ETV Bharat / state

বিপ্লৱ শৰ্মা সমিতিৰ ৬৭ টা পৰামৰ্শৰ ভিতৰত কোনকেইটা অসম চৰকাৰৰ দায়িত্বত ? জনালে মুখ্যমন্ত্ৰীয়ে - Assam Accord Implementation - ASSAM ACCORD IMPLEMENTATION

Clause 6 of Assam Accord : ছয় নং দফা ৰূপায়ণ সন্দৰ্ভত আছুৰে বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীৰ সংবাদমেল । বিপ্লৱ শৰ্মা সমিতিৰ ৪০ টা পৰামৰ্শ ৰাজ্য চৰকাৰৰ এক্তিয়াৰৰ, ১২ টা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ উভয়ৰ আৰু ১৫ টা সম্পূৰ্ণৰূপে কেন্দ্ৰীয় চৰকাৰৰ এক্তিয়াৰৰ । ২৫ অক্টোবৰত একশ্যন প্লেন লৈ আছুৰ সৈতে পুনৰ আলোচনাত বহিব অসম চৰকাৰ । ৫২ টা পৰামৰ্শৰ একশ্যন প্লেনৰ ক্ষেত্ৰত আছুৰ কোনো আপত্তি নাথাকিলে এপ্ৰিলৰ ভিতৰত কৰা হ'ব ৰূপায়ণ । ত্ৰিপাক্ষিক বৈঠকৰ বাবে কেন্দ্ৰক অনুৰোধ জনাব অসম চৰকাৰে ।

Clause 6 of Assam Accord
ছয় নং দফা ৰূপায়ণ সন্দৰ্ভত আছুৰ লগত অসমৰৰ চৰকাৰৰ আলোচনা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : September 25, 2024 at 9:30 PM IST

Updated : September 25, 2024 at 9:44 PM IST

4 Min Read

গুৱাহাটী, ২৫ ছেপ্টেম্বৰ : অসম চুক্তিৰ ছয় নং দফা ৰূপায়ণৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা সমিতিয়ে দিয়া প্ৰতিবেদন কাৰ্যকৰী কৰা সন্দৰ্ভত আজি আছুৰ নেতৃত্বৰে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।

মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজন কৰা বৈঠকত আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য, সভাপতি উৎপল শৰ্মা আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক চৰ্জুন হাঞ্চেই অংশগ্ৰহণ কৰে । আলোচনাৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেল সম্বোধন কৰে ।

অসম চুক্তিৰ ছয় নং দফা ৰূপায়ণ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘ছয় নং দফা ৰূপায়ণৰ বাবে বিপ্লৱ শৰ্মা সমিতিয়ে দিয়া প্ৰতিবেদন সন্দৰ্ভত আজি আছুৰ সৈতে আলোচনা হয় । প্ৰতিবেদনখন আজি আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হয় । কাইলৈ অসম চুক্তি ৰূপায়ন বিভাগৰ ৱেবছাইটত প্ৰতিবেদনখন দিয়া হ'ব । সকলোৱে প্ৰতিবেদনখন চাব পাৰিব । বিপ্লৱ শৰ্মা সমিতিৰ পৰামৰ্শসমূহ তিনিটা ভাগত বিভক্ত । ইয়াৰে ৪০ টা পৰামৰ্শ ৰাজ্য চৰকাৰৰ এক্তিয়াৰৰ, ১২ টা পৰামৰ্শ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ উভয়ৰ আৰু ১৫ টা পৰামৰ্শ সম্পূৰ্ণৰূপে কেন্দ্ৰীয় চৰকাৰৰ এক্তিয়াৰৰ । আজিৰ আলোচনাত প্ৰতিবেদন ৰাজহুৱা হোৱাৰ লগতে কোনকেইটা পৰামৰ্শ কোনে ৰূপায়ণ কৰিব সেয়া স্পষ্ট হ'ল । কেন্দ্ৰই ৰূপায়ণ কৰিবলগীয়া ১৫টা পৰামৰ্শৰ ক্ষেত্ৰত কেন্দ্ৰক আছুৰ লগত আলোচনা কৰাৰ বাবে অনুৰোধ জনাম । ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অসম চৰকাৰে কেন্দ্ৰৰ প্ৰতি অনুৰোধ জনোৱাৰ সিদ্ধান্ত আজিৰ বৈঠকত লোৱা হয় ।’’

মুখ্যমন্ত্ৰীয়ে লগতে কয়, ‘‘ৰাজ্য চৰকাৰৰ এক্তিয়াৰত থকা ৪০ টা পৰামৰ্শ ৰূপায়ণ কৰাৰ বাবে অসম চৰকাৰে একশ্য়ন প্লেন প্ৰস্তুত কৰি এমাহৰ ভিতৰত ২৫ অক্টোবৰত আছুক প্ৰদান কৰা হ'ব । ২৫ অক্টোবৰত আছুৰ সৈতে পুনৰ বৈঠক অনুষ্ঠিত হ'ব । সমান্তৰালকৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ উভয়ে ৰূপায়ণ কৰিব লগা ১২ টা পৰামৰ্শৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কৰিবলগীয়া কৰণীয়খিনি কৰিব । ৫২ টা পৰামৰ্শৰ একশ্য়ন প্লেনৰ ক্ষেত্ৰত আছুৰ কোনো আপত্তি নাথাকিলে এপ্ৰিলৰ ভিতৰত ৰূপায়ণ কৰা হ'ব । এই ৫২টা পৰামৰ্শৰ ভিতৰত ভূমিৰ অধিকাৰ, ভাষাৰ অধিকাৰ আৰু সাংস্কৃতিক অধিকাৰ আছে । যিটো ৰাজ্য চৰকাৰে কৰিব । কেন্দ্ৰীয় চৰকাৰৰ এক্তিয়াৰত থকা বাকী ১৫ টা পৰামৰ্শত ৰাজনৈতিক আৰু কৰ্মসংস্থাপনৰ অধিকাৰৰ কথা আছে । বিপ্লৱ শৰ্মা সমিতিৰ পৰামৰ্শসমূহ বৰাক উপত্যকাত ৰূপায়ণ কৰাৰ অৱকাশ নাই । আনহাতে ষষ্ঠ অনুসূচী এলেকাত সংশ্লিষ্ট কৰ্তৃপক্ষই স্বীকাৰ কৰিলেহে পৰামৰ্শসমূহ কাৰ্যকৰী কৰিব পৰা যাব । কৰ্তৃপক্ষই নিবিচাৰিলে ৰূপায়ণ কৰিব পৰা নাযাব ।’’

অসমীয়াৰ সংজ্ঞাৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘অসমীয়াৰ সংজ্ঞা দুটা । সাধাৰণভাৱে অসমত থাকি অসমীয়া ভাষা-সংস্কৃতি গ্ৰহণ কৰাসকলক অসমীয়া বুলি কোৱা হয় । কিন্তু অসম চুক্তিৰ ছয় নং দফা অনুসৰি ১৯৫১ চনত তথা তাৰ আগতে অসমত জন্মগ্ৰহণ কৰাসকল অসমীয়া । এটা সংজ্ঞা ১৯৫১ত চলিব । ইতিমধ্যে অসম চৰকাৰে মিছন বসুন্ধৰাত ১৯৫১ চনটো ভিত্তিবৰ্ষ হিচাপে গ্ৰহণ কৰিছে । সাধাৰণভাৱে ১৯৫১ চনটো প্ৰযোজ্য নহয় যদিও বিশেষ ক্ষেত্ৰত প্ৰযোজ্য কৰা হৈছে । ভূমি ক্ৰয়-বিক্ৰয়ৰ ক্ষেত্ৰত কৰা হৈছে । সাধাৰণ ক্ষেত্ৰত কৰা হোৱা নাই ।’’

মুখ্যমন্ত্ৰীয়ে লগতে কয়, ‘‘বিপ্লৱ শৰ্মা সমিতিৰ প্ৰতিবেদনতে শিলসাঁকোত উচ্ছেদ চলোৱাৰ কথা কোৱা হৈছে । আৰ্দ্ৰভূমি বেদখলমুক্ত কৰাৰ কথা সমিতিয়ে কৈছে । উচ্ছেদ অভিযান তাৰ ভিত্তিতেই চলাই থকা হৈছে ।’’ সংবাদমেলত মন্ত্ৰী অতুল বৰা, বিমল বড়া, কেশৱ মহন্ত, অজন্তা নেওগ, ডাঃ ৰণোজ পেগু আৰু পীযুষ হাজৰীকা উপস্থিত আছিল ।

লগতে পঢ়ক : পৰিয়ালৰ দুৰ্নীতি ঢাকিবলৈ নকল দেশপ্ৰমীক ভাও দিবলৈ চেষ্টা কৰিছে কোনে : ভূপেন বৰা

বিপ্লৱ কুমাৰ শৰ্মা কমিটীৰ প্ৰতিবেদনৰ সকলো পৰামৰ্শ ফলাফললৈ ৰূপান্তৰিত কৰাৰ দাবী আছুৰ

বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ পৰামৰ্শ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কেবিনেটৰ কৰ্তৃত্বক লৈ প্ৰশ্ন প্ৰদেশ কংগ্ৰেছৰ

Last Updated : September 25, 2024 at 9:44 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.