গুৱাহাটী: মুম্বাই আক্ৰমণৰ মুখ্য পৰিকল্পনাকাৰী তাহাউৰ হুছেইন ৰাণাক বৃহস্পতিবাৰে আমেৰিকাৰ পৰা ভাৰতলৈ অনাৰ পাছতে অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সোঁৱৰণ কৰিলে এক শিহৰণকাৰী অভিজ্ঞতা ।
২৬/১১ৰ মুম্বাই আক্ৰমণত কথমপি প্ৰাণ ৰক্ষা পৰিছিল মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ । মুম্বাই আক্ৰমণৰ মাষ্টাৰ মাইণ্ড তাহাউৰ হুছেইন ৰাণাক ভাৰতলৈ অনাৰ পাছতে মুখ্যমন্ত্রী শৰ্মাই সেই ভয়াৱহ স্মৃতিৰ কথা ৰোমন্থন কৰি সামাজিক মাধ্যমযোগে ব্যক্ত কৰিলে নিজৰ অভিজ্ঞতা ।
On the night of 26/11, I was in Mumbai and scheduled to stay at the Taj. But as destiny would have it, I moved to another hotel at the last minute due to a change in plans.
— Himanta Biswa Sarma (@himantabiswa) April 11, 2025
The horror of that night, however, has stayed with me forever. I vividly remember watching the NSG… https://t.co/aj16qhxbHB
মুখ্যমন্ত্রীয়ে সামাজিক মাধ্যমযোগে কয়, "২৬/১১ ৰ সেই বিশেষ নিশাটোত মই মুম্বাইতে আছিলো আৰু আনকি তাজ হোটেলত থকাৰ কথাই আছিল । কিন্তু ভাগ্যই যেন নিৰ্ধাৰণ কৰাৰ দৰেই শেষ মুহূৰ্তত পৰিকল্পনা সলনি হোৱাৰ বাবে তাৰ পৰা ওলাই আন এখন হোটেলত আছিলো । তথাপিও সেই নিশাটো কাহানিও পাহৰিব নোৱাৰো ৷ সেই নিশা সংঘটিত হোৱা ঘটনাসমূহ মোৰ মাজত চিৰকালৰ বাবে ৰৈ গৈছে । আজি স্পষ্টভাৱে মনত আছে ঘটনাৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় নিৰাপত্তাৰক্ষী অৰ্থাৎ এন এছ জিৰ কাৰ্যকলাপ প্ৰত্যক্ষ কৰোঁতে মনলৈ বাৰে বাৰে আহিছিল - এদিন নহয় এদিন এই জঘন্য কাণ্ডৰ আঁৰত থকা 'মাষ্টাৰ মাইণ্ড' সকলক সময়ে উচিত শাস্তি প্ৰদান কৰিব । প্ৰায় ডেৰ দশকৰ পাছত দেশ কঁপোৱা এই কাণ্ডৰ অন্যতম মূল অভিযুক্ত তাহাউৰ ৰাণাক ভাৰতলৈ ঘূৰাই অনা দেখি কেৱল কেছটো চূড়ান্ত নিষ্পত্তিৰ দিশে গতি কৰিব বুলি ভবাৰ লগতে আমাৰ দেশৰ নেতৃত্বক অনুধাৱন কৰিও পুনৰ এক আত্মবিশ্বাসেৰে মনটি ভৰি পৰিছে । যেতিয়ালৈকে আমাৰ নেতৃত্বত এক সবল আৰু নিৰ্ণায়ক নেতৃত্ব আছে, শত্ৰুপক্ষীয় এজেণ্টসকলে ভাৰতৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ চেষ্টা কৰাৰ আগতে এবাৰ-দুবাৰ নহয়, বহুবাৰ ভাবিব লাগিব ।"
উল্লেখ্য যে মুম্বাই আক্ৰমণৰ মুখ্য পৰিকল্পনাকাৰী তাহাউৰ হুছেইন ৰাণাক বৃহস্পতিবাৰে আমেৰিকাৰ পৰা ভাৰতলৈ অনা হয় । নিয়াই বিশেষ বিমানেৰে আমেৰিকাৰ পৰা পোনে পোনে দিল্লীৰ বিমানবন্দৰলৈ আনে তাহাউৰ ৰাণাক । মার্কিন ছুপ্রিম ক’র্টে কুখ্যাত সন্ত্রাসবাদী তথা মুম্বাই বিস্ফোৰণ কাণ্ডৰ মাষ্টাৰ মাইণ্ড ৬৪ বছৰীয়া তাহাউৰক ভাৰতক চমজাই দিছিল ।
সেই অনুসৰি বুধবাৰে সন্ধিয়া তাহাউৰক ভাৰতলৈ অনাৰ কথা আছিল । কিন্তু কাৰিকৰী কাৰণত বুধবাৰে সম্ভৱ নোহোৱাত বৃহস্পতিবাৰে নিয়াৰ বিশেষ বিমানযোগে সন্ধিয়া মুম্বাই আক্ৰমণৰ মূল পৰিকল্পনাকাৰী তাহাউৰক ভাৰতলৈ অনা হয় ।
ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ মূল ষড়যন্ত্ৰকাৰী তাহাউৰ ৰাণাক নিয়াই গ্ৰেপ্তাৰ কৰে । তাৰপিছতে ৰাণাক দিল্লীৰ পাটিয়ালা হাউচ আদালতত হাজিৰ কৰোৱা হয় । ৰাণাক আদালতে ১৮ দিনৰ নিয়াৰ জিম্মালৈ প্ৰেৰণ কৰে ৷