স্কুল-কলেজত চতুৰ্থ বৰ্গত নিযুক্তিৰ বাবে নতুন নিয়ম বনাই আছোঁ : মুখ্যমন্ত্রী
অসমত চাৰে তিনি কোটি মানুহ আছে । কাৰোবাৰ নহয় কাৰোবাৰ সদায় এটা কাহিনী থাকেই । কিয় ক'লে মুখ্যমন্ত্ৰীয়ে এনেকৈ ?

Published : November 28, 2024 at 7:13 PM IST
গুৱাহাটী : বিদ্যালয়-মহাবিদ্যালয়ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিযুক্তিৰ ক্ষেত্ৰত অসম চৰকাৰে নতুন চিন্তা-চৰ্চা আৰম্ভ কৰিছে । অসম চৰকাৰৰ শিক্ষা বিভাগে বিদ্যালয়-মহাবিদ্যালয়ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিযুক্তি নিদিয়াৰ কথা চিন্তা-চৰ্চা কৰিছে । তাৰ বিপৰীতে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ নিযুক্তি দিয়াৰ দায়িত্ব বিদ্যালয় আৰু মহাবিদ্যালয় কৰ্তৃপক্ষক দিয়া হ'ব ।
এই সন্দৰ্ভত বৃহস্পতিবাৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰে । মুখ্যমন্ত্রীয়ে কয়, "সেইটো এনেকুৱা এটা কথা চলিছে যে আমি চতুৰ্থ বৰ্গৰ পদ যদি চৰকাৰী নিয়মত দিওঁ তেন্তে স্থানীয় ল'ৰাই চাকৰি নাপায় । কাৰণ পৰীক্ষা দিব লাগে । তাকে লৈ গাঁও-চহৰৰ স্থানীয় ল'ৰাবোৰে আপত্তি কৰে । যাৰ বাবে আমি এটা ছিষ্টেম কৰিব খুজিছোঁ যে বিদ্যালয় বা মহাবিদ্যালয়খনৰ অধ্যক্ষই অঞ্চলটোৰ এজনক চতুৰ্থ বৰ্গৰ চাকৰিত ল'ব পাৰে । তাৰ বাবে আমি এটা নীতি বনাই আছোঁ ।"
কেতিয়াৰ পৰা এই নিয়ম প্ৰযোজ্য হ'ব সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, "সেইটো ২০২৬ৰ আগত নহয়, পাছত হ'ব । চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকল বেলেগ জিলাৰ পৰা বেলেগ জিলালৈ গ'লে মানুহে বেয়া পায় । যাৰ বাবে বহুত ৰাজ্যত বেলেগ বেলেগ নিয়ম কৰিছে আৰু ময়ো শিকি আহিছোঁ । এতিয়া নহ'ব । বিধানসভা নিৰ্বাচনৰ পাছত স্কুল-কলেজ, হাস্পতাল আদিৰ চতুৰ্থ বৰ্গৰ পদসমূহ সেই মৌজাটোৰ নাইবা গাঁওখনৰ ল'ৰাই যাতে পায়, তাৰ বাবে আমি নীতি এটা বনাই আছোঁ ।"
আনহাতে, ধুবুৰীৰ এজন আৰক্ষীৰ লোকে ওপৰৱালাৰ নিৰ্যাতনৰ বাবে মুখ্যমন্ত্রীৰ সহায় বিচৰা সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়, "অসমত চাৰে তিনি কোটি মানুহ আছে । কাৰোবাৰ নহয় কাৰোবাৰ সদায় এটা কাহিনী থাকেই । ওপৰৱালাৰ নিৰ্যাতনৰ কথা মানে তাত ছয়মাহৰ মূৰে মূৰে ওপৰৱালা বদলি হয়। ধুবুৰীত মোৰ দিনতে চাৰিজন এছ পি বদলি হ'ল । এজনৰ হ'ল বাৰু মই মানি ল'লো, কিন্তু বাকী তিনিজনৰ কিয় হ'ব । সামাজিক মাধ্যমত বিভিন্নজনে বিভিন্ন কথা কয় । তাৰ তদন্ত কৰিব লাগিব, মই চাব দিছোঁ ।"

