জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া সন্দৰ্ভত কি খবৰ আছে : ক'লে মুখ্যমন্ত্রীয়ে
ছিংগাপুৰৰ প্ৰবাসী অসমীয়াৰ পৰা ইতিবাচক সহাঁৰি পাইছে অসম চৰকাৰে । সংবাদ মাধ্যমৰ আগত ক'লে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ।

Published : October 12, 2025 at 6:27 PM IST
গুৱাহাটী : প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত চি আই ডিৰ বিশেষ তদন্তকাৰী গোটে তদন্ত অব্যাহত ৰখাৰ সময়তে ভাল খবৰ থকাৰ কথা ক'লে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই । দেওবাৰে গুৱাহাটীত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া, ছিংগাপুৰৰ প্ৰবাসী অসমীয়া আৰু ছিংগাপুৰ আৰক্ষীৰ বৰ্তমানৰ ভূমিকা আদিকে ধৰি বিভিন্ন বিষয়ত সাংবাদিকে মুখ্যমন্ত্রীক প্ৰশ্ন কৰিছিল ।
তাৰ উত্তৰত মুখ্যমন্ত্রীয়ে কয়, "ছিংগাপুৰৰ প্ৰবাসী অসমীয়াৰ পৰা ইতিবাচক সহাঁৰি পাইছো । দুই-এদিনৰ ভিতৰত ভাল খবৰ পাম । এতিয়াই মই ক'ব খোজা নাই । ছিংগাপুৰ আৰক্ষীয়ে জুবিন গাৰ্গৰ পৰিয়ালৰ পৰা বিচাৰিছে বিভিন্ন তথ্য । একেদৰে এছ আই টিয়ে বিচৰা তথ্যৰ ক্ষেত্রতো সকলো সহযোগ আগবঢ়াইছে ছিংগাপুৰ আৰক্ষীয়ে ।"
মুখ্যমন্ত্রীয়ে কয়, "ছিংগাপুৰৰ প্ৰবাসী অসমীয়া কেইজনে ভিডিঅ' কনফাৰেন্সৰ যোগেদি সাক্ষী দিব বিচাৰিছিল । কিন্তু আমি তেওঁলোকক যিধৰণেই নহওক কিয় তেওঁলোকৰ ওপৰত মানসিকভাৱে যি হেঁচা প্ৰয়োগ কৰি আছো, তাৰ পৰা মই ভাবো যে আপোনালোকে দুই-এদিনতে ভাল খবৰ শুনিবলৈ পাব । ছিংগাপুৰৰ প্ৰবাসী অসমীয়াসকলৰ এটা ভাল সংখ্যকে এই তদন্তত সহযোগীতাৰ আশ্বাস দিছে । আজি-কাইলৈৰ ভিতৰতে আমি ভাল খবৰ পাম বুলি মই আশা কৰিছো । ছিংগাপুৰ আৰক্ষীয়ে কালি কিছুমান তথ্যৰ বাবে জুবিন গাৰ্গৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰিছে । ছিংগাপুৰে তদন্তটো অত্যন্ত গুৰুত্ব সহকাৰে কৰি আছে । আমি অসম পুলিচ যিদৰে সক্ৰিয় হৈ আছো ঠিক একেদৰে ছিংগাপুৰ পুলিচো সক্ৰিয় হৈ আছে । আনহাতে আমাক ছিংগাপুৰৰ পৰা কি কি তথ্য তথা সহযোগীতা লাগে তাৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্রণালয়ৰ যোগেদি তথ্য বিচাৰি আবেদন জনোৱা হৈছে । এই সকলো কাগজ-পত্র এতিয়া ছিংগাপুৰৰ এট'ৰ্নি জেনেৰেলৰ লগত আছে ।"
উল্লেখ্য যে, ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনকভাৱে মৃত্যু হোৱা ঘটনা সন্দৰ্ভত অসম চৰকাৰে গঠন কৰা এছ আই টিৰ তদন্ত প্ৰক্ৰিয়া বৰ্তমানেও অব্যাহত আছে । এই তদন্ত প্ৰক্ৰিয়া চলি থকাৰ মাজতে নতুন নতুন তথ্য পোহৰলৈ আহিছে । চি আই ডিৰ কাৰ্যালয়ত চলি সাক্ষী গ্ৰহণৰ প্ৰক্ৰিয়া ।

