ETV Bharat / state

ওড়িশা চৰকাৰৰ সৈতে যোগাযোগ অব্যাহত আছে: ড৹ হিমন্ত বিশ্ব শৰ্মা

ৰে'ল দুৰ্ঘটনাত পতিত বেংগালুৰু-কামাখ্যা এ চি ছুপাৰফাষ্ট এক্সপ্ৰেছ ৷ ঘটনা সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া প্ৰকাশ ৷

CM HIMANTA BISWA SARMA
ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)
author img

By PTI

Published : March 30, 2025 at 5:08 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: ওড়িশাত সংঘটিত হোৱা ৰে’ল দুৰ্ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা অনুসৰি, অসম চৰকাৰে ঘটনা সন্দৰ্ভত ওড়িশা চৰকাৰৰ সৈতে সঘন যোগাযোগ অব্যাহত ৰাখিছে ৷

ৰাজ্যখনৰ কটক জিলাত এক্সপ্ৰেছ ৰে’লগাড়ীখন লাইনচ্য়ুত হোৱাৰ ফলত সংঘটিত হোৱা এই দুৰ্ঘটনাত ৭ জন লোক আহত হোৱা বুলি উদ্ধাৰকাৰী বিষয়াসকলে জানিবলৈ দিয়ে ।

সামাজিক মাধ্যম Xৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই এটা পোষ্ট শ্বেয়াৰ কৰে ৷ পোষ্টটোত উল্লেখ কৰা হৈছে এনেদৰে, "ওড়িশাৰ ১২৫৫১ কামাখ্যা এক্সপ্ৰেছৰ সৈতে জড়িত এই কাণ্ডৰ বিষয়ে মই অৱগত । @CMOfficeAssam ওড়িশা চৰকাৰ আৰু ৰে'লৱেৰ সৈতে যোগাযোগত আছে । আমি ক্ষতিগ্ৰস্ত হোৱা প্ৰতিজন ব্যক্তিৰ সৈতে যোগাযোগ কৰিম ৷"

ইষ্ট ক’ষ্ট ৰে’লৱেৰ মুখ্য জনসংযোগ বিষয়া (চি পি আৰ অ’) অশোক কুমাৰ মিশ্ৰাই জনোৱা মতে, পুৱা ১১.৫৪ বজাত মংগুলীৰ সমীপৰ নেৰগুণ্ডিত এছ এম ভি টি বেংগালুৰু-কামাখ্যা এ চি এক্সপ্ৰেছৰ এঘাৰটা দবা লাইনচ্যুত হয় ৷ বেংগালুৰুৰ পৰা গুৱাহাটীৰ কামাখ্যা ষ্টেচনলৈ গৈ থকা অৱস্থাত এই দুৰ্ঘটনা সংঘটিত হয় ।

ইয়াৰ লগতে মিশ্ৰাই কয় যে তেওঁলোকে ইতিমধ্যে তথ্য সংগ্ৰহ কৰিছে আৰু এন ডি আৰ এফ আৰু অগ্নিনিৰ্বাপক বাহিনীক ঘটনা সন্দৰ্ভত অৱগত কৰিছে । তেওঁ কয়, "ঘটনাস্থলীলৈ এখন সাহাৰ্য ৰে'ল প্ৰেৰণ কৰা হৈছে । আমাৰ ফ্ৰণ্টলাইন বিষয়া আৰু সহায়ক কৰ্মচাৰীও ঘটনাস্থলীত উপস্থিত হৈছে ৷"

লগতে পঢ়ক: ওড়িশাত দুৰ্ঘটনাত পতিত বেংগালুৰু-কামাখ্যা এক্সপ্ৰেছ: ১১ টা দবা লাইনচ্যুত - TRAIN ACCIDENT