খাহীৰ তেলেৰে মাহৰ দাইলৰ ভোজ খুৱাই ধমক খালে বৰ্ণালী ডেকাই : জিলা আয়ুক্তলৈ মুখ্যমন্ত্ৰীৰ পত্ৰ - Cabinet Meeting in Nalbari
Himanta Biswa Sarma letter to Nalbari DC: মন্ত্ৰীসভাখন জিলাখনলৈ আহিছে বুলি বৃহৎ আয়োজন কৰিলে বৰ্ণালী ডেকাই ৷ মুখ্যমন্ত্ৰীয়ে নিবিচাৰিলেও ভালকৈ এসাজ খুৱাই পঠিওৱাৰ মন কৰিলে জিলা আয়ুক্তগৰাকীয়ে ৷ তাতেই অসন্তুষ্ট হ’ল ড৹ শৰ্মা ৷ কঠোৰ নিন্দাৰে দিলে পত্ৰ ৷

Published : June 28, 2024 at 7:11 PM IST
গুৱাহাটী, ২৮ জুন: মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীবৰ্গৰ বাবে ৰাজকীয় আহাৰৰ আয়োজন কৰি অৱশেষত মুখ্যমন্ত্ৰীৰ পৰা লিখিত সকীয়নি পালে নলবাৰী জিলা আয়ুক্ত বৰ্নালী ডেকাই । বৃহস্পতিবাৰে নলবাৰীত অনুষ্ঠিত হৈছিল অসম চৰকাৰৰ কেবিনেটৰ বৈঠক । এদিনৰ বাবে নলবাৰী পৰিণত হৈছিল দিছপুৰত । কেবিনেটে গ্ৰহণ কৰিছিল জনসাধাৰণৰ মন আকৰ্ষিত কৰিব পৰাকৈ কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত । এই সকলো উৎসাহৰ মাজতে জিলা প্ৰশাসনে আয়োজন কৰা মেটমৰা খাদ্য সম্ভাৰে অস্বস্তিত পেলালে ৰাজ্য চৰকাৰক । যাৰ বাবে অৱশেষত এই লৈ মুখ্যমন্ত্ৰীৰ ধমক খালে আয়ুক্ত বৰ্ণালী ডেকাই ৷

লগতে পঢ়ক: মিনি দিশপুৰত পৰিণত নলবাৰী, জিলা আয়ুক্তৰ কাৰ্যালয়ত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক
উল্লেখযোগ্য যে, বঙাইগাঁৱকে ধৰি কেইবা ঠাইত হোৱা কেবিনেট বৈঠকতো এনে ৰাজকীয় ভোজন আয়োজনক লৈ চৰকাৰ সমালোচনাৰ সন্মুখীন হৈছিল । তাৰ পিচতেই কেবিনেটত সিদ্ধান্ত লৈ মুখ্যমন্ত্ৰীয়ে ঘােষণা কৰিছিল যে কেবিনেট বৈঠকসমূহত আহাৰৰ ক্ষেত্ৰত কিছু সীমাবদ্ধতা থাকিব ৷ যেনে- কেৱল নিৰামিষ আহাৰৰ ব্যৱস্থাহে কৰিব পাৰিব । কেবিনেট বৈঠকৰ নামত জিলাত নতুন নিৰ্মাণ, মেৰামতি আদি কৰিব নোৱাৰিব । জিলা আয়ুক্তই কেবিনেট বৈঠকৰ যা-যোগাৰ তিনি লাখ টকাৰ ভিতৰত কৰিব লাগিব । আনকি এই সম্পৰ্কত জিলা আয়ুক্তসকললৈ আনুুষ্ঠানিক নীতি-নিৰ্দেশনাও দিয়া হৈছিল ।
কিন্তু ইয়াৰ বিপৰীতে চৰকাৰী নিৰ্দেশনালৈ কেৰেপ নকৰিলে নলবাৰীৰ আয়ুক্তগৰাকীয়ে । নলবাৰী জিলা আয়ুক্তই কেবিনেটত ৰাজকীয় ভোজনৰ ব্যৱস্থা কৰিলে ৷ সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত ৰাজকীয় ভোজৰ ম্যেনু বিয়পি পৰাত চৰকাৰখনক সমালোচনাৰ সন্মুখীন হ’বলগীয়া হয় ৷ তাৰ বাবে অৱশেষত এতিয়া মুখ্যমন্ত্ৰীৰ ৰোষত পৰিল জিলাখনৰ আয়ুক্ত বৰ্ণালী ডেকা ।
নলবাৰীত হোৱা কেবিনেট বৈঠকত খাদ্য সম্ভাৰৰ তালিকা:
১) প্লেইন ৰাইচ, জিৰা ৰাইছ আৰু পোলাও
২) ছাগলীৰ মাংস
৩) কাৱৈ আৰু মাগুৰ মাছৰ বিশেষ আঞ্জা
৪) মিছা মাছ ভাজি
৫) আদা দিয়া সৰু সৰু মাছ
৬) টেঙাৰে আৰি, ভকুৱা, বৰালি মাছ
৭) খাহীৰ তেলৰে মাহৰ দাইল
৮) মিক্সড ডাইল
৯) তৰকাৰী
১০) কলফুল ভাজি
১১) চিকেন চুপ বইল
১২) ঢেঁকীয়া ভাজি
১৩) কল পচলা
১৪) সৰু আলু ভাজি
১৫) বৰা ভাজি
১৬) আলু পিটিকা
১৭) পদিনা চাটনি
১৮) তিল চাটনি
১৯) অমিতা খাৰ
২০) চালাদ
২১) মিঠা দৈ
২২) গোলাপ জামুন
অৱশ্যে মুখ্যমন্ত্ৰীয়ে কেৱল নিৰামিষ আহাৰহে গ্ৰহণ কৰিছিল নলবাৰীত অনুষ্ঠিত কেবিনেট বৈঠকত ৷
লগতে পঢ়ক: ৩৫ হাজাৰ শিক্ষক পদ মুকলিৰ সিদ্ধান্ত কেবিনেট বৈঠকত

