জনজাতিকৰণৰ দাবীত চলি থকা প্ৰতিবাদলৈ মুকলি সমৰ্থন মুখ্যমন্ত্ৰীৰ
মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰি তিনিচুকীয়াত ৬ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ ডাঙৰ ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে ।

Published : October 9, 2025 at 8:26 AM IST
তিনিচুকীয়া : জনজাতিকৰণৰ দাবীত মৰাণ, মটক, চাহ জনগোষ্ঠী আদিকে ধৰি ৬ টাকৈ জনগোষ্ঠীয়ে ৰাজ্যত প্ৰতিবাদ অব্যাহত ৰাখিছে । বিশেষকৈ তিনিচুকীয়া জিলাত জনগোষ্ঠীকেইটাৰ বিভিন্ন সংগঠনে বিশাল প্ৰতিবাদ সাব্যস্ত কৰিছে । বুধবাৰেও চাহ জনগোষ্ঠীৰ লোকসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । এই প্ৰতিবাদৰ মাজতে জিলাখনত উপস্থিত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ।
মুখ্যমন্ত্ৰীয়েও জনজাতিকৰণৰ দাবীত চলি থকা প্ৰতিবাদক একপ্ৰকাৰ সমৰ্থন জনালে । তেওঁৰ মতে প্ৰতিবাদ হোৱা উচিত আৰু ন্যায্য দাবীত মানুহে আন্দোলন কৰিবই ।
তেওঁ প্ৰতিবাদৰ প্ৰতি সমৰ্থন জনাই কয়, "এই আন্দোলন জনজাতিকৰণৰ কাৰণে আৰু বিজেপিৰো তাত সমৰ্থন আছে । আমাৰ দলৰ সদস্যসকলো আন্দোলনত আহিব । এই আন্দোলনত বিজেপিও জড়িত আছে ।" অৱশ্যে মুখ্যমন্ত্ৰীৰ এই মন্তব্যই কিহৰ ইংগিত দিছে সেয়াহে ডাঙৰ প্ৰশ্ন ।
উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে তিনিচুকীয়াত দ্বিতীয় দিনৰ কাৰ্যসূচী হিচাপে পুৱাই গেলাপুখুৰীস্থিত নৱনিৰ্মিত চৰকাৰী আৱৰ্ত ভৱনত গছপুলি ৰোপণ কৰে । তাৰ পাচতে নৱনিৰ্মিত আৱৰ্ত ভৱনত মুখ্যমন্ত্ৰীক মৰাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য অৰুণজ্যোতি মৰাণৰ নেতৃত্বত মৰাণ জনগোষ্ঠীৰ পৰম্পৰাগত খিলাং চাহৰ পেকেট প্ৰদান কৰে ।
জয় আই অসম 🙏🏼
— Himanta Biswa Sarma (@himantabiswa) October 8, 2025
Our ancestors knew how to fight and flourish to preserve our identity, our current and next generation should also follow their footsteps. pic.twitter.com/A5iPdjEsir
ইয়াৰ পিছত তিনিচুকীয়াৰ বৰগুৰিস্থিত মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহদেৱৰ পৰিনাতি তথা মটক ৰাজবংশ উন্নয়ন সমিতিৰ সভাপতি হেমন্ত গোহাঁইৰ ঘৰত উপস্থিত হৈ পৰম্পৰাগত নাঙল ধোৱা পিঠাৰ লগতে জলপানৰ জুতি লয় মুখ্যমন্ত্ৰীগৰাকীয়ে । সমান্তৰালভাৱে নামঘৰত সেৱা লৈ মুখ্যমন্ত্ৰীয়ে বেংমৰা ৰাজ্যৰ ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহদেৱৰ পৌৰাণিক সম্পদসমূহ পৰিদৰ্শন কৰে ।
Empowered women, happy faces. #MMMUA pic.twitter.com/PJsY8h8n1l
— Himanta Biswa Sarma (@himantabiswa) October 8, 2025

পৰৱৰ্তী সময়ত তিনিচুকীয়াৰ কেহাং চাহ বাগিচাৰ টিংৰাই ক্লাৱ খেলপথাৰত আয়োজিত কাৰ্যসূচীত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । মুখ্যমন্ত্ৰীগৰাকীকে টিংৰাই ক্লাৱৰ খেলপথাৰত উপস্থিত হোৱাৰ পাছতে তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণে আদৰণি ভাষণ আগবঢ়াই আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে তিনিচুকীয়া বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ মহিলাসকলক সম্বোধন কৰি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণৰ কাৰ্যসূচী শুভাৰম্ভ কৰে ।

Igniting the spirit of entrepreneurship 💪🏼📈
— Himanta Biswa Sarma (@himantabiswa) October 8, 2025
In Tinsukia, I distributed Seed Fund of ₹10,000 each to over 14,000 women who will now be able to set up and scale their businesses.
We are providing all round support to our Nari Shakti to stir an economic renaissance in Assam. pic.twitter.com/VjCaduJkkk
উক্ত অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে উপস্থিত মহিলাসকলক সম্বোধন কৰি কয়, "অসমৰ নাৰী শক্তিক উদ্যোগীকৰণৰ দিশত সবল কৰি আদৰ্শ নাৰী শক্তিলৈ ৰূপান্তৰ কৰিবলৈ আমি বিভিন্ন প্ৰচেষ্টা গ্ৰহণ কৰিছোঁ ৷ আত্মসহায়ক গোটৰ সদস্যাসকলক গ্ৰাম্য উদ্যোগী হিচাপে গঢ়ি তুলিবলৈ আমাৰ চৰকাৰে ৰূপায়ণ কৰা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত তিনিচুকীয়া বিধানসভা সমষ্টিৰ ১৪,৩০১ গৰাকী মহিলাই ১০ হাজাৰ টকাকৈ চেক লাভ কৰিব । ইয়াৰ ভিতৰত ১০,৬৫৪ গৰাকী হিতাধিকাৰী গ্ৰামাঞ্চলৰ আৰু ৩,৬৪৭ গৰাকী হিতাধিকাৰী নগৰাঞ্চলৰ । উপস্থিত সকলোৱে হাতত একোখনকৈ চেক লৈ ঘৰলৈ উভতিব । আমাৰ চৰকাৰে ভাৰতত প্ৰায় ৩ কোটি আৰু অসমত প্ৰায় ৪০ লাখ মহিলাক লাখপতি বাইদেউ কৰাৰ উদ্দেশ্যে এই আঁচনি লৈছে । ইতিমধ্যে ৰাজ্যৰ ৮ লাখ মহিলাই লাখপতি বাইদেউৰ স্বীকৃতি পাইছে ।"
Sashakt Nari- Viksit Assam 💪🏼 pic.twitter.com/1yDpNP8q3a
— Himanta Biswa Sarma (@himantabiswa) October 8, 2025
তেওঁ লগতে বিৰোধী কংগ্ৰেছক লক্ষ্য কৰি কয়, "আমি মহিলাসকলক ১০ হাজাৰ টকাকৈ ধন দিয়াৰ কথা কওঁতে কংগ্ৰেছে কৈছিল এইবোৰ মিছা, কিন্তু আমি যিটো কওঁ সেইটো কৰোঁ । আমিটো আৰু কংগ্ৰেছৰ দৰে সূতা-কম্বল বিতৰণ নকৰোঁ । কংগ্ৰেছৰ লোকসকল কিজানি মাতৃৰ গৰ্ভৰ পৰা জন্ম হোৱাই নাই, কিবা যন্ত্ৰৰ পৰাহে জন্মলাভ কৰিলে ।"
More glimpses 📸 pic.twitter.com/7VWsppvrB6
— Himanta Biswa Sarma (@himantabiswa) October 8, 2025
এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ সৈতে মন্ত্ৰী বিমল বড়া আৰু ৰূপেশ গোৱালা, বিধায়ক সঞ্জয় কিষাণ, সুৰেন ফুকন, ভাস্কৰ শৰ্মা, তেৰছ গোৱালা, জিলা আয়ুক্ত স্বপ্নীল পাল, তিনিচুকীয়া পৌৰসভাৰ পৌৰপতি পুলক চেতিয়া, তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ কাজল গোঁহাই, মৰাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য অৰুণজ্যোতি মৰাণৰ লগতে কেইবাগৰাকীও নেতা-কৰ্মী তথা বিভাগীয় বিষয়া উপস্থিত থাকে ।

লগতে পঢ়ক :কেতিয়া দাখিল কৰা হ'ব অভিযোগনামা ? ক'লে মুখ্যমন্ত্ৰীয়ে

