বিশ্বতে বিৰল জনতাৰ স্রোতৰ শান্তিপূর্ণ শ্ৰদ্ধাঞ্জলি, ৰাইজৰ অতুল্য জুবিন প্ৰেমৰ বাবেহে এয়া সম্ভৱ হৈছিল: মুখ্য়মন্ত্ৰীৰ আৱেগ ভৰা পোষ্ট
সাংস্কৃতিক আইকন জুবিন গাৰ্গলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ আৱেগিক শ্ৰদ্ধাঞ্জলি । অসমৰ ৰাইজকো কৃতজ্ঞতা জ্ঞাপন ৷

Published : September 24, 2025 at 9:44 AM IST
গুৱাহাটী : সোণাপুৰৰ নতুন ঠিকনাত পঞ্চভূতত বিলীন হ'ল হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গ । সকলো শোকস্তব্ধ হোৱাৰ সময়তেই ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত অতিকৈ মৰমৰ শিল্পীগৰাকীক লৈ আৱেগ ভৰা পোষ্ট মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । অসমৰ ৰাইজৰ হৃদয়ত জুবিন চিৰদিন জীয়াই থাকিব বুলি উল্লেখ কৰি হিয়া উজাৰি মুখ্যমন্ত্ৰী ক'লে মনৰ কথা ।
প্ৰতি অসমৰ জনসাধাৰণৰ যি অপৰিসীম মৰম আৰু প্ৰশংসা আছিল তাৰ আঁৰৰ কাৰণসমূহৰ ব্যাখ্য়া কৰিলে মুখ্যমন্ত্ৰীয়ে । জুবিন গাৰ্গৰ মৃত্য়ুৰ দুঃসংবাদটো লাভ কৰাৰ পিচত মনত কেনে অৱস্থাৰ সৃষ্টি হৈছিল সেই কথা ব্যাখ্য়া কৰি মুখ্যমন্ত্ৰীয়ে লিখিছে, "প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ দুঃসংবাদ মই যেতিয়া পাইছিলোঁ, তেতিয়া বি টি আৰত এক নির্বাচনী সভাত আছিলোঁ । কোনোবাখিনিত দুখ এটাই ক্ৰিয়া কৰিব বিচাৰিছিল যদিও কিছু মুহূর্তও পলম নকৰি সম্পূৰ্ণকৈ এই বিষয়টোত নিজকে নিয়োজিত কৰিবলৈ মন বান্ধিছিলোঁ । ৰাজ্য এখনৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ দায়িত্ব পালন কৰিবলৈ বদ্ধপৰিকৰ হৈছিলোঁ । মই ভাবিছিলোঁ আমাৰ বাবে এই যাত্রা যদিও সহজ নহ'ব, তথাপি আমি পাৰিবই লাগিব ।"
জুবিন গাৰ্গৰ মৃত্য়ু সংবাদ অসমবাসীয়ে লাভ কৰাৰ পিচৰে পৰা আৰম্ভ কৰি অন্ত্য়েষ্টিক্ৰিয়ালৈকে ৰাইজে সকলোখিনি সুচাৰুৰূপে সম্পন্ন কৰাত সহায়-সহযোগ কৰা বাবে কৃতজ্ঞতা জ্ঞাপন কৰি পুনৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই লিখিছে, "বিশেষ নকওঁ, পাছলৈ আপোনালোকে সকলোখিনি দেখিছে, জানিছে, বুজিছে । সকলোখিনিৰ মূলতে যোৱা শুকুৰবাৰৰ পৰা আপোনালোকৰ নিৰন্তৰ সহযোগিতা আমাৰ বাবে আছিল সাঁচতীয়া মূলধন । আমি জনোৱা প্ৰতিটো আহ্বানক আপোনালোকে গ্রহণ কৰাৰ বাবেই অতি নিয়াৰিকৈ, শান্তিপূর্ণভাৱে আমি জুবিন গাৰ্গ নামৰ বিশ্বজয়ী সত্তাটিক আজি কায়িকভাৱে বিদায় জনাব পাৰিলোঁ ।"
Over the past few days many from outside Assam have asked- why are we crazy for #BelovedZubeen. There is no single answer - but 3 things stand out
— Himanta Biswa Sarma (@himantabiswa) September 23, 2025
👉 His music spoke directly to our emotions and was wide enough to accommodate Assam’s diversity
👉 His bravado was legendary- a… pic.twitter.com/yFrMWnAYmb
বিশ্বতে এনে জনশ্ৰোত বিৰল বুলি উল্লেখ কৰি মুখ্য়মন্ত্ৰীয়ে পুনৰ কয়, "বিশ্বতে বিৰল এই লক্ষ লক্ষ জনতাৰ স্রোতৰ শান্তিপূর্ণ শ্ৰদ্ধাঞ্জলি আমাৰ বাবে নহয়, আপোনালোকৰ অতুল্য জুবিন প্ৰেমৰ বাবেহে সম্ভৱ হৈছিল । সেইবাবেই অসমৰ প্ৰতিগৰাকী জনতাক মই নতশিৰে কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ ।"

