মণ্ডপে মণ্ডপে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা, দুদিনত দুকুৰি
Durga Puja: দুৰ্গোৎসৱৰ আনন্দত মতলীয়া সকলো । মুখ্যমন্ত্ৰীয়েও উপভোগ কৰিছে পূজাৰ আনন্দ । দুদিনতে ৪০ খন পূজা মণ্ডপত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।

Published : October 10, 2024 at 10:40 PM IST
গুৱাহাটী,১০ অক্টোবৰ: ৰাজ্যজুৰি শাৰদীয় দুৰ্গোৎসৱৰ পাৰভঙা আনন্দ । এই আনন্দৰ মাজতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই এখনৰ পাছত আনখনকৈ পূজা মণ্ডপত উপস্থিত হৈ ৰাইজৰ সৈতে উপভোগ কৰিছে শাৰদীয় দুৰ্গোৎসৱ । এখন-দুখন নহয় দুটা দিনত মুখ্যমন্ত্রীয়ে ৪০ খনকৈ পূজাস্থলীত উপস্থিত হৈ দুৰ্গোৎসৱৰ আনন্দ উপভোগ কৰিছে । ষষ্ঠীৰ দিনাই মুখ্যমন্ত্রীয়ে গুৱাহাটী মহানগৰী আৰু ইয়াৰ দাঁতিকাষৰীয়া ১৪ খনকৈ পূজাস্থলী দৰ্শন কৰে ।
আনহাতে আজি মহাসপ্তমীৰ দিনা মুখ্যমন্ত্রীয়ে গুৱাহাটীৰ তিনিটাকৈ ৱাৰ্ডৰ ২৬ খন পূজাস্থলী দৰ্শন কৰে । মণ্ডপে মণ্ডপে ঘূৰি মুখ্যমন্ত্রীয়ে দেৱী দুৰ্গাৰ আশীষ নিৰ্মালি গ্ৰহণ কৰাৰ লগতে ৰাইজৰে সৈতে পূজাৰ আনন্দত মিলিত হয় । মুখ্যমন্ত্ৰীয়ে আজি প্ৰথমভাগত ধীৰেণপাৰাৰ বৃহত্তৰ গণেশপাৰা সাৰ্বজনীন শ্ৰীশ্ৰীদুৰ্গাপূজা, দাঁতালপাৰা সাৰ্বজনীন দুৰ্গাপূজা, বৃহত্তৰ গড়চুক চাৰিআলি সাৰ্বজনীন শ্ৰীশ্ৰীদুৰ্গাপূজা, বৃহত্তৰ কটাহবাৰী সাৰ্বজনীন দুৰ্গা পূজাত উপস্থিত হৈ মাৰ শ্ৰীচৰণত সেৱা আগবঢ়ায় আৰু অসমবাসীৰ মংগল কামনা কৰে ।
মুখ্যমন্ত্রীয়ে আজি গুৱাহাটীৰ ২৩ নং, ২ নং আৰু ৯ নং বাৰ্ডৰ ক্ৰমে বৃহত্তৰ বকুল নগৰ সাৰ্বজনীন দুৰ্গা পূজা, শংকৰদেৱ হাউচিং ছ'চাইটি দুৰ্গা পূজা, চাৰ্ভে স্কুল আঞ্চলিক সাৰ্বজনীন শ্ৰীশ্ৰী দুৰ্গা পূজা, গ্ৰীণ টেক পাৰ্ক ৱেলফেয়াৰ ছ'চাইটি দুৰ্গা পূজা, সতী জয়মতী নগৰ সাৰ্বজনীন দুৰ্গা পূজা, সাৰ্বজনীন দুৰ্গা পূজা (জি ইউ), অনিসা এপাৰ্টমেণ্ট দুৰ্গা পূজা, বকুল নগৰ সাৰ্বজনীন শাৰদী শ্ৰীশ্ৰী দুৰ্গা পূজা, ৰূপকোঁৱৰ হাউচিং কমপ্লেক্স দুৰ্গা পূজা, প্ৰাগজ্যোতিষ নগৰ এণ্ড মিলন নগৰ দুৰ্গা পূজা, সূৰ্য কিৰণ দুৰ্গা পূজা, শ্ৰী শিৱ মন্দিৰ সঞ্চালন সমিতি (নেপালী মন্দিৰ গোশালা), শিৱ মন্দিৰ ৰিজাৰ্ভ লাইন মালিগাঁও দুৰ্গা পূজা, নীলাচলপুৰ বেজবৰুৱা নগৰ সাৰ্বজনীন দুৰ্গা পূজা, বি জি ক'লনীৰ দুৰ্গা পূজা, বালক ক্লাৱৰ দুৰ্গা পূজা, নিউ গোশালাৰ দুৰ্গা পূজাকে ধৰি কেইবাখনো পূজাস্থলী দৰ্শন কৰে ।
উল্লেখ্য যে মুখ্যমন্ত্রীয়ে ষষ্ঠীৰ দিনা ধাৰাপুৰ, কাঁহিকুছি, গৰল, আজাৰা, ৱাৰ্ড নং ১ আৰু ৱাৰ্ড নং ২ৰ অন্তৰ্গত ১৪ খন পূজাস্থলী দৰ্শন কৰি মা দুৰ্গাৰ আশীষ নিৰ্মালি গ্ৰহণ কৰে ।

