বি টি আৰৰ ৰাইজে নিবিচাৰিলে ধুবুৰী বা গোৱালপাৰাত হ'ব ৪০ হাজাৰ কোটিটকীয়া শক্তি প্ৰকল্প: মুখ্যমন্ত্রী
বি টি আৰৰ উচ্ছেদ, সাংসদ ৰকিবুল হুছেইন, অম্বুবাচী মেলাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া ৷

Published : June 22, 2025 at 11:33 PM IST
|Updated : June 23, 2025 at 2:29 PM IST
গুৱাহাটী: ‘‘বি টি আৰত আদানিক মাটি দিয়া বা নিদিয়াক লৈ বিশেষ এটা প্ৰক্ৰিয়া লুকাই আছে । অসমত ৩ হাজাৰ মেগাৱাট থাৰ্মেল পাৱাৰ উৎপাদনৰ বাবে এটা উদ্যোগ স্থাপন কৰা হ'ব । এই উদ্যোগটোৰ বাবে নিবিদা হ'ব আৰু কেইবাটাই গ্ৰুপে প্ৰতিদ্বন্দ্বিতা কৰিব । এই উদ্যোগটো স্থাপনত ব্যয় হ'ব ৪০ হাজাৰ কোটি টকা’’ - এই মন্তব্য মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ ।
বি টি আৰত উচ্ছেদক লৈ চলা প্ৰতিবাদৰ প্ৰসংগত এইদৰে কয় মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই । দেওবাৰে দিছপুৰৰ লোকসেৱা ভৱনত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্রীয়ে কয়, "জাগীৰোডৰ দৰে সমান বিনিয়োগ কোকৰাঝাৰত হ'লে তাৰ ৰাইজে আমাক আদৰণি জনাব বুলি আমি ভাবিছিলো । এই প্ৰকল্পটোত এক লাখ মানুহে সংস্থাপন লাভ কৰিব । কিন্তু আমি এনেকুৱা বদনাম ল'ব বিচৰা নাই যে জনজাতিৰ মাটি দখল কৰিব বিচাৰিছো । এই প্ৰকল্পৰ বাবে আন ঠাইত আমাৰ মাটি নিৰ্ধাৰণ কৰা আছে । আমি বি টি এ ডিৰ উন্নয়নৰ বাবে এই প্ৰকল্পৰ প্ৰস্তাৱ দিছিলো । তেওঁলোকে নিজে নালাগে বুলি কৈছে যেতিয়া আমাৰ অতিৰিক্ত মাটি মজুত আছে । নবেম্বৰত প্ৰকল্পটোৰ আধাৰশিলা হ'ব আৰু উদ্যোগটো আগবাঢ়ি যাব । গতিকে তাৰ বাবে আমাৰ জোৰ কৰাৰ কথা নাই । কিন্তু ৰাইজে এটা কথা জানিব লাগে যে সেই চাৰি হাজাৰ বিঘা মাটি ৮০ টা পৰিয়ালে ৰাখিছে । ৮০ টা পৰিয়ালে সেই ভূমিৰ ভোগদখলত থাকিব লাগে নেকি ? সেই মাটিখিনি ভাল কামত ব্যৱহাৰ হোৱাটো আমি বিচাৰো ।’’
‘‘আমি শক্তি উৎপাদনৰ সেই প্ৰকল্পটোৰ বাবে ধুবুৰী আৰু গোৱালপাৰাত ভূমি ঠিক কৰি থৈছো । বি টি আৰে নালাগে বুলি ভাবিলে আমি ধুবুৰী বা গোৱালপাৰাত প্ৰকল্পটো কৰিম । কাৰণ আমি পাৱাৰ প্ৰজেক্ট নকৰিলে ২০২৯ চনৰ পাছত অসমৰ এটা ঘৰতো লাইট নজ্বলিব । আমাৰ চৰকাৰৰ নীতি হৈছে যে আমি ক’তো জনজাতীয় লোকৰ লগত সংঘাত নকৰো । আমি ভালপোৱাৰ বাবেহে প্ৰকল্পটো তাত লৈ গৈছিলো । নবেম্বৰত ৪০ হাজাৰ কোটি টকাৰ প্ৰকল্পটো আৰম্ভ হ'ব’’- মুখ্যমন্ত্ৰীয়ে লগতে কয় ৷
সাংসদ ৰকিবুল হুছেইনক খেদাৰ প্ৰসংগত মুখ্যমন্ত্রীৰ প্ৰতিক্ৰিয়া
সাংসদ ৰকিবুল হুছেইনক গোৱালপাৰাত খেদি পঠিওৱাৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, ‘‘ৰকিবুল হুছেইনক বেয়া ব্যৱহাৰ কৰা প্ৰত্যেকজন লোকে মুছলিম মানুহ আৰু বংগীয়মূলৰ মুছলিম মানুহ । সেই ঠাইলৈ পৰহি ময়ো যাম । মোৰ বিৰুদ্ধেও কোনোবাই শ্ল'গান দিব পাৰে ৰকিবুল হুছেইনক এতিয়া যিকোনো লোকে খেদে । ধুবুৰী, নগাঁও আৰু গোৱালপাৰাতো খেদে । এই সমস্যাটো তেওঁলোকে নিজৰ মাজত সমাধান কৰিব লাগে । তাত বিজেপিক মাতি আনিব নালাগে । কাৰণ বংগীয়মূলৰ ৰাইজৰ মাজত বিজেপিৰ প্ৰভাৱ নাই বুলিয়ে ক'ব পাৰে । বংগীয়মূলৰ মানুহ আমাৰ হ'লে ১২৬ টাৰ ১২৬ টাই আমি পাই যাম । গতিকে ভিডিঅ' চালেই গম পাব এইবোৰ কোন মানুহ হয় । যদি বংগীয়মূলৰ মানুহ বিজেপিৰ মতে চলে তেন্তে অসমৰ ৰাজনীতিৰ ভয়াৱহ পৰিৱৰ্তনৰ ইংগিত দিব । কিন্তু মোৰ হাতত ইমান ডাঙৰ ইংগিত নাই । যদি ধুবুৰী, গোৱালপাৰাত ১০ লাখ ভোটত জিকা সাংসদ এজনক কোনোবাই খেদিব পাৰে তাৰ মানে ডেৰ বছৰত তেওঁৰ পজিচন কিমান বেয়া হ'ল, সেইটো আপোনালোকে নিজে চিন্তা কৰক । আমাক জালুকবাৰীত কোনেও খেদা নাই । আনকি সমষ্টিত আমাক কংগ্ৰেছেও নেখেদে । ভোট নিদিলেও কংগ্ৰছৰ মানুহে আমাক ভালপায় ।’’
কামাখ্যা মন্দিৰলৈ নিশা নাযাব
অম্বুবাচীৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, ‘‘গধূলি কামাখ্যা মন্দিৰত একো নাথাকে আৰু মন্দিৰ বন্ধ থাকে । গতিকে মই অনুৰোধ কৰিম যে নিশা মন্দিৰলৈ যাব নালাগে । কাৰণ গোটেই ৰাস্তাটোত ভূমিস্ফলন হৈ আছে । যাৰ বাবে নিশা অহা-যোৱা কৰিলে হঠাতে কিবা ঘটনাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা থাকে । সেয়ে সন্ধিয়ালৈ কোনো যাতে মন্দিৰৰ ওপৰলৈ নাযাই তাৰ বাবে সকলোৰে প্ৰতি আহ্বান জনাইছো । অম্বুবাচীৰ তিনিটা দিন পবিত্র দিন । এই তিনিটা দিনত সৃষ্টিৰ আৰম্ভণি হয় । এইকেইটা দিন মানুহে মাৰ চিন্তা কৰক আৰু মা কামাখ্যাই আশীৰ্বাদ কৰিব । গতিকে ওপৰত গৈ এইকেইদিনত লাভ নাই । ২৬ জুনত মন্দিৰৰ দুৱাৰ খুলিব । ২৬ আৰু ২৭ জুনত কোনো ভি আই পি নাযায় । মই নিজেও ২৮ বা ২৯ জুনত যাম ।’’

