গোৱালপাৰা: গোৱালপাৰাৰ হাচিলাবিলত চলা উচ্ছেদক লৈ অব্যাহত আছে তীব্ৰ প্ৰতিবাদ । বহুজনে এই উচ্ছেদক আখ্যা দিছে অমানৱীয় বুলিও । ইয়াৰ মাজতে মঙলবাৰে হাচিলাবিলৰ উচ্ছেদিত এলেকা পৰিদৰ্শন কৰাৰ বাবে উচ্ছেদস্থলীত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । ড্ৰোণৰে উচ্ছেদস্থলী পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
হাচিলাবিলত কিমান হেক্টৰ ভূমিত অবৈধভাৱে বসবাস চলি আছিল আৰু কিমান হেক্টৰ ভূমি বেদখলমুক্ত কৰা হৈছে তাৰ বুজ লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ইয়াৰ পাছতে সাংবাদিকৰ আগত উচ্ছেদৰ প্ৰসংগক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্য়মন্ত্ৰীগৰাকীয়ে । প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ বাবেহে এই উচ্ছেদ চলোৱা হৈছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই ।
হিমন্ত বিশ্ব শৰ্মাই কয়, "গোৱালপাৰা জিলাৰ যিটো প্ৰাকৃতিক ভাৰসাম্য, এই প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ বাবে হাচিলাবিল, উৰপদ বিল আৰু কুমৰী বিল, এই তিনিওটা জলাশয় খুব প্ৰয়োজনীয় । ৰাজ্যৰ কেবিনেটে হাচিলা বিল আৰু উৰপদ বিলৰ এলেকাটোক বনাঞ্চললৈ ৰূপান্তৰ কৰাৰ বাবে ইতিমধ্যে প্ৰাৰম্ভিক কাম আৰম্ভ কৰিছে । তিনিমাহৰ ভিতৰত ৰাইজৰ মতামত আৰু শুনানি লৈ এই দুখন বিলক আমি বনাঞ্চললৈ ৰূপান্তৰ কৰিম । কুমৰী বিলখনকো আমি বনাঞ্চল কৰাৰ বাবে আমি প্ৰস্তাৱ ৰাখিছো ।"
তেওঁ লগতে কয়, "ইয়াত বনাঞ্চলৰ লগে লগে পৰ্যটনো হ'ব । পৰ্যটন উন্নয়ন নিগমে ইয়াৰ এখন ট্য়ুৰিজিম মাষ্টাৰ প্লেন নিৰ্মাণ কৰিব । তাৰ বাবে ইতিমধ্যে মই তেওঁলোকক দায়িত্ব দিছো । আজি মই নিজে এবাৰ চাই গ'লো আৰু সেইধৰণে আমি ব্যৱস্থাখিনি আগবঢ়াই লৈ যাম, মই ৰাইজৰ সহযোগিতা কামনা কৰিলো ।"

ইফালে উৰপদ আৰু কুমৰী বিলৰ বেদখলৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই কয়, "উৰপদ আৰু কুমৰী বিলত যি বেদখল আছে, সেই বেদখলখিনিও আমি আঁতৰাম । মই ভাবো যে বনাঞ্চললৈ ৰূপান্তৰ হোৱাৰ লগে লগে ম্য়াদী পট্টা দিয়াখিনিকো আমি অধিগ্ৰহণ কৰি আঁতৰাব লাগিব । তেওঁলোকক আমাৰ ভূমি আইনমতে যিখিনি পাই সেইখিনি দি আঁতৰাব লাগিব আৰু বেদখল কৰাখিনিক মই ভাবো আমি অনুৰোধ কৰিলে নিজে উঠি যাব ।"

ৰাক্ষসিনীৰ কি হ'ব বুলি কৰা এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "ৰাক্ষসিনীৰ ক্ষেত্ৰত গোটেই সমস্যাটো বহুদিনীয়া পুৰণি, তাক আমি চোৱাচিতা কৰি আছো । কাৰণ তাত নতুনকৈয়ো মানুহ আহিছে আৰু বহু বছৰ পুৰণা মানুহো আছে । গতিকে গোটেই কথাখিনিক লৈ আমি বিভিন্ন ব্যক্তিক লৈ আমি আলোচনা কৰি আছো । মোক আৰু ৩০-৪৫ দিন সময় লাগিব, তাৰ পিছত ৰাইজৰ লগত আহি কথা পাতিম ।"
উচ্ছেদিত এলেকাত থকা ৰাইজৰ প্ৰসংগত তেওঁ কয়, "পুৰণিতো ইয়াত থাকিবই নোৱাৰে, ইয়াত বহাটোৱেই নতুন । কোন চনত বহিছে চেটেলাইটত চাবই পাৰি । তাৰ আগত তেওঁলোক ক'ত আছিল, গতিকে ইয়াৰ আগত তেওঁলোক য'ত আছিল তালৈ যোৱাৰ কাৰণে আমি সুবিধা কৰি দিম, যদি কোনোবা একেবাৰে ভূমিহীন লোক আছে তেনেহ'লে কথাটো বেলেগ ।"
তেওঁ লগতে কয়, "প্ৰথম আমি জানিব লাগিব ক'ৰ পৰা আহিছিল । যিখিনি মানুহে নিজৰ ঠাইলৈ উভতি যাব নোৱাৰে, তেওঁলোকৰ লগত আমি পিছত কথা পাতিম । কিন্তু গোটই ঘৰবোৰ দেখিলে গম পাব ১০-১২ বছৰত হোৱা বা ১৫ বছৰত হোৱা । গতিকে ১৫ বছৰ আগতেতো পৰিয়ালটোৰ ক'ৰবাৰ পৰা আহিছিল ! যদি গৰাখহনীয়া হৈছিল, মাটি গৈছিল তেতিয়া আমি সেই গাঁৱতে ব্যৱস্থা কৰি দিম ।"

মুখ্যমন্ত্ৰীয়ে গোৱালপাৰা পূব বিধানসভা সমষ্টিৰ কংগ্ৰেছ বিধায়ক এ কে ৰশ্বিদ আলমৰ ইটাভাতা সন্দৰ্ভত কয়, "বিধায়ক এ কে ৰশ্বিদ আলমে চৰকাৰকখনক চেলেঞ্জ কৰে ৷ বিধায়কগৰাকীয়ে গোৱালপাৰাত উচ্ছেদ কৰিলে বিজেপি চৰকাৰক চাই লম বুলি কৈছিল । নিজে যেতিয়া আইনাৰ ঘৰত থাকে তেতিয়া আৰু বেলেগক গালি গালাজ পাৰে নেকি ? নিজৰে ইটাভাতা চৰকাৰী মাটিত আছে আৰু তেঁৱেই চৰকাক চেলেঞ্জ দি আছে ৷"
ইয়াৰ পিছতে গো-মাংসৰ বিতৰ্ক প্ৰসংগত তেওঁ কয়, "এটা মাংস যদি হিন্দুৱে বেয়া পায়, ইটো মাংস মুছলমানে বেয়া পায় । যদি হিন্দুৱে বেয়া পোৱা বস্তুটো হিন্দুৰ স্থানত আহে, তেন্তে মুছলমানে বেয়া পোৱা বস্তুটো মুছলমানৰ স্থানত আহিব । সেইকাৰণে এইবিলাক যুদ্ধ কৰিবই নাপায় । গো-মাংস গো-মাংসৰ জেগাত থাকক, গো-মাংস নামঘৰত আহিব নালাগে । কোনোবাদিনা নামঘৰ, মন্দিৰৰ মানুহেও গৈ মছজিদত গাহৰিৰ মাংস ৰাখি দিব, তেতিয়া কি হ'ব ? আমি দুয়োটাই বিচৰা নাই, না গো-মাংস ওলাওক, না গাহৰি মাংস ওলাওক ।"