ছিংগাপুৰত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা: ছিংগাপুৰৰ ৰাষ্ট্ৰপতিৰ সৈতে বিশেষ সাক্ষাৎ
ছিংগাপুৰৰ ৰাষ্ট্ৰপতিৰে বিশেষ সাক্ষাৎ মুখ্যমন্ত্ৰী শৰ্মাৰ । ভাৰত-ছিংগাপুৰ পাৰস্পৰিক সহযোগিতা, অসমৰ ছেমিকণ্ডাক্টৰ, ইলেক্ট্রনিক চিটা আদি বিভিন্ন বিষয় সামৰি বিভিন্ন খণ্ডন উদ্যোগপতিৰে ধাৰাবাহিক বৈঠক ।

Published : February 11, 2025 at 10:52 PM IST
গুৱাহাটী: জাপান, দক্ষিণ কোৰিয়া ভ্ৰমণৰ পিছত অসমৰ বাবে বিনিয়োগকাৰীৰ সন্ধানত এইবাৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈছেগৈ ছিংগাপুৰত । সোমবাৰে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শর্মাই ২৫ আৰু ২৬ ফেব্রুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া এডভান্টেজ আছাম-২.০ৰ বাবে ছিংগাপুৰৰ ৰাষ্ট্রপতি, মন্ত্রী আৰু বিনিয়োগকাৰীক সাক্ষাতৰ উদ্দেশ্যে ছিংগাপুৰত উপস্থিত হয় । ছিংগাপুৰত ভাৰতৰ উচ্চাযুক্ত ড৹ শিল্পক আঙুলেই তেওঁক আদৰণি জনায় ।
ছিংগাপুৰৰ ৰাষ্ট্ৰপতিৰে সাক্ষাৎ:
মঙলবাৰে মুখ্যমন্ত্রী ড৹ শৰ্মাই ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থাৰমান ছানমুগাৰাটনামৰ সৈতে এক সাক্ষাতত মিলিত হয় । ৰাষ্ট্রখনৰ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে অসমৰ মুখ্যমন্ত্ৰীৰ এই সাক্ষাতে এডভাণ্টেজ আছাম ২.০ৰ ক্ষেত্ৰত এক বিশেষ গুৰুত্ব লাভ কৰিব বুলি আশা কৰা হৈছে । ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে উক্ত আলোচনাত অসমৰ সৈতে চলিত সহযোগিতামূলক প্রকল্পসমূহে স্থান লাভ কৰে । লগতে ভাৰত-ছিংগাপুৰৰ ব্যাপক কৌশলগত অংশীদাৰিত্বৰ মূল স্তম্ভ হিচাপে অসমৰ ভূমিকাৰ দিশত বিশেষ গুৰুত্ব প্রদান কৰা হয় । ২০২২ চনত ৰাষ্ট্ৰপতিগৰাকীৰ অসম ভ্রমণৰ অভিজ্ঞতা তথা সুমধুৰ স্মৃতিও ৰাষ্ট্ৰপতিগৰাকীয়ে ৰোমন্থন কৰে । এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত ছিংগাপুৰৰ অংশীদাৰিত্বৰ বাবে মুখ্যমন্ত্রীয়ে শলাগ লৈ সামাজিক মাধ্যমযোগে কয়, "ছেমিকণ্ডাক্টৰ, সেউজ শক্তি আৰু উন্নত প্রযুক্তিৰ দৰে আমাৰ উদীয়মান খণ্ডসমূহত ৰাষ্ট্ৰখনৰ সৈতে সহযোগিতামূলক সম্পর্কক সবলীকৰণৰ আমি পোষকতা কৰিছোঁ ।"

ছেমিকণ্ডাক্টৰ উদ্যোগৰ নেতৃবৃন্দৰ সৈতে বৈঠক :
এইবাৰৰ এডভাণ্টেজ আছামত অসম চৰকাৰে বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে ছেমিকণ্ডাক্টৰ খণ্ডত ৷ জাগীৰোডত নিৰ্মীয়মান ২৭০০০ কোটি টকাৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ আনুসংগিকভাৱে ছেমিকণ্ডাক্টৰ খণ্ডত গুৰুত্ব আৰোপ কৰাটো যিহেতু অতিশয় প্ৰয়োজনীয় । সেয়ে, ছিংগাপুৰৰ ৰাষ্ট্ৰপতিগৰাকীক সাক্ষাতৰ পূর্বে মুখ্যমন্ত্রীগৰাকীয়ে দিনটোৰ আৰম্ভণিতে ছিংগাপুৰত ছেমিকণ্ডাক্টৰ উদ্যোগৰ শীৰ্ষস্থানীয় ব্যক্তিৰ সৈতে এক আলোচনাত মিলিত হয় ।
এই বৈঠক প্ৰসংগত মুখ্যমন্ত্রীয়ে সামাজিক মাধ্যমযোগে ব্যক্ত কৰে, “ছেমিকণ্ডাক্টৰ হৈছে ভাৰত-ছিংগাপুৰৰ পাৰস্পৰিক সহযোগিতাৰ এক গুৰুত্বপূর্ণ দিশ । মই তেওঁলোকক জাগীৰোডত হ'বলগীয়া ইলেক্ট্রনিক চিটিত আমাৰ সৈতে অংশীদাৰ হ'বলৈ আমন্ত্রণ জনাইছোঁ । উল্লেখ্য, উক্ত বৈঠকত এ এছ এম পি টি, এ ই এম, বেছি,টামাছেক, ছিলিকন বক্স, নিট্ৰো ডেংকো কপ, হেলাৰ ইণ্ড্ৰাষ্ট্রিজ আৰু মেইনধার্ট দৰে বিখ্যাত গ্ৰুপৰ নেতাবৃন্দ উপস্থিত থাকে ।”

চহৰ আৰু ঔদ্যোগিক উদ্যান নির্মাণ খণ্ডৰেও আলোচনা:
ইয়াৰ উপৰিও দিনটোত ড৹ হিমন্ত বিশ্ব শর্মাই মঙলবাৰে ছিংগাপুৰত লো চেৰ এক আৰু তেওঁৰ দলৰ সৈতে অসমত ছাৰ্বানা জুৰঙৰ (এটা আন্তঃৰাষ্ট্ৰীয় পুৰণি নিৰ্মাণ খণ্ডৰ প্ৰতিষ্ঠান) বিদ্যমান প্রকল্পসমূহৰ পৰ্যালোচনা বৈঠকত অংশগ্রহণ কৰে । ছিংগাপুৰৰ নগৰ পৰিকল্পনাৰ বিশেষ দক্ষতাৰ জৰিয়তে অসমৰ ভৱিষ্যতৰ চহৰ আৰু উদ্যোগিক উদ্যান নির্মাণ তথা অসমৰ লোকসকলৰ জীৱন ধাৰণৰ সহজতা বৃদ্ধিৰ দিশত তেওঁলোকক কাম কৰাৰ পোষকতা কৰে মুখ্যমন্ত্রীয়ে । ইয়াৰ পাছতে মুখ্যমন্ত্রী ড৹ শর্মাই ছিংগাপুৰ আই টি ইৰ শিক্ষাসেৱাৰ মুখ্য কার্যবাহী বিষয়া সুৰেশ নটৰাজন আৰু তেওঁৰ দলৰ সৈতে এক বিশেষ বৈঠকত মিলিত হয় ।
মুখ্যমন্ত্রীয়ে এই বিষয়ে সামাজিক মাধ্যমত অৱগত কৰে, “কাৰিকৰী শিক্ষা, কর্মশক্তিৰ তৎপৰতা আৰু সামাজিক গতিশীলতা উন্নত কৰিবলৈ দক্ষ কর্মশক্তিৰ এক বৃহৎ গোট বিকশিত কৰাৰ দিশত তেওঁলোকৰ দৃষ্টিভংগী আৰু অসমৰ লক্ষ্য ওতঃপ্রোতভাৱে সংযোজিত । আগন্তুক মাহসমূহত অসম দক্ষতা বিশ্ববিদ্যালয় আৰু আই টি ছিংগাপুৰৰ মাজত ঘনিষ্ঠ সহযোগিতামূলক কর্মৰাজি দেখিবলৈ পোৱাৰ আশা ব্যাক্ত কৰাৰ লগতে ব্যক্তিগত খণ্ডৰ উপৰি অসমত বিশ্ব দক্ষতা কেন্দ্র স্থাপনৰ ক্ষেত্ৰতো তেওঁলোকৰ বিশেষ দক্ষতাৰ ব্যৱহাৰেৰে উপায় অন্বেষণৰ কথাও উল্লেখ কৰে ।”

উল্লেখ্য, মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বাধীন অসম চৰকাৰে এডভান্টেজ আছাম-২.০ক অসমৰ উন্নয়নৰ গতিশীলতাক অধিক বৃদ্ধি কৰিবলৈ এক মঞ্চ হিচাপে ব্যৱহাৰ কৰাৰ বাবে প্ৰচেষ্টা চলাইছে । এই উদ্দেশ্যে মুখ্যমন্ত্রীজনে ভূটান, দক্ষিণ কোৰিয়া, জাপান, ছিংগাপুৰ আদিৰ দৰে উন্নত ৰাষ্ট্রসমূহৰ সৈতে সংযোগ স্থাপন কৰিছে । অসম চৰকাৰৰ জনসংযোগ বিভাগে জনোৱা অনুসৰি বুধবাৰৰ দিনটোও মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই ছিংগাপুৰত অতিবাহিত কৰিব ।
লগতে পঢ়ক: এডভান্টেজ অসম ২.০ ৰ বাবে কেনেদৰে চলিছে প্ৰস্তুতি ? কাম-কাজৰ পৰ্যালোচনা বৈঠক

