ETV Bharat / state

আঁহতগুৰিৰ ম'হযুঁজৰ এক চহকী ঐতিহ্য আছে: হিমন্ত বিশ্ব শৰ্মা

মধ্য অসমবাসীৰ বাবে আহিছে সুখবৰ । পুনৰ মাঘ বিহুত ঐতিহাসিক আঁহতগুৰি পথাৰত উপভোগ কৰিব পাৰিব ম'হযুঁজ ।

Buffalo Fight Ban
আহতগুৰিৰ মহ'যুঁজ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : February 3, 2025 at 7:02 AM IST

2 Min Read
Choose ETV Bharat

মৰিগাঁও : ইতিহাস প্ৰসিদ্ধ আহতগুৰিৰ ম'হযুঁজ । মাঘ বিহুৰ প্ৰথম দিনটোৰ পৰাই মধ্য অসমত অনুষ্ঠিত হয় পৰম্পৰাগত ম'হযুঁজ । ম'হযুঁজ অবিহনে যেন মাঘ বিহুটোৱে আধৰুৱা অসমীয়াৰ বাবে । বছৰ বছৰ ধৰি অসমত অনুষ্ঠিত হৈ আহিছে ম'হযুঁজ প্ৰতিযোগিতা । কিন্তু উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ পিছতে পৰম্পৰাগত ম'হযুঁজ প্ৰতিযোগিতা বন্ধ হৈ পৰে ।

গুৱাহাটী উচ্চ ন্যায়ালয়ে পেটা নামৰ প্ৰকৃতিপ্ৰেমী সংগঠনটোৱে দাখিল কৰা এক গোচৰৰ শুনানি গ্ৰহণ কৰি সম্পূৰ্ণৰূপে ম'হযুঁজ বন্ধ কৰাৰ নিৰ্দেশ দিছিল । ইয়াৰ মাজতে পুনৰ আহিছে আশাৰ ৰেঙণি । পুনৰ অনুষ্ঠিত হোৱাৰ দিশে মৰিগাঁৱৰ ঐতিহাসিক আঁহতগুৰিৰ ম'হযুঁজ ।

আহতগুৰিৰ মহ'যুঁজ সম্পৰ্কে মুখ্যমন্ত্ৰীৰ মন্তব্য (ETV Bharat)

পুনৰ আপোনালোকে মাঘ বিহুত ঐতিহাসিক আঁহতগুৰি পথাৰত উপভোগ কৰিব পাৰিব ম'হযুঁজ । শনিবাৰে মৰিগাঁৱৰ এখন জনসভাত এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । তেওঁ কয়, "অসমৰ সাহিত্য জগতৰ কাণ্ডাৰীপুৰুষ লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মভূমি হৈছে আঁহতগুৰি । ঊনবিংশ শতিকাৰ এইগৰাকী মহান সাহিত্যিকে অসমীয়া ভাষা, সাহিত্য জগতলৈ আগবঢ়াই যোৱা অৱদান সদায়ে স্মৰণীয় হৈ ৰ'ব ।"

তেওঁ লগতে কয়, "আঁহতগুৰিৰ ম'হযুঁজৰ এক চহকী ঐতিহ্য আছে । উচ্চতম ন্যায়ালয়ৰ ৰায়দান অনুসৰি আঁহতগুৰিৰ ম'হযুঁজক ঐতিহাসিক ক্ৰীড়া হিচাপে স্বীকৃতি দি ইয়াক যাতে প্ৰতি বছৰে পালন কৰিব পাৰে তাৰ বাবে ৰাজ্য চৰকাৰে অতি সোনকালে বিধানসভাত প্ৰয়োজনীয় আইন মঞ্জুৰি কৰিবৰ বাবেও ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ । যাতে বছৰি আমি আঁহতগুৰিত ম'হযুঁজ চাবলৈ সক্ষম হওঁ ।"

উল্লেখ্য যে, 'পিপল ফৰ দ্য এথিকেল ট্ৰিটমেণ্ট অৱ এনিমেলছ' (পেটা) ইণ্ডিয়াই দাখিল কৰা আবেদনৰ প্ৰতি সঁহাৰি জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ে ২০২৩ চনৰ ২৭ ডিচেম্বৰত অসম চৰকাৰে জাৰি কৰা এছ অ’ পি বাতিল কৰিছিল । যিখন এছ অ’ পিত মাঘ বিহুৰ সময়ত এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত পৰম্পৰাগত ম’হ আৰু বুলবুলি চৰাইৰ যুঁজৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা অনুমতি দিয়া হৈছিল ।

লগতে পঢ়ক :বিশাল বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্রাৰে উদুলি মুদুলি সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বাৰ্ষিক পাঠশালা অধিৱেশন - ASOM SAHITYA SABHA SESSION 2025