ETV Bharat / state

গুৱাহাটীত নতুনকৈ পাঁচটা চি এন জি ষ্টেচন মুকলি কৰিলে মুখ্যমন্ত্রীয়ে - CNG Stations in Guwahati

Himanta Biswa Sarma inaugurates CNG station : মঙলাবেৰ ৫ টা নতুন গেছ ষ্টেচন উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ কামৰূপ আৰু কামৰূপ মহানগৰ জিলাত আৰু আঠটা চি এন জি ষ্টেচনৰ পৰিকল্পনা ৷ কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিতো চলি আছে চি এন জি ষ্টেচনৰ কাম ৷

Himanta Biswa Sarma inaugurates CNG station
চি এন জি ষ্টেচন মুকলি মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 13, 2024 at 10:42 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী, ১৩ আগষ্ট : সমগ্ৰ দেশৰ লগতে অসমতো ইন্ধনচালিত বাহনসমূহে বায়ু প্ৰদূষণৰ প্ৰধান কাৰক হিচাপে পৰিণত হৈছে । সেই উদ্দেশ্যে বায়ু প্ৰদূষণৰ পৰা কিছু পৰিত্ৰাণ পাবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে গুৱাহাটীৰ লগতে সমগ্ৰ অসমতে ইলেক্ট্ৰিক বাছ আৰু চি এন জি বাছ চলাচলৰ ক্ষেত্ৰত অগ্ৰসৰ হৈছে ।

মঙলবাৰে দিছপুৰৰ লোকসেৱা ভৱনত ৫ টাকৈ নতুন গেছ ষ্টেচনৰ ভাৰ্চুৱেলী উদ্বোধন কৰা হয় । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ষ্টেচনকেইটা আনুষ্ঠানিকভাৱে মুকলি কৰে । উলুবাৰী, সোণাপুৰ, কাহিলীপাৰা, লালমাটি আৰু আজাৰাৰ চি এন জি গেছ ষ্টেচনৰ আনুষ্ঠানিক শুভ উদ্বোধনী কৰা হয় ।

উদ্বোধনী ভাষণত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘আমাৰ পৰিৱেশ সুৰক্ষিত কৰি ৰাখিবলৈ বায়ু প্ৰদূষণ, পানী প্ৰদূষণ, মাটি প্ৰদূষণ আদিৰ পৰা মুক্ত কৰি ৰাখিব লাগিব । পৰিৱেশ সুৰক্ষাৰ কাৰণে অৰ্থাৎ সুস্থ পৰিৱেশ পাবৰ বাবে আমাৰ দেশত বহুতো আইন প্ৰণয়ন কৰা হৈছে । বৰ্তমান পৰিৱেশৰ বাতাবৰণ সলনি কৰাৰ ক্ষেত্ৰত এই চি এন জিৰ জৰিয়তে বহুকেইখন ৰাজ্যত ইতিমধ্যে সুফল পোৱা গৈছে । ভৱিষ্যতৰ দিনত জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত এই চি এন জিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ।’’

মুখ্যমন্ত্ৰীয়ে লগতে কয়, ‘‘এই পাঁচটাকে ধৰি গুৱাহাটী মহানগৰীত চি এন জি ষ্টেচনৰ সংখ্যা সাতটালৈ বৃদ্ধি পালে । ২০২৩ চনৰ পহিলা জানুৱাৰীত প্ৰথম দুটা চি এন জি ষ্টেচন মুকলি কৰা হৈছিল । সিদিনাই ১০০খন চি এন জি বাছ মুকলি কৰা হৈছিল । কামৰূপ আৰু কামৰূপ মহানগৰ জিলাত আৰু আঠটা চি এন জি ষ্টেচনৰ পৰিকল্পনা কৰা হৈছে । আনহাতে কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিত পাঁচটা চি এন জি ষ্টেচনৰ কাম চলি আছে ।

দুৰ্গা পূজাৰ আগে আগে গুৱাহাটী মহানগৰীত পাঁচ হাজাৰ গৃহত ৰন্ধন গেছ পাইপ লাইন যোগে যোগান ধৰা হ'ব । কম সময়ৰ ভিতৰত ১৫ হাজাৰ সংযোগ দিয়া হ'ব । কাছাৰত ১৫০০ পৰিয়ালক দিয়া হৈছে । গুৱাহাটীত আৰু ১০০খন ইলেক্ট্ৰিক বাছ দিয়াৰ প্ৰক্ৰিয়া চলি আছে । পৰিবহণ ব্যৱস্থাটোক গ্ৰীণ এনাৰ্জিলৈ নিয়াৰ প্ৰয়াস কৰা হৈছে । ২০২৫ চনৰ পিচত যিকোনো বাহন ইলেক্ট্ৰিক শক্তিচালিত বাহন ক্ৰয় কৰা হ’ব ।’’ অনুষ্ঠানত মন্ত্ৰী বিমল বড়া, অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ মিচন ৰঞ্জন দাস, উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ সচিব ড৹ লক্ষ্মণন এছ, পূৰ্ব ভাৰতীৰ মুখ্য কাৰ্য্যবাহী বিষয়া মনোজ কুমাৰ বৰুৱাৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল ।

লগতে পঢ়ক : গুৱাহাটীৰ বানৰ বাবে বিশেষজ্ঞৰ দল : তিনি বছৰ লাগিব সমস্যা সমাধানৰ বাবে