ETV Bharat / state

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগ : কি ক'লে মুখ্যমন্ত্রীয়ে

জনজাতিকৰণৰ লগতে আন কেবাটাও বিষয় সন্দৰ্ভত ২৫ নৱেম্বৰত বিধান সভাৰ মজিয়াত মন্ত্ৰীসভা গোটৰ প্ৰতিবেদন উপস্থাপন হ'ব । তাত বহু কথাই পোহৰলৈ আহিব বুলি কয় মুখ্যমন্ত্রীয়ে।

CM Himanta Biswa Sarma
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক (@himantabiswa X)
author img

By ETV Bharat Assamese Team

Published : October 12, 2025 at 10:46 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : "জনজাতিকৰণ বিষয়টো সন্দৰ্ভত কংগ্ৰেছে বিগত সময়ত কেৰোণ লগাই থৈ গৈছে ৷ আমি প্ৰায় তিনি বছৰ ধৰি নিৰন্তৰে বিষয়টোত কাম কৰি আছো । ইয়াত সাংবাদিক বন্ধু তথা সৰ্বসাধাৰণৰ বোধগম্য নোহোৱাকৈ ৰৈ যোৱা বহু বিষয় আছে আৰু এইসমূহ ২৫ নৱেম্বৰত বিধান সভাৰ মজিয়াত মন্ত্ৰীসভা গোটৰ প্ৰতিবেদন উপস্থাপন হ'লে সকলোৱে জানিবলৈ সক্ষম হ'ব ।" - এই মন্তব্য মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ ।

ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত দেওবাৰে মুখ্যমন্ত্রীয়ে সংবাদ মাধ্যমৰ আগত এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে । মুখ্যমন্ত্রীয়ে কয়, "২৫ নৱেম্বৰত সদনত প্ৰতিবেদন দাখিল কৰিব কেবিনেট উপ-সমিতিয়ে । কেবিনেট উপ-সমিতিৰ প্ৰতিবেদনত প্ৰতিফলিত হ’ব বহু ভাল দিশ । দীৰ্ঘদিনীয়া সমস্যাটো সমাধানৰ ৮০ শতাংশ বাট মুকলি হ’ব ।"

মুখ্যমন্ত্রীয়ে লগতে কয়, "মৰাণ মটক ক্ষেত্রত ট্ৰাইবেল সংঘৰ স্থিতি সহনশীল । তিনিটা ক্ষেত্রত ট্ৰাইবেল সংঘৰ স্থিতি সহনশীল । কোচ ৰাজবংশী, মৰাণ, মটকৰ ক্ষেত্রত তেওঁলোকৰ স্থিতি সহনশীল । চুতীয়া জনগোষ্ঠীৰ ক্ষেত্রত ৫০ শতাংশ । চাহ জনগোষ্ঠিৰ ক্ষেত্রত কংগ্ৰেছে এটা গণ্ডগোল কৰি থৈ গ'ল । ৩৬ টাৰ নাম অনুমোদন কৰি গ'ল । ইয়াত সৰ্বসাধাৰণ মানুহে নোবোজা বহু কথা ইয়াত আছে । ২৫ নৱেম্বৰত বিধান সভাৰ মজিয়াত মন্ত্ৰীসভা গোটৰ প্ৰতিবেদন উপস্থাপন হ'লে সাংবাদিকেও গম পাব । চাহ জনগোষ্ঠীৰ ১১২ টা ট্ৰাইব আছে । কংগ্ৰেছে ৰিক'মেণ্ড কৰিলে ৩৬ টা । বাকী নকৰিলে । গতিকে তাৰ ভিতৰতো কৰিবলগীয়া কাম আছে । এই বিষয়বোৰৰ তিনি বছৰ আলোচনা কৰা হৈছে । এটা ৰিপ'ৰ্ট দিয়া হ'ব ।"

CM Himanta Biswa Sarma reacts on Assam six community ST status issue
ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগ : কি ক'লে মুখ্যমন্ত্রীয়ে (ETV Bharat)

মুখ্যমন্ত্রীয়ে কয়, "প্ৰথমবাৰৰ বাবে ট্ৰাইবেল সংঘই ছয় জনগোষ্ঠীক বিৰোধীতা কৰা নাই । মৰাণ আৰু মটকক একপ্ৰকাৰ গ্ৰীণ চিগনেল দিছে । তাৰ কাৰণ হ'ল আমাৰ লগত হোৱা আলোচনা । বিজেপিয়ে সমস্যাটোত প্ৰথমবাৰৰ বাবে একেবাৰে ভিতৰলৈকে গ'ল । আহোম ক্ষেত্রত ট্ৰাইবেল সংঘই নতুন ট্ৰাইবেল হিচাপে কৰাৰ কথা কৈছে । যাতে সংঘাত হ'ব নালাগে । এইটোৰ আমি সমাধান এটা আনিম । মিডিয়াত ক'ব বিচৰা নাই । ২৫ তাৰিখে লিখিতভাৱে দিম ।"

লগতে পঢ়ক : জুবিন গাৰ্গৰ সমাধিক্ষেত্রত লগুণ ছিঙা কাৰ্যৰ ব্যাপক প্ৰতিক্ৰিয়া : কি ক'লে মন্ত্রী পীযুষ হাজৰীকাই

লগতে পঢ়ক : জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া সন্দৰ্ভত কি খবৰ আছে : ক'লে মুখ্যমন্ত্রীয়ে