ননীৰ বাইকৰ পৰা আলফাৰ সংগ্ৰামলৈকে...! বিৰোধীক পাৰ্যমানে জাৰিলে মুখ্যমন্ত্ৰীয়ে
সদনত মঙলবাৰে বাজেট বিতৰ্কত ভাগ লৈ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও প্ৰসংগত সৰৱ হৈ বিৰোধীক কঠোৰ ভাষাৰে সমালোচনা কৰে ।

Published : March 11, 2025 at 7:42 PM IST
গুৱাহাটী: অসমলৈ অহা উত্তৰাখণ্ডৰ বাইক ৰাইডাৰ ননীৰ সহযোগীৰ বাইক চুৰি আৰু উদ্ধাৰ হোৱা ঘটনাক লৈ মঙলবাৰে সদন উত্তাল হৈ পৰে বিধানসভা । সদনত মঙলবাৰে বাজেট বিতৰ্কত ভাগ লৈ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও প্ৰসংগত সৰৱ হৈ বিৰোধীক কঠোৰ ভাষাৰে সমালোচনাও কৰে ।
সদনত প্ৰসংগক্ৰমে মুখ্যমন্ত্রীয়ে বিৰোধীৰ সমালোচনাৰ মাজতে উত্তৰাখণ্ডৰ বাইক ৰাইডাৰ ননীৰ দলৰ সদস্য মোহিত কুমাৰৰ চুৰি হোৱা বাইকখন উদ্ধাৰ হোৱাৰ বিষয়টো উল্লেখ কৰে ৷
উল্লেখ্য যে গুৱাহাটীৰ সৰুসজাইৰ এটা গেষ্ট হাউছৰ পৰা ৫ মাৰ্চৰ নিশা ননীৰ সহযোগী ৰাইডাৰজনৰ বাইকখন চুৰি হৈছিল । ঘটনাটোৱে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল । ঘটনাটোত অসমৰ মান-সন্মানৰ কথা জড়িত হৈ পৰিছিল ।
অৱশেষত দেওবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই বাইকখন উদ্ধাৰ কৰাৰ লগতে বাইক চুৰি সন্দৰ্ভত দুজন যুৱকক গ্ৰেপ্তাৰ কৰে । ধৃত দুই যুৱক ফকিৰগঞ্জ বালাটাৰী গাঁৱৰ আফছাৰ কাজীৰ পুত্ৰ ফিৰোজ কাজী আৰু বাসানীপাৰা গাঁৱৰ আব্দুল জোব্বাৰৰ পুত্ৰ আশ্ৰাফুল দেৱান ।
মঙলবাৰে সদনত এই প্ৰসংগত সৰৱ হৈ মুখ্যমন্ত্রীয়ে বিৰোধীক উদ্দেশ্যি কয়, "ৰাজ্যৰ ক’ৰবাত কেতিয়াবা কিবা নিগেটিভ হয়, তেতিয়া তাক ক'বলৈ বহুত মানুহ হয় । কিন্তু যেতিয়া কিবা ভাল কাম হয়, তেতিয়া প্ৰশংসা নকৰে । কেইদিনমান পূৰ্বে অসমলৈ অহা এগৰাকী বাইক ৰাইডাৰৰ বাইকখন চুৰি হ'ল । এজ ইউজুৱেল অসমত এখন বাতৰি কাকত আছে, যিখনে অখিল গগৈৰ দৰে নিগেটিভ কথা কৈ ভালপায় । তেওঁলোকে বেয়া কথা লিখি ভালপায় । মই এটা কথা ক'ব বিচাৰিছো যে 'অসম' আৰু 'হিমন্ত বিশ্ব শৰ্মা' দুটা বেলেগ । এগৰাকী যুৱতীৰ অসমলৈ আহোতে বাইক চুৰি হ'ল । আমি কি কৰিব লাগিছিল, মনে মনে মুখ্যমন্ত্রীক ক'ব লাগিছিল যে বাইকখন চুৰি হৈছে, অসমৰ বদনাম হ'ব, দুদিনৰ ভিতৰত বাইকখন উলিয়াই দিয়ক । যাতে অসমৰ বদনাম নহয় । অসমৰ বেয়া কথা লুকাই দিয়ক আৰু মোৰ ৰূমত আহি মোক জবাবদিহি কৰক" ৷
বিধায়ক অখিল গগৈক লক্ষ্য কৰি মুখ্যমন্ত্রীয়ে কয়, "অসমৰ ভালৰ বাবে সঁচাটো ক'ব নে নকয়, সেইটো আপোনাৰ বিষয় ৷"
আনহাতে, বাইকখন উদ্ধাৰ হোৱাৰ বিষয়টো উত্থাপন কৰি মুখ্যমন্ত্রীয়ে কয়, "বাইকখন উদ্ধাৰ হোৱাৰ কথাটো হেডলাইন নহ'ল । চুৰি হোৱাৰ ঘটনাটো হেডলাইন কৰাৰ সাহস থাকিলে উদ্ধাৰ হোৱাৰ কথাটো লিখাৰ সাহস কিয় নাই । এনেধৰণৰ ব্যক্তিয়েই মোৰ জননী জন্মভূমিক হতাশাৰ মাজত বন্দী কৰি ৰাখিছে । এইসকল ব্যক্তিয়ে অসমত আন্দোলনৰ এটা বীজ ৰোপণ কৰিছিল আৰু এইসকল ব্যক্তি নাথাকিলে ১৯৯১ চনতে আলফাৰ সমস্যাৰ সমাধান হ'লহেতেন । ২২ হাজাৰ যুৱক মৃত্যুৰ সন্মুখীন নহ'লহেতেন ৷"
মুখ্যমন্ত্রীয়ে লগতে কয়, "বাইকখন কোনে চুৰি কৰিছিল । ধুবুৰীৰ ফকিৰগঞ্জৰ আব্দুল জফৰ দেৱানৰ পুত্ৰ আশ্ৰাফুল দেৱান । দ্বিতীয়জন আছিল ফিৰোজ কাজী । এজ ইউজুৱেল, চলি গৈ আছে । আকৌ কিবা এটা গণ্ডগোল লাগি ভুলতে গুলী লাগিলে এনকাউণ্টাৰ হোৱা বুলি কয় । অসমত এনকাউণ্টাৰ নহয়েই । হ'লেতো এইটোৱেই হ'লহেতেন । অসমত এৰিব নোৱাৰিলেহে পুলিচে কিবা এটা কৰিব লাগে । এনকাউণ্টাৰ অসমত নহয় । নহ'লে অসমৰ বদনাম কৰাৰ বাবে এই দুইটাৰেই হৈ গ'লহেতেন । আমি এইবিলাক কৰাৰ প্ৰশ্নই নুঠে । আমি আইনৰ মাজেদি লৈ গৈ শাস্তি দিম । মই বিশ্বাস কৰো যে অসমৰ নতুন প্ৰজন্মই আন্দোলনবৰ্জিত পৰিৱেশত অসমত উন্নয়ন-বিকাশ আৰু এক জীৱন্ত অসমক প্ৰস্তুত কৰিছে । সেইখন অসমক বিধায়ক হিচাপে সমৰ্থন কৰাটো আমাৰ দায়িত্ব ৷"
লগতে পঢ়ক: অসম চৰকাৰে ক’ত কিমানজনক দিলে চাকৰি, কিমান প্ৰকাশ পালে বিজ্ঞাপন ? - ASSAM BUDGET 2025 26

