অসমীয়াক সংখ্যাগুৰু কৰি ৰাখিবলৈ যিমান দিনলৈ পাৰো যুঁজিম : মুখ্যমন্ত্রী
বিগত চাৰি বছৰত চৰকাৰে চলোৱা উচ্ছেদ অভিযানৰ যোগেদি এতিয়ালৈকে ২৫ হাজাৰ হেক্টৰ মাটি মুক্ত কৰা হৈছে । সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয় মুখ্যমন্ত্রীয়ে ।

Published : July 11, 2025 at 12:36 AM IST
গুৱাহাটী : "শেহতীয়া উচ্ছেদ অভিযানৰ যোগেদি এতিয়ালৈকে চৰকাৰে হাজাৰ বিঘা ভূমি বেদখলমুক্ত কৰিছে । এই পৰিমাণ আৰু বহুত বেছি হ'ব ।" - এই মন্তব্য মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ । বৃহস্পতিবাৰে দিছপুৰৰ লোক সেৱা ভৱনত উচ্ছেদৰ প্ৰসংগত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত এইদৰে কয় মুখ্যমন্ত্রীয়ে ।
মুখ্যমন্ত্রীয়ে কয়, "বিগত চাৰি বছৰত চৰকাৰে চলোৱা উচ্ছেদ অভিযানৰ যোগেদি বহুক্ষেত্রত সফলতা আহিছে । হাতী-মানুহৰ সংঘাত কমিছে । কাজিৰঙাত বিভিন্ন বনাঞ্চলৰ পৰা গঁড় আহিছে । এতিয়ালৈকে ২৫ হাজাৰ হেক্টৰ মাটি মুক্ত কৰা হৈছে । এই পৰিমাণ আৰু বৃদ্ধি পাব । উচ্ছেদিতক প্ৰাথমিক সুবিধাখিনি চৰকাৰে দিব । পুনৰ সংস্থাপন সেইসকলক দিয়া হ'ব যিসকল ভূমিহীন আৰু ভাৰতীয় নাগৰিকক । ইয়াৰ বাবে জিলা আয়ুক্তৰ ওচৰত আবেদন কৰিব পাৰিব । নিজৰ ঠাইতহে ভূমিৰ আৱণ্টন দিয়া হ'ব । লামডিঙত উচ্ছেদিত মাত্র ৩০টা পৰিয়ালে আবেদন কৰিছিল আৰু তেওঁলোকক মাটি দিয়া হৈছে ।"
Tentatively, we have recovered 25,000 acres of land through evictions over the last four years. We will share the final details soon, but significant progress has been made in expanding Assam’s forest habitat. pic.twitter.com/1O9abvHDbZ
— Himanta Biswa Sarma (@himantabiswa) July 10, 2025
মুখ্যমন্ত্রীয়ে লগতে কয়, "লখিমপুৰত উচ্ছেদ কৰাসকল দক্ষিণ শালমাৰা, কৰিমগঞ্জৰ পৰা অহা লোক । তেওঁলোকক আমি লখিমপুৰত মাটি দিব নোৱাৰো । তেওঁলোকক নিজৰ ঠাইত সংস্থাপন দিয়া হ'ব । যদি তেওঁলোক ভাৰতীয় নাগৰিক আৰু ভূমিহীন । লখিমপুৰত ৩০০ পৰিয়ালক উচ্ছেদ কৰা হৈছিল । তেওঁলোক দক্ষিণ শালমাৰা, কৰিমগঞ্জ, হাইলাকান্দিৰ পৰা গৈছিল । ভৌগোলিক পৰিৱেশ সলনি কৰি দিয়াৰ ডাঙৰ ষড়যন্ত্র আছিল । কিছুমান মানুহক কিছুমানে বনাঞ্চললৈ খেতি কৰাবৰ বাবে লৈ যায় ।"
সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্রীয়ে কয়, "এটা ৰাজনৈতিক দল আৰু এজন ৰাজনৈতিক নেতাই এশ শতাংশ অসমীয়া সমষ্টিত অন্য ঠাইৰ পৰা লোকক লৈ যায় । ভোটৰ অংকত এনেদৰে এঠাইৰ মানুহ আন ঠাইলৈ লৈ যোৱা হয় । উচ্ছেদ কৰোতে সকলোকে কৰা হয় । কংগ্ৰেছে কোৱাৰ দৰে শ্ৰেণী বিভাজন কৰা নহয় । বিজেপি নাথাকিলে ভৌগোলিক পৰিৱেশ সলনি হৈ গ'লহেঁতেন । বিজেপি নাথাকিলে অসমখন লৈ ল'ব । গোৱালপাৰাত হিন্দু সংখ্যালঘু । ভূমিহীনে যি কোনো ঠাইলৈ গৈ বহিব নোৱাৰে । ভূমিৰ বাবে সংশ্লিষ্ট জিলাত আবেদন কৰিব । বহু ঠাইত হিন্দু সংখ্যালঘু হৈ পৰিছে । বৰপেটা, বাঘবৰ চৰৰ পৰা ১২ হাজাৰ পৰিয়াল আহি পেলাই হিন্দুক সংখ্যালঘু কৰি পেলালে । কোনে কৰিলে । এজন বনমন্ত্রী আছিল আৰু তেওঁৰ দিনত ডি এফ অ' জনো মনে মিলা মানুহ আছিল । তেওঁলোকে হিন্দুক সংখ্যালঘু কৰি পেলালে । কাজিৰঙাৰ লগতে মাদ্ৰাছা এখন কিয় খুলি ল'লে ।"
মুখ্যমন্ত্রীয়ে আৰু কয়, "অসমৰ চাৰিওফালে যিবিলাক ঘটনা ঘটি আছে, অখিল গগৈয়ে মানুহক সাবটি ধৰিছে ভাল কথা । কিন্তু আমি যিবিলাক অসমীয়া মানুহ সংখ্যালঘু হৈ গ'লো আমাকো সাবটি ধৰক । আমিও বিচাৰো । অখিল গগৈয়ে মাজে মাজে বটদ্ৰবাত গৈ বৰগীত শুনিব লাগে । চাপৰতো যাম মানুহখিনিৰ খবৰ ল'বলৈ ।"
উচ্ছেদিত মানুহখিনিৰ ব্যৱস্থা সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয় "মই কিয় ব্যৱস্থা কৰিম । কি কথা কয় । ব্যৱস্থা কিয় কৰিব লাগে । তেওঁলোকে সাংসদ, বিধায়ক বনোৱা নাই নেকি । তেওঁলোকৰ সাংসদৰ গুৱাহাটীত ডাঙৰ ঘৰ আছে । তাতে সোমাই ল'লে হ'ল । উচ্ছেদিত মানুহখিনি ক'ত গৈছে মই কিয় খবৰ ৰাখো । এইটো মোৰ কাম নহয় । মই কিয় খবৰ কৰিম । মই মোৰ কাম কৰি শেষ কৰিম । কোনোবা মোৰ ওচৰত আহিলে ব্যৱস্থা লম । কিছুমান ঠাই আমাৰ বাবে ৰাখক । অসমীয়াক সংখ্যাগুৰু কৰি ৰাখিবলৈ যিমান দিনলৈ পাৰো যুঁজিব লাগিব । নোৱাৰিলে হাত দাঙি দিম ।"

