ্যমন্ত্ৰীয়ে কয় যে এজন মানুহৰ কান্দি থকা ফটো এখন হাঁহি থকা কৰি দিলে । সেই কাৰণে যেতিয়া দেশৰ পৰিৱেশ জটিল হয় তেতিয়া ৰাইজৰ লগত প্ৰত্যক্ষভাৱে কথা পাতিলে ৰাইজ সন্তুষ্ট হয় বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে ।
বিশ্বনাথত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণৰ শুভাৰম্ভণি মুখ্যমন্ত্ৰীৰ
উল্লেখ্য যে শনিবাৰে বিশ্বনাথ জিলাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ ৩৭,৮০৪ গৰাকী মহিলা হিতাধিকাৰীক চেক বিতৰণৰ শুভাৰম্ভণি কৰে । বিশ্বনাথ চাৰিআলিৰ কমলাকান্ত ক্ষেত্ৰত সৰ্বমুঠ ৩৭,৮০৪ গৰাকী মহিলা হিতাধিকাৰীক ১০ হাজাৰ টকাৰ উদ্যমিতা পুঁজি প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয় । অনুষ্ঠানত মুখ্যমন্ত্ৰীক সংগ দিয়ে মন্ত্ৰী অশোক সিংহল, সাংসদ ৰঞ্জিত দত্ত, বিধায়ক পদ্ম হাজৰিকা, প্ৰমোদ বৰঠাকুৰ, উৎপল বৰা, পৃথ্বিৰাজ ৰাভা, অমিয় কুমাৰ ভূঞা, দিগন্ত ঘাটোৱাল, জিলা আয়ুক্ত সীমান্ত কুমাৰ দাস প্ৰমুখ্যে বহু গণ্য-মান্য ব্যক্তিয়ে ।
অনুষ্ঠানত ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, "অসমৰ ৪০ লাখ আত্মসহায়ক গোটৰ ৮ লাখ মহিলা লাখপতি হ'বলৈ সক্ষম হৈছে । অসমৰ বেংকসমুহৰ পৰা ঋণ লোৱা ৯৯ শতাংশ আত্মসহায়ক গোটৰ মহিলাই বেংকৰ ঋণ ঘূৰাই দিছে ।"

