শিলচৰ: বান-ভূমিস্খলনে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বৰাক উপত্যকাত । বৰাক নৈসহ বিভিন্ন নৈ-উপনৈৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিছে ন ন অঞ্চল । এফালে বানে ঘৰ-ভেটি বুৰাই পেলোৱাৰ পিছত আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰিছে একাংশই, আনফালে ভয়ানক ভূমিস্খলনৰ ফলত স্তব্ধ হৈ পৰিছে যাতায়াত ব্যৱস্থা । ইয়াৰ মাজতে মঙলবাৰে বন্যাৰ্তৰ কাষত উপস্থিত হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । বন্যাৰ্তৰ অভাৱ অভিযোগৰ বুজ ল'লে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
কাছাৰৰ শেহতীয়া বান পৰিস্থিতিৰ বুজ ল'বলৈ মঙলবাৰে আহি শিলচৰত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ পুৱা ১০ বজাত শিলচৰত উপস্থিত হৈ শিলচৰ চৰকাৰী বালক বিদ্যালয়ৰ আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি বানাক্ৰান্ত ৰাইজৰ অভাৱ-অভিযোগৰ বুজ লয় ৷ মুখ্যমন্ত্ৰীৰ লগত উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰীকা, কৌশিক ৰায় আৰু কৃষ্ণেন্দু পাল ৷ শিলচৰ চহৰত মুঠ পাঁচটাকৈ আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি পুনৰ গুৱাহাটীলৈ ৰাওনা হয় মুখ্যমন্ত্ৰীগৰাকী ।
ইফালে বানৰ কৱলত পৰিছে শিলচৰ-শ্ৰীভূমি সংযোগী ৬ নং ৰাষ্ট্ৰীয় ঘাইপথ । বৰাক নৈৰ বাঢ়নী পানীত ডুব গৈছে শিলচৰ-শ্ৰীভূমি সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ । পথছোৱাৰ শালচাপৰা অঞ্চলত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰিছে বৰাক নৈৰ বাঢ়নী পানী । ফলত স্তব্ধ হৈ পৰিছে যাতায়ত ব্যৱস্থা ৷ বাঢ়নী পানীয়ে বুৰাই পেলোৱা ৰাষ্ট্ৰীয় ঘাইপথৰেই বিপদসংকুলভাৱে চলিছে বিভিন্ন যান-বাহন । অতি গুৰুত্বপূৰ্ণ এই পথছোৱা ডুব যোৱাত বিচ্ছিন্ন হৈ পৰিছে শিলচৰ আৰু শ্ৰীভূমি জিলাৰ যোগাযোগ ব্যৱস্থা ।
আনহাতে বন্যাৰ্ত ৰাইজে পৰ্যাপ্ত সা-সুবিধা লাভ নকৰাৰ অভিযোগো উত্থাপিত হৈছে । এই সন্দৰ্ভত এগৰাকী স্থানীয় জনপ্ৰতিনিধিয়ে কয়, "আমি বানপীড়িত অঞ্চল পৰিদৰ্শন কৰি বুজিছোঁ যে অতৰ্কিতভাৱে মানুহৰ ঘৰ-ভেটি প্লাৱিত হোৱাৰ ফলত কোনো উপায় নোহোৱা হৈছে । এতিয়া মানুহখিনিয়ে থকাৰ সুবিধাও ভালকৈ পোৱা নাই । তেওঁলোকে নিজাকৈ তম্বু তৰি আশ্ৰয় গ্ৰহণ কৰিছে । প্ৰশাসনে যদি প্লাষ্টিক আদিৰ যোগান ধৰে মানুহখিনিয়ে কিছু সকাহ পাব ।"
বানৰ মাজতে ভূমিস্খলনেও লৈছে ভয়ংকৰ ৰূপ । ইতিমধ্যে শিলচৰ-হাফলং সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত হোৱা ভূমিস্খলনৰ ফলত ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা । বিগত কেইবাদিনো ধৰি বন্ধ হৈ আছে শিলচৰ-মেঘালয় হৈ গুৱাহাটী সংযোগী পথ । বানে বিধ্বস্ত বৰাক উপত্যকাৰ বাবে একমাত্ৰ বিকল্প পথ আছিল শিলচৰ-হাফলং ৰাষ্ট্ৰীয় ঘাইপথ ৷ কিন্তু মঙলবাৰে হোৱা ভূমিস্খলনৰ বাবে বন্ধ হৈ পৰিল একমাত্ৰ বিকল্প এই পথছোৱাও ৷ মঙলবাৰে পুৱা শিলচৰ-ডিমা হাচাও সীমান্তৱৰ্তী বান্দৰখলত ভয়াবহ ভূমিস্খলনে সম্পূৰ্ণৰূপে বন্ধ কৰি তোলে যান-বাহন চলাচল ।