গুৱাহাটী: দেশৰ সুৰক্ষাৰ্থে দেশৰ সৈনিকসকলে কৰা ত্যাগ আৰু বলিদানৰ বাবে সন্মান আৰু উৎসাহ যোগোৱাৰ উদ্দেশ্যৰে বুধবাৰে উলিওৱা হয় এক ত্ৰিৰংগা যাত্ৰা । গুৱাহাটীৰ আদাবাৰীস্থিত অটল উদ্যানৰ পৰা আৰম্ভ হোৱা এই ত্ৰিৰংগা যাত্ৰাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, সাংসদ বিজুলী কলিতা মেধিকে কৰি বিজেপিৰ কেইবা হাজাৰ কাৰ্যকৰ্তাই অংশগ্ৰহণ কৰে ।
আদাবাৰীস্থিত অটল উদ্যানৰ পৰা জালুকবাৰীৰ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰলৈ উলিওৱা এই ত্ৰিৰংগা যাত্ৰাত অংশগ্ৰহণকাৰীসকলে হাতে হাতে জাতীয় পতাকা লৈ ভাৰত মাতা কি জয়, অপাৰেচন সেন্দূৰ আদি শ্ল'গানৰ প্লেকাৰ্ডসহ যাত্ৰা কৰে । এই যাত্ৰাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত প্ৰকাশ কৰে প্ৰতিক্ৰিয়া ।
তেওঁ প'ষ্টটোত উল্লেখ কৰে, "ত্ৰিৰংগা যাত্ৰাৰে ভাৰতীয় সেনালৈ প্ৰণাম । পাকিস্তানৰ বিৰুদ্ধে 'অপাৰেশ্যন সেন্দূৰ'ৰ জৰিয়তে আমাৰ ভাৰতীয় সেনাই গৌৰৱ আৰু পৰাক্ৰমৰ এক নিদর্শন দাঙি ধৰিলে ৷ আমি ত্ৰিৰংগা যাত্ৰাৰে আজি আমাৰ দেশৰ সেনাবাহিনীৰ শেহতীয়া এই বিক্ৰমে আনি দিয়া স্বাভিমানক উদযাপনৰ অংশীদাৰ হওঁ ৷ অসম প্ৰদেশ বিজেপিৰ মাননীয় সভাপতি তথা সাংসদ শ্ৰীদিলীপ শইকীয়া ডাঙৰীয়া, গুৱাহাটী লোকসভা সমষ্টিৰ মাননীয় সাংসদ শ্ৰীমতী বিজুলী কলিতা মেধি ডাঙৰীয়ানী, প্ৰাক্তন সেনা বিষয়া লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাকে ধৰি এই ত্ৰিৰংগা যাত্ৰাত অংশ লৈ দেশৰ সেনাবাহিনীক সন্মান জনোৱাৰ অনুভৱ আছিল সঁচাই বুজাব নোৱৰা ৷"
ইফালে ত্ৰিৰংগা যাত্ৰাত অংশগ্ৰহণ কৰি বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই সংবাদ মাধ্যমৰ আগত কয়,"পাকিস্তানৰ ভাৰত বিদ্বেষী কাৰ্য, নীৰিহ লোকৰ ওপৰত কৰা আক্ৰমণ, সন্ত্ৰাসবাদীক উচটনি দিয়া আৰু সন্ত্ৰাসবাদীক শৰণ দিয়া চৰিত্ৰ ভৱিষ্যতৰ দিনত থাকিলে ভাৰতবৰ্ষই পাকিস্তানক বিশ্বৰ মানচিত্ৰৰ পৰা হয়তো মচি দিব ।"
উল্লেখ্য যে মঙলবাৰৰ পৰা দেশজুৰি আৰম্ভ হোৱা বিজেপিৰ ত্ৰিৰংগা যাত্ৰাৰ আজি দ্বিতীয়টো দিন । 'অপাৰেচন সেন্দূৰ'ৰ সফলতাৰ বাবে ত্ৰিৰংগা যাত্ৰাৰ আয়োজন কৰে ভাৰতীয় জনতা পাৰ্টীয়ে । দেশৰ বিভিন্ন ঠাইত ২৩ মে'লৈকে চলিব এই যাত্ৰা ।