হায়দৰাবাদ: বাংলাদেশ চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে আগবঢ়োৱা বক্তব্যক তীব্ৰ গৰিহণা দিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ উত্তৰ-পূব ভাৰতৰ সাতখন ৰাজ্য ‘স্থলভাগেৰে আগুৰি’ থকাৰ বাবে বাংলাদেশ ‘সমুদ্ৰৰ একমাত্ৰ ৰক্ষক’ বুলি মহম্মদ ইউনুছে কৰা মন্তব্য ‘আপত্তিজনক আৰু অতি নিন্দনীয়’ বুলি মঙলবাৰে অভিহিত কৰে ড৹ শৰ্মাই ।
মুখ্যমন্ত্ৰী ড৹ শৰ্মাই তেওঁৰ X ত কয়, "বাংলাদেশৰ তথাকথিত অন্তৱৰ্তীকালীন চৰকাৰৰ মহম্মদ ইউনুছে যি বক্তব্য দিছে, য’ত তেওঁ উত্তৰ-পূব ভাৰতৰ সাতখন ভগ্নীৰাজ্যক ভূমিবন্দী বুলি অভিহিত কৰি বাংলাদেশক তেওঁলোকৰ সামুদ্ৰিক প্ৰৱেশৰ ৰক্ষক হিচাপে প্ৰক্ষেপ কৰিছে, সেয়া অতিশয় ক্ষোভজনক আৰু তীব্ৰ নিন্দনীয় ।" তেওঁ কয় যে মহম্মদ ইউনুছৰ এনে উত্তেজক বক্তব্যক সহজভাৱে লোৱা উচিত নহয়, কাৰণ ইয়াৰ দ্বাৰা গভীৰ কৌশল আৰু দীৰ্ঘম্যাদী কাৰ্যসূচী প্ৰতিফলিত হয় ।
The statement made by Md Younis of Bangladesh so called interim Government referring to the seven sister states of Northeast India as landlocked and positioning Bangladesh as their guardian of ocean access, is offensive and strongly condemnable. This remark underscores the…
— Himanta Biswa Sarma (@himantabiswa) April 1, 2025
বাংলাদেশক অঞ্চলটোৰ ‘সমুদ্ৰৰ একমাত্ৰ ৰক্ষক’ বুলি অভিহিত কৰি ইউনুছে কৈছিল যে এয়া এক বৃহৎ সুযোগ আৰু চীনৰ অৰ্থনীতিৰ সম্প্ৰসাৰণ হ’ব পাৰে । ইউনুছে কয়, "ভাৰতৰ পূব অংশৰ সাতখন ৰাজ্যক সাতভগ্নী বুলি কোৱা হয় । ভাৰতৰ ভূমি আবদ্ধ অঞ্চল । সাগৰত উপনীত হোৱাৰ কোনো উপায় নাই ।"
ড৹ শৰ্মাই আৰু কয় যে এই মন্তব্যই “ভাৰতৰ কৌশলগত ‘চিকেন নেক’ কৰিডৰৰ সৈতে জড়িত দুৰ্বলতাৰ স্থায়ী আখ্যানক” আলোকপাত কৰিছে । তেওঁ কয়, "ঐতিহাসিকভাৱে ভাৰতৰ ভিতৰৰ আভ্যন্তৰীণ উপাদানসমূহেও উত্তৰ-পূবক মূল ভূখণ্ডৰ পৰা শাৰীৰিকভাৱে পৃথক কৰিবলৈ এই গুৰুত্বপূৰ্ণ পথটো কাটি পেলোৱাৰ বিপদৰ কথা কৈছে । গতিকে চিকেন নেক কৰিড’ৰৰ তলত আৰু চাৰিওফালে অধিক শক্তিশালী ৰে’লপথ আৰু পথ নেটৱৰ্ক গঢ়ি তোলাটো গুৰুত্বপূৰ্ণ ।"
মুখ্যমন্ত্ৰী ড৹ শৰ্মাই উত্তৰ-পূবক ভাৰতৰ বাকী অংশৰ সৈতে সংযোগ কৰা বিকল্প পথসমূহ অন্বেষণ কৰিবলৈও অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনায়, যাতে ‘চিকেন নেক’ক ফলপ্ৰসূভাৱে বাইপাছ কৰিব পৰা যায় ।
তেওঁ কয় যে ইয়াৰ ফলত অভিযান্ত্ৰিক ক্ষেত্ৰত উল্লেখযোগ্য প্ৰত্যাহ্বানৰ সৃষ্টি হ’ব পাৰে, কিন্তু ইয়াক ‘দৃঢ়তা আৰু উদ্ভাৱন’ৰ দ্বাৰা লাভ কৰিব পৰা যাব ।
লগতে পঢ়ক: চীন আৰু ভাৰতৰ উত্তৰ-পূবৰ মাজত কৌশলগত সম্পৰ্কৰ প্ৰস্তাৱ বাংলাদেশৰ নেতা ইউনুছৰ