ETV Bharat / state

অসমৰ অৰ্থনীতি বহু সময়ত অচিনাক্ত লোকৰ মতে চলে: হিমন্ত বিশ্ব শৰ্মা

শোণিতপুৰৰ জামুগুৰিহাটত শ্বহীদ দিৱসত অংশগ্ৰহণ কৰি বাংলাদেশত হিন্দু সুৰক্ষিত নহয় বুলি কৰিলে মন্তব্য় মুখ্য়মন্ত্ৰীয়ে ।

HIMANTA BISWA SARMA
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 10, 2024 at 6:06 PM IST

4 Min Read
Choose ETV Bharat

তেজপুৰ : আজি ১০ ডিচেম্বৰ । আজিৰ দিনটোতেই শ্বহীদ হৈছিল খৰ্গেশ্বৰ তালুকদাৰ । অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদৰ স্মৃতিত প্ৰতিবছৰে এই দিনটোত পালন কৰা হয় শ্বহীদ দিৱস । শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ পকামূৰা পথাৰত বিজেপিৰ যুৱ মৰ্চাৰ উদ্য়োগত আজি অনুষ্ঠিত হয় এই শ্বহীদ দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠান । এই অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শ্বহীদৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আগবাঢ়ি যাব লাগিব বুলি মন্তব্য় কৰে ।

শ্বহীদক শ্ৰদ্ধাঞ্জলি:

মঙলবাৰে জামুগুৰিহাটৰ পকামূৰা পথাৰত আয়োজিত শ্বহীদ দিৱসত উপস্থিত থাকি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয়, "অসম আন্দোলনৰ শ্বহীদক উপযুক্ত মৰ্যাদা দিব পৰিছোনে নাই আৰু বৰ্তমান অসমীয়া জাতি কিমান সুৰক্ষিত তাৰ উত্তৰ আমাৰ হাতত নাই । আমি শ্বহীদৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আগবাঢ়ি যাব লাগিব, কাৰণ আজি আমি তেজাল শ্বহীদৰ ৰোমন্থন কৰিছো । সেইবাবে আমি আত্মনির্ভৰশীল হ'ব লাগিব । অসমৰ অৰ্থনীতি বহু সময়ত অচিনাক্ত লোকৰ মতে চলে, গতিকে আমি সকলোৱে স্বাৱলম্বী হ'ব লাগিব । তাৰ বাবে নিজাববীয়াকৈ কৰ্মমুখী হ'ব লাগিব ।"

ঐতিহাসিক অসম আন্দোলনৰ বিষয়ে কংগ্ৰেছ দলক সমালোচনা কৰি তেওঁ কয়, "ইন্দিৰা গান্ধীৰ সময়ত যি কংগ্ৰেছ দলে শাসনত থাকোতে জাতিৰ হকে যুঁজ দিওঁতে অসমৰ ৮৫৫ জন লোকক শ্বহীদ কৰিলে, এতিয়া অসমত এচাম নতুন লোকৰ সৃষ্টি হৈছে কংগ্ৰেছ দলৰ ওচৰত আত্মসমৰ্পণ কৰা ।" তেওঁ কয় যে আজি অসমৰ ১২ খন জিলাতে সংখ্যালঘু আৰু জাতিটো দুৰ্বল কৰি তুলিছে । অসম আন্দোলনৰ আত্মাক হত্যা কৰি বুজাবুজি কৰি চৰকাৰ গঠনতে কাম শেষ হৈ নাযায় বুলি তেওঁ মন্তব্য কৰে । যুৱ প্ৰজন্মক নিজৰ কপালৰ ঘামৰে আত্মনিৰ্ভৰশীল হ'বলৈ তেওঁ আহ্বান জনায় ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

অসমৰ চাৰিসীমা সুৰক্ষিত নহয় :

ইপিনে, মুখ্যমন্ত্ৰীগৰাকীয়ে বাংলাদেশত হিন্দু সকলৰ ওপৰত চলা বাংলাদেশত হিন্দু সকলৰ ওপৰত চলা উৎপীড়ন সন্দৰ্ভত মন্তব্য় কৰি কয়, "আজি অসমৰ চাৰিসীমা সুৰক্ষিত নহয় । চুবুৰীয়া দেশ বাংলাদেশত হিন্দু সকলৰ ওপৰত চলা উৎপীড়নৰ বাবে ভাৰতত সকলোৱে সতৰ্কতা অৱলম্বন কৰিব লাগে । বাংলাদেশত হিন্দুসকলৰ কি হৈছে সেই বিষয়ে আমি সকলোৱে সজাগ হোৱা উচিত । যিখন সমাজৰ ভেটি মৌলবাদৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে, সেইখন সমাজত আমি নিৰাপদ হ’ব নোৱাৰো । ধৰ্মনিৰপেক্ষতাৰ সৰ্বোত্তম উদাহৰণ ভাৰত ৷"

মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ কয়, "এখন ইছলামিক দেশত সংখ্যালঘু হিন্দুৰ ওপৰত হোৱা অত্যাচাৰত আমাৰ চকু মেল খাইছে । আগতে পাকিস্তানত অত্যাচাৰ হৈছিল, এতিয়া বাংলাদেশত হৈছে । এটা কথা স্পষ্ট যে যিখন দেশ ধৰ্মীয় গোড়ামীৰ ওপৰত নিৰ্মাণ হয় আৰু যি দেশে ধৰ্মৰ নামত অত্যন্ত গোড়ামী কৰিবলৈ আৰম্ভ কৰে সেই সমাজে সংখ্যালঘু লোকসকলক নিৰাপত্তা দিব নোৱাৰে ।"

তেওঁ পুনৰ কয়, "আজি আমাৰ ভাৰতে ধৰ্ম নিৰপেক্ষতাৰ যি উত্তম নিদৰ্শন দাঙি ধৰিছে পাকিস্তান, বাংলাদেশ সমূহৰ দৰে দেশে আমাৰ দেশৰ পৰা শিকিব । আমাৰ দেশত যিসকল ব্যক্তি আছে যি পাকিস্তানৰ ক্ৰিকেট দল বিজয়ী হ'লে আনন্দ প্ৰকাশ কৰে তেওঁলোককো মই অনুৰোধ কৰিম যে বাংলাদেশ আৰু পাকিস্তানৰ দৰে দেশে আমাৰ সমাজক সুৰক্ষা দিব নোৱাৰে । সেইবাবেই তেওঁলোকক অন্ধ অনুকৰণ বন্ধ কৰিব লাগে আৰু আমাৰ সমাজখন সুৰক্ষিত কৰিব লাগে ।"

তেওঁ সমষ্টিৰ পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত মন্তব্য় কৰি কয়, "আগন্তুক সময় অসমত ১০৫ টাতকৈ অধিক বিধানসভা সমষ্টিত ভাৰতীয় মূলৰ পৰা হ'ব, সেয়া লাগিলে যি দলৰ পৰাই নহওক । এই সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়াই অসমৰ আৰু ভাৰতৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰিলে । এতিয়া অৰ্থনৈতিক অধিকাৰ সুৰক্ষিত কৰিবলৈ চেষ্টা অব্যাহত আছে ।"

মুখ্যমন্ত্ৰীৰ ঘোষণা :

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ প্ৰতিখন জিলাতে একোখন চিকিৎসা মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত এখনকৈ দলং নিৰ্মাণ হ'ব ৷ বিজেপিৰ ৰাজ্যিক সভাপতি ভাৱেশ কলিতাৰ লগতে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা, পৃথ্বীৰাজ ৰাভা, কৃষ্ণ কমল তাঁতী, দিগন্ত ঘাটোৱালৰ উপস্থিতিত এই অনুষ্ঠানত ১৫৯ গৰাকী শ্বহীদ পৰিয়ালৰ লোকক সম্বৰ্ধনা জনোৱা হয় ।

লগতে পঢ়ক: ধৰ্মীয় গোড়ামিৰ ওপৰত নিৰ্মাণ হোৱা দেশে হিন্দুক সুৰক্ষা দিব নোৱাৰে: মুখ্যমন্ত্ৰী

অসমক দুগ্ধ উৎপাদনত গুজৰাটৰ লেখীয়াকৈ গঢ়ি তোলাৰ আহ্বান মুখ্য়মন্ত্ৰীৰ