ETV Bharat / state

ছয় জনগোষ্ঠীৰ জনজাতিকৰণত প্ৰধান হেঙাৰ হিমন্ত বিশ্ব শৰ্মা: ৰকিবুল হুছেইন - Rakibul Hussain slams CM Himanta

USTM row: মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই USTM ক গুৱাহাটীৰ বানৰ বাবে জগৰীয়া কৰাৰ আঁৰত ব্যৱসায়িক সংঘাত থকাৰ সন্দেহ প্ৰকাশ ৰকিবুল হুছেইনৰ ৷ ছয় জনগোষ্ঠীৰ জনজাতিকৰণতো মুখ্যমন্ত্ৰী শৰ্মা বাধা হৈ থকা বুলি বিস্ফোৰক মন্তব্য কংগ্ৰেছ সাংসদগৰাকীৰ ৷

Rakibul Hussain slams CM Himanta
হিমন্ত বিশ্ব শৰ্মাক সমালোচনা ৰকিবুল হুছেইনৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 13, 2024 at 10:47 PM IST

3 Min Read
Choose ETV Bharat

চামগুৰি, 13 আগষ্ট: কেবাটাও বিষয়ক লৈ মঙলবাৰে চামগুৰিত সংবাদমেল সম্বোধন কৰে ধুবুৰী সমষ্টিৰ কংগ্ৰেছী সাংসদ ৰকিবুল হুছেইনে ৷ মুখ্যমন্ত্ৰীৰ পত্নীৰ সম্পত্তি, USTM বিতৰ্ক, ছয় জনগোষ্ঠীৰ জনজাতিকৰণ, বাংলাদেশী শৰণাৰ্থীক আশ্ৰয় প্ৰদানৰ লগতে উপ-নিৰ্বাচন সন্দৰ্ভতো মত ব্যক্ত কৰিলে কংগ্ৰেছ সাংসদগৰাকীয়ে ৷

হিমন্ত বিশ্ব শৰ্মাক সমালোচনা ৰকিবুল হুছেইনৰ (ETV Bharat Assam)

মুখ্যমন্ত্ৰীৰ পত্নীৰ সম্পত্তি সন্দৰ্ভত কি ক’লে ৰকিবুল হুছেইনে ?

সাংসদ ৰকিবুল হুছেইনে অভিযোগ তোলে যে, এসময়ত মুখ্যমন্ত্ৰীয়ে তেওঁৰ পত্নীৰ সম্পত্তি সন্দৰ্ভত অজ্ঞতা প্ৰকাশ কৰিছিল আৰু এতিয়া তেওঁ সেই সম্পত্তিসমূহ অসমৰ ৰাইজৰ হ’ব বুলি দাবী কৰিছে ৷ মুখ্যমন্ত্ৰীয়ে এতিয়া কি কৈ আছে, সেয়া তেওঁহে জানে বুলি উল্লেখ কৰে হুছেইনে ৷

USTM বিতৰ্ক সন্দৰ্ভত মুখ্যমন্ত্ৰীক সমালোচনা

গুৱাহাটীৰ বান সমস্যাৰ বাবে মুখ্যমন্ত্ৰীয়ে USTM নামৰ শৈক্ষিক প্ৰতিষ্ঠানখনৰ লগতে ইয়াৰ গৰাকীক দোষাৰোপ সন্দৰ্ভত ৰকিবুল হুছেইনে কয় যে ব্যৱসায়িক সংঘাতৰ বাবেহে মুখ্যমন্ত্ৰীয়ে এনে মন্তব্য কৰা বুলি তেওঁৰ সন্দেহ হয় ৷ বাঢ়নী পানী কেৱল গুৱাহাটীতে নহয়, ৰাজ্যৰ আন ঠাইতো হয় ৷ সেই সমূহ স্থানৰ বান সমস্যাৰ বাবে USTM দায়ী নেকি বুলি প্ৰশ্ন তুলি ৰকিবুল হুছেইনে কয় যে মুখ্যমন্ত্ৰীৰ পত্নীৰ শৈক্ষিক প্ৰতিষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা USTM ত কৈ কম হোৱাৰ হেতুকে সম্ভৱতঃ এক ব্যৱসায়িক সংঘাত হৈছে ৷ যাৰ বাবে মুখ্যমন্ত্ৰীয়ে এনে মন্তব্য কৰিছে ৷

ছয় জনগোষ্ঠীৰ জনজাতিকৰণত হেঙাৰ হৈ আছে মুখ্যমন্ত্ৰী শৰ্মা

ৰকিবুল হুছেইনে অভিযোগ কৰে যে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোত বিজেপি বা আন কোনো দল দায়ী নহয় ৷ কেৱল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ৰ সমাধান বিচৰা নাই আৰু তেওঁ হেঙাৰ হৈ থিয় দি আছে ৷ কিয়নো ছয় জনগোষ্ঠীৰ জনজাতিকৰণ হ’লে অসমত অতিকমেও 51 শতাংশ জনজাতিৰ লোক হ’ব আৰু তেতিয়া যি দলৰেই চৰকাৰ নহওক কিয় এজন জনজাতীয় মূলৰ নেতাকেই মুখ্যমন্ত্ৰীৰ আসনত বহুৱাব লাগিব ৷ মুখ্যমন্ত্ৰীয়ে যিটো বিচৰা নাই ৷ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰি জনগোষ্ঠীয় নেতাক মুখ্যমন্ত্ৰী হোৱাৰ বাট মুকলি কৰি দিবলৈ হিমন্ত বিশ্ব শৰ্মাক আহ্বান ৰকিবুল হুছেইনৰ ৷

প্ৰাণৰ মমতাত আশ্ৰয় বিচৰা বাংলাদেশৰ নাগৰিকক আশ্ৰয় প্ৰদানৰ পোষকতা

নিজা মত বুলি উল্লেখ কৰি ৰকিবুল হুছেইনে কয় যে বাংলাদেশত এতিয়া যি পৰিস্থিতি হৈ আছে, তাৰ পৰিপ্ৰেক্ষিতত প্ৰাণৰ মমতাত আশ্ৰয় বিচাৰি অহা লোকক ভাৰতে আশ্ৰয় প্ৰদানৰ বিষয়ে চিন্তা কৰা উচিত ৷ পৰিস্থিতি উন্নত হ’লে তেওঁলোকক পুনৰ ওভতাই পঠিয়াব পৰা যাব ৷ প্ৰধানমন্ত্ৰীক আশ্ৰয় দিব পাৰিলে সাধাৰণ লোককো আশ্ৰয় দিয়া উচিত বুলি তেওঁ মন্তব্য কৰে ৷

উপ-নিৰ্বাচন সন্দৰ্ভত ৰকিবুল হুছেইনৰ মন্তব্য

যি জনকে প্ৰাৰ্থিত্ব প্ৰদান নকৰক কিয় চামগুৰিত পৰাজয় বৰণ কৰিব বুলি খোদ মুখ্যমন্ত্ৰীয়ে নিজ মুখেৰেই কৈ থৈছে বুলি কটাক্ষ ৰকিবুল হুছেইনৰ । তেওঁ কয় যে চামগুৰিত নিৰ্বাচনক গুৰুত্বসহকাৰে লয় কংগ্ৰেছে । বিজেপিৰ আশা উপ-নিৰ্বাচন হ’বলগীয়া ছয় সমষ্টিত AIUDF এ প্ৰাৰ্থিত্ব প্ৰদান কৰিব লাগে । মুখ্যমন্ত্ৰী আৰু AIUDF ৰ সম্পৰ্ক স্পষ্ট কৰিবলৈ চামগুৰিত ৰকিবুল হুছেইনৰ এই কৌশলী মন্তব্য । উপ-নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিচতহে কংগ্ৰেছে উপ-নিৰ্বাচনৰ বাবে প্ৰাৰ্থিত্ব প্ৰদানৰ তালিকা প্ৰকাশ কৰিব বুলি ষ্পষ্ট কৰিলে সাংসদ ৰকিবুল হুছেইনে ।

লগতে পঢ়ক: গুৱাহাটীত ইউ এছ টি এমৰ পানী, ডিব্ৰুগড়ত কাৰ পানী ? ৰকিবুল হুছেইনৰ প্ৰশ্ন - Rakibul Hussain Slams Assam CM

ৰিণিকি ভূঞাৰ সকলো সম্পত্তি অসমৰ ৰাইজৰ সম্পত্তি: দিছপুৰত ঘোষণা মুখ্যমন্ত্ৰীৰ - CM Himanta on USTM