এয়া সমাপ্তি নহয়, মাত্ৰ আৰম্ভণিহে: গৌৰৱ গগৈৰ স্বীকাৰোক্তিৰ পাছতে মুখ্যমন্ত্রীৰ প্ৰতিক্ৰিয়া
পাকিস্তান ভ্ৰমণ কৰা আৰু পত্নীয়ে পাকিস্তানত কাম কৰাৰ কথা বুধবাৰে স্বীকাৰ কৰে গৌৰৱ গগৈয়ে ৷

Published : May 28, 2025 at 8:14 PM IST
গুৱাহাটী: নিজে পাকিস্তানলৈ যোৱা আৰু পত্নীয়ে পাকিস্তানত কাম কৰাৰ কথা সাংসদ গৌৰৱ গগৈয়ে স্বীকাৰ কৰাৰ লগে লগে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ।
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই বিগত কিছুদিন ধৰি সাংসদ গৌৰৱ গগৈৰ পাকিস্তান সংযোগক লৈ কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি আহিছে । মুখ্যমন্ত্রীয়ে কৰা অভিযোগ সন্দৰ্ভত ইমানদিনে প্ৰত্যক্ষভাৱে উত্তৰ দিয়া নাছিল সাংসদ গৌৰৱ গগৈয়ে । কিন্তু অৱশেষত বুধবাৰে গৌৰৱ গগৈয়ে নিজে পাকিস্তান ভ্ৰমণ কৰা আৰু পত্নীয়ে পাকিস্তানত কাম কৰাৰ কথা স্বীকাৰ কৰে ।

প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্বভাৰ লাভ কৰাৰ পিছতে বুধবাৰে নতুন দিল্লীত সাংসদ গৌৰৱ গগৈয়ে এখন সংবাদমেল সম্বোধন কৰে । সংবাদমেলতে সাংসদ গগৈয়ে পাকিস্তানলৈ যোৱা আৰু পত্নীয়ে এটা সময়ত পাকিস্তানৰ এন জি অ'ৰ হৈ কাম কৰাৰ কথা স্বীকাৰ কৰে । সাংসদগৰাকীৰ স্বীকাৰোক্তিৰ পাছতে সামাজিক মাধ্যম ‘‘এক্স’’ যোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ।
Finally , Congress MP Shri Gaurav Gogoi has admitted that he visited Pakistan.
— Himanta Biswa Sarma (@himantabiswa) May 28, 2025
But let us be very clear — this is just the beginning, not the end.
What lies ahead is far more serious. There exists every reasonable ground, supported by credible inputs and documented…
সামাজিক মাধ্যমত মুখ্যমন্ত্রীয়ে কয়, ‘‘অৱশেষত কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে স্বীকাৰ কৰিলে যে তেখেতে পাকিস্তান ভ্ৰমণ কৰিছিল । কিন্তু আমি অতি বিনম্ৰতাৰে ক’ব বিচাৰিছোঁ যে এয়া সমাপ্তি নহয়, মাত্ৰ আৰম্ভণিহে । ভৱিষ্যতৰ দিনত যিসমূহ বিষয় আহি আছে সেয়া বহু বেছিয়েই গুৰুতৰ । গৌৰৱ গগৈয়ে পাকিস্তানৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক বজাই ৰখাৰ কথাৰ প্ৰতিটোৰে বিশ্বাসযোগ্য আৰু নথিভুক্ত তথ্য আমাৰ মজুত আছে । সম্পূৰ্ণ প্ৰক্ৰিয়াটো যাতে স্বচ্ছ হয় তাৰ বাবে অসম চৰকাৰে বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰিছিল আৰু তেওঁলোকে নিজৰ বিস্তৃত তদন্ত সমাপ্ত কৰাৰ পাছত ১০ ছেপ্টেম্বৰত আমি সকলো তথ্য ৰাজহুৱা কৰিম । অসম তথা দেশৰ জনসাধাৰণে এই সত্য জনাৰ অধিকাৰ আছে আৰু আমি এইক্ষেত্ৰত সম্পূৰ্ণ দায়বদ্ধ । কিন্তু দুর্ভাগ্যজনকভাৱে কংগ্ৰেছ দল আৰু ৰাহুল গান্ধীয়ে এনে এগৰাকী ব্যক্তিক ইচ্ছাকৃতভাৱে সুৰক্ষা প্ৰদান কৰি সামাজিক জীৱনলৈ আগুৱাই দি যিদৰে দেশৰ সুৰক্ষাৰ সৈতে আপোচ কৰিলে, সেই কথা দেশে কেতিয়াও নাপাহৰে তথা কংগ্ৰেছ আৰু ৰাহুল গান্ধীক কেতিয়াও ক্ষমা নকৰিব ।’’
লক্ষণীয় বিষয় যে, পাকিস্তান সম্পৰ্কক লৈ এছ আই টি গঠন কৰাকে ধৰি কেতবোৰ বিস্ফোৰক অভিযোগ অনাৰ পাছতো সাংসদ গৌৰৱ গগৈক প্ৰদেশ কংগ্ৰেছৰ দায়িত্ব দিয়াত অধিক সৰৱ হৈ পৰিছে মুখ্যমন্ত্রী । যাৰ বাবে মুখ্যমন্ত্রীয়ে কংগ্ৰেছ দল আৰু কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীক লক্ষ্য কৰি সমালোচনা কৰিছে ।
সাংসদ গৌৰৱ গগৈ আৰু মুখ্যমন্ত্রীৰ সংঘাতক কেন্দ্ৰ কৰি ৰাজ্যৰে নহয় দেশৰ ৰাজনীতি গৰম হৈ থকাৰ সময়ত সকলোৰে দৃষ্টি নিক্ষেপ হৈ আছে ১০ ছেপ্টেম্বৰলৈ । কাৰণ ১০ ছেপ্টেম্বৰত মুখ্যমন্ত্রীয়ে সাংসদ গৌৰৱ গগৈ সন্দৰ্ভত অনা সকলো অভিযোগ তথ্য প্ৰমাণ সহকাৰে ৰাজহুৱা কৰিব ।
লগতে পঢ়ক: ফলিয়ালে মুখ্যমন্ত্ৰীৰ ভৱিষ্যদ্বাণী, ভূপেন বৰাৰ পৰা আঁতৰিল সভাপতিৰ চকী

