ETV Bharat / state

প্ৰসংগ গৌৰৱ গগৈ : এটাও কথা মিছা হ'লে ৰাজনীতিয়েই বাদ দিব হিমন্ত বিশ্ব শৰ্মাই - GAURAV GOGOI ISI CONNECTION

মুখ্যমন্ত্রীয়ে অনা অভিযোগ সন্দৰ্ভত আজি সাংসদ গৌৰৱ গগৈয়ে দিল্লীত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰে । ইয়াৰ পাছতেই মুখ্যমন্ত্রী শৰ্মাই গুৱাহাটীত প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।

GAURAV GOGOI ISI CONNECTION
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 18, 2025 at 10:54 PM IST

4 Min Read

গুৱাহাটী : "গৌৰৱ গগৈৰ প্ৰসংগত যদি মই এটাও কথা মিছা কৈছো তেন্তে মই একেবাৰে ৰিজাইন দি দিম । এটাও কথা যদি মিছা কৈছো তেন্তে জীৱনত ৰাজনীতিয়ে নকৰো । এটা কথাও মিছা হ'লে হিমন্ত বিশ্ব শৰ্মাই জীৱনত ৰাজনীতি নকৰে । ইয়াতকৈতো আৰু একো নালাগে । ইয়াতকৈ যদি আৰু একদম বেছি কৈ যায় তেন্তে মই এনেকোৱা প্ৰতিজ্ঞা কৰি দিম যে মই ঘৰতে নাযাও । যদি মই এটাও কথা মিছা কৈছো তেন্তে জীৱনত মোৰ ঘৰতে মই নোসোমাও । তাতকৈ আৰু কিবা ক'ব লাগে । মুখ্যমন্ত্রী এজনে এনে কেজুৱেল কথা নকয় নহয় ।" - এই মন্তব্য মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ ।

সাংসদ গৌৰৱ গগৈৰ পাকিস্তান সংযোগকলৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই বিগত কিছুদিন ধৰি প্ৰায়ে কেতবোৰ অভিযোগ উত্থাপন কৰি প্ৰতিক্ৰিয়া ব্যক্ত কৰি আহিছে । সময়ে সময়ে সাংসদ গৌৰৱ গগৈয়েও ইয়াৰ প্ৰত্যুত্তৰ দি আহিছে । মুখ্যমন্ত্রীয়ে ইতিমধ্যে সদৰী কৰিছে যে গৌৰৱ গগৈৰ পাকিস্তান সংযোগৰ সকলো তথ্য তেওঁ ১০ ছেপ্টেম্বৰত ৰাজহুৱা কৰিব ।

এটাও কথা মিছা হ'লে ৰাজনীতিয়েই বাদ দিব হিমন্ত বিশ্ব শৰ্মাই (ETV Bharat Assam)

মুখ্যমন্ত্রীয়ে অনা অভিযোগ সন্দৰ্ভত আজি সাংসদ গৌৰৱ গগৈয়ে দিল্লীত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰে । সাংসদ গৌৰৱ গগৈয়ে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই অনা সকলো অভিযোগ মিছা আখ্যা দিয়ে । গৌৰৱ গগৈয়ে দিয়া প্ৰতিক্ৰিয়াৰ পাছতে আজি পুনৰ সৰৱ হৈ পৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা । সোণাপুৰত বিজেপিৰ এক প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পাছতে সংবাদ মাধ্যমক সম্বোধন কৰি গৌৰৱ গগৈক প্ৰত্যাহ্বান জনাই মুখ্যমন্ত্ৰীয়ে ।

গৌৰৱ গগৈৰ প্ৰসংগত এটাও কথা মিছা হ'লে ৰাজনীতি আৰু নিজৰ ঘৰ ত্যাগ কৰাৰ হুংকাৰ দি মুখ্যমন্ত্রীয়ে কয়, "যিখিনি কথা কৈছো মই কমকৈ কৈছো । আচল কথা মই এতিয়াও কোৱা নাই । যিহেটো পাতল কথা ক'ব নাপাই সেইকাৰণে মই যিমান কথা ক'ব লাগে তাতকৈ বহুত কম কথা কৈছো । ১০ ছেপ্টেম্বৰত ইয়াতকৈ বেছি শুনা পাব । গৌৰৱ গগৈয়ে পাকিস্তানলৈ ইনটিৰিউৰ মিনিষ্ট্ৰিৰ নিমন্ত্রণত গৈছিল । আই এছ আই পাকিস্তানৰ ইনটিৰিউৰ মিনিষ্ট্ৰিৰ অধীনত । ভাৰত চৰকাৰক নজনোৱাকৈ পাকিস্তানলৈ গৈছিল । এইটো চোৰাংচোৱাগিৰি নহয় যদি কোনটো হ'ব । পাকিস্তানত প্ৰশিক্ষণ লৈ আহি তেওঁ সংসদত প্ৰশ্ন কৰিছে । মই কোৱা এটাও কথা মিছা হ'লে মই মুখ্যমন্ত্রী হৈ নাথাকো ।"

কি কৈছিল গৌৰৱ গগৈয়ে :

মুখ্যমন্ত্রীয়ে পাকিস্তানৰে সংযোগ থকা সন্দৰ্ভত অনা অভিযোগৰ প্ৰতুত্ত্যৰত আজি সাংসদ গৌৰৱ গগৈয়ে কয়, "মই ৰাজনীতিত ভৰি দিয়াৰ পৰাই মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই মিছা কথা কৈ আহিছে । মুখ্যমন্ত্রীয়ে মোৰ বিৰুদ্ধে অনা অভিযোগৰ ৯৯ শতাংশই মিছা । ছেপ্টেম্বৰ মাহ আহিলে তেওঁ আৰু তিনিমাহ সময় বিচাৰিব । কংগ্ৰেছ ত্যাগ কৰাৰ সময়তো মিছা কথা কৈছিল । কিবা কাৰণত তেওঁ মোক লৈ চিন্তিত । কিবা প্ৰমাণ থাকিলে ৰাজহুৱা কৰক । ছেপ্টেম্বৰলৈ কিয় অপেক্ষা কৰিব লাগে । তেওঁ এতিয়ালৈকে প্ৰমাণ দিব পৰা নাই । মুখ্যমন্ত্রীয়ে প্ৰমাণ দিব নিবিচাৰে । কাৰণ তেওঁ কোৱা কথাৰ ৯৯ শতাংশ মিছা । ৯৯ শতাংশ কথা বেচলেচ, ৰিডিকুলাচ আৰু ন'নচেন্স । সেইবাবে তেওঁ প্ৰমাণ দিব নোৱাৰে ।"মুখ্যমন্ত্ৰীৰ মন্তব্যক হাস্যকৰ আৰু ভিত্তিহীন আখ্যা দি তেওঁ মুখ্যমন্ত্ৰীক পদমৰ্যাদা ৰক্ষা কৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক : আই এছ আইৰ নিমন্ত্ৰণত পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈ: মুখ্যমন্ত্ৰী

গৌৰৱ গগৈয়ে সোধা প্ৰতিটো প্ৰশ্নৰ উত্তৰে পাকিস্তানী সেনাক সহায় কৰিছে : মুখ্যমন্ত্ৰী

বিমানেৰে নহয়, আটাৰী সীমান্তৰে গাড়ীৰে পাকিস্তানত প্ৰৱেশ কৰিছিল গৌৰৱ গগৈয়ে: মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.