সামাজিক মাধ্যমত চৰ্চিত এটা বিশেষ গীতক লৈ মুখ্যমন্ত্রীৰ প্ৰতিক্ৰিয়া
অনাঅসমীয়া শিক্ষাৰ্থীৰ কণ্ঠত অসমীয়া কালজয়ী গীতৰ সুৰ । মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া ।

Published : August 31, 2025 at 5:17 PM IST
গুৱাহাটী: বিগত কিছুদিন ধৰি সামাজিক মাধ্যমত বিশেষভাৱে চৰ্চিত হৈছে এটা বিশেষ ভিডিঅ' । যিটো ভিডিঅ'ত এখন বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে পৰিৱেশন কৰিছে এটি জনপ্ৰিয় গীত । গীতটো অসমীয়া ভাষাৰ । অসমৰ এই জনপ্ৰিয় গীতটো কিন্তু পৰিবেশন কৰিছে বহিঃৰাজ্যৰ অনা অসমীয়া শিক্ষাৰ্থীয়ে । অসমীয়া ভাষাৰ গীতটো অতি সুন্দৰভাৱে শিক্ষাৰ্থীসকলে পৰিৱেশন কৰাৰ লগতে গীতটোক উপভোগ কৰিছে । যিটো দৃশ্যই প্ৰতিজন অসমীয়াকে গৰ্বিত কৰিছে ।
মহাৰাষ্ট্ৰৰ এখন স্কুলৰ অনা অসমীয়া শিক্ষাৰ্থীয়ে পৰিৱেশন কৰা 'এই মাটিৰে মৰমত...' শীৰ্ষক গীতটোৱে বিগত কেইবাদিন ধৰি সামাজিক মাধ্যমত বিশেষভাৱে চৰ্চা লাভ কৰি আহিছে । মহাৰাষ্ট্ৰৰ কে ভি এছ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰকৈ পৰিৱেশন কৰিছে "এই মাটিৰে মৰমত, মাটিকে চুমিলো, এই মাটিতে জীৱন ছবি আঁকি আঁকি মচিলো...." শীৰ্ষক গীতটো । সামাজিক মাধ্যমত বিশেষভাৱে ভাইৰেল হোৱা এই গীতৰ ভিডিঅ'টোক লৈ সামাজিক মাধ্যম যোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মায়ো ।
यही है एक भारत, श्रेष्ठ भारत की अनोखी झलक! ❤️
— Himanta Biswa Sarma (@himantabiswa) August 31, 2025
महाराष्ट्र के एक विद्यालय में बच्चों ने प्रसिद्ध असमिया गीत को जोश और उमंग के साथ ऐसा सुंदर प्रस्तुत किया कि दिल गर्व से भर उठा।
जब देश के कोने-कोने की संस्कृतियाँ एक-दूसरे में घुलती हैं, तब विकसित भारत की ठोस नींव रखी जाती है।… pic.twitter.com/tWUOwcGeVi
দেওবাৰে ভিডিঅ'টো আপলোড কৰি সামাজিক মাধ্যম যোগে মুখ্যমন্ত্রীয়ে কয়,"এক ভাৰত শ্রেষ্ঠ ভাৰতৰ এয়া এক অপৰূপ সৌন্দর্য ! মহাৰাষ্ট্ৰৰ এখনি বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলে এটি প্ৰিয় অসমীয়া গীত যিদৰে উল্লাস আৰু আনন্দৰে অনন্যভাৱে প্ৰদৰ্শন কৰিলে, তাক দেখি মনটি গৰ্বৰে ভৰি গ’ল । যেতিয়া দেশৰ ভিন্ন প্রান্তৰ সংস্কৃতিয়ে এনেদৰে সমন্বয়ৰ ঐকতান সৃ্ষ্টি কৰে, তেতিয়াই বিকশিত ভাৰতৰ ভেটি আৰু অধিক দৃঢ় হয় । সংস্কৃতি হৈছে এক সাঁকো আৰু একতাৰ শক্তি-এয়াই নতুন ভাৰত !" উল্লেখ্য যে স্বদেশপ্ৰেমেৰে উদ্বুদ্ধ অসমীয়া কালজয়ী এই গীতটোৰ স্ৰষ্টা সতীশ দাস । যিটো গীতক সুন্দৰকৈ পৰিৱেশন কৰাৰ লগতে গীতটোত তালে-তালে আনন্দ কৰিছে শিক্ষাৰ্থীসকলে ।

লক্ষণীয় বিষয় যে যি সময়ত অসমৰ জনপ্ৰিয় গীত এটিক অনা অসমীয়া শিক্ষাৰ্থীয়ে সুন্দৰকৈ পৰিৱেশন কৰি বাহ বাহ লাভ কৰিছে সেই সময়তে অসমতে অসমৰ এগৰাকী কিংবদন্তীৰ এটা গীতৰ বিকৃতকৰণ কৰা হৈছে । কৰিশ্মা নাথ নামৰ নাগাৰা নামৰ পাঠিকাগৰাকীয়ে শেহতীয়াকৈ অসমৰ ত্ৰিমূৰ্তিৰ অন্যতম কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ এটি গীত বিকৃত ৰূপত পৰিৱেশন কৰাক লৈ সৰ্বতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়া । কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ কালজয়ী গীত ‘পৰজনমৰ শুভ লগনত…’ শীৰ্ষক গীতটি বিকৃত ৰূপত কৰিশ্মা নাথে পৰিৱেশন কৰাকলৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ।

