চতিয়া: "কংগ্ৰেছে তেওঁলোকৰ কাৰ্যকালত সূতা, কম্বল, লুঙি, টুপীৰ ৰাজনীতি কৰিছিল । দৰিদ্ৰ জনতাৰ বাবে নাছিল কোনো জনহিতকৰ আঁচনি । যাৰ বাবে অসমখন অতিকৈ পিছুৱাই যাব লগা হৈছিল । ইয়াৰ বিপৰীতে আজি ৰাজ্যখন উন্নয়নৰ উচ্চতম শিখৰত উপনীত হৈছে । শিক্ষা, স্বাস্থ্য, জনসিঞ্চন, বান, নিবনুৱা সমস্যাকে ধৰি সকলো ক্ষেত্ৰতে আমাৰ চৰকাৰে নিৰলস কাম কৰি গৈছে আৰু তাৰ ফলতে আজি ৰাজ্যখনত সকলো ক্ষেত্ৰতে উন্নয়ন সম্ভৱ হৈছে । দৰিদ্ৰজনৰ জীৱনলৈ হাঁহিৰ বন্যা বৈছে ।" এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।
শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ কুসুমটোলাত বুধবাৰে অসমৰ ভিতৰতে প্ৰথমটো সমজিলা স্থায়ী কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেদৰে কয় । নদুৱাৰ সমষ্টিৰ জামুগুৰিহাটৰ কুসুমটোলাত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে কেইবাটাও উন্নয়নমূলক আঁচনিৰ কথা ঘোষণা কৰে ৷
সেই অনুসৰি ইটাখোলা, ডিপলোঙা হৈ চতিয়া তেৱাৰীপাললৈ মুঠ ২০ কিলোমিটাৰ পথ অসম মালাৰ অধীনত নিৰ্মাণ কৰা, বিশ্বনাথ-পাণপুৰ সংযোগী ঘিলাধাৰী নদীৰ ওপৰত ১৭ কোটি টকাৰে এখন আৰ চি চি দলং নিৰ্মাণ কৰাৰ লগতে নদুৱাৰ সমষ্টিৰ প্ৰতিখন হাইস্কুললৈ ৮ কোটিকৈ অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰে ৷
ইয়াৰ উপৰি চৌকীঘাটৰ ২ হেজাৰ বিঘা মাটি ঔদ্যোগিক এলেকালৈ সম্প্ৰসাৰণ কৰা, চাৰিদুৱাৰত এখন মহাবিদ্যালয় স্থাপনৰ লগতে টুপিয়া, জামুগুৰিত একোখনকৈ পূৰ্ণাংগ ষ্টেডিয়াম নিৰ্মাণৰ পৰিকল্পনা গ্ৰহণ কৰি থকা বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে ৷ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ মুঠ ৩৯ খন সমজিলা ঘোষণা হোৱাৰ পিছত বুধবাৰে নদুৱাৰ সমষ্টিৰ কুসুমটোলাত প্ৰথমটো সমজিলা কাৰ্যালয়ৰ ভূমি পূজন কৰি আনন্দিত হোৱা বুলি মন্তব্য কৰে ।
পৰৱৰ্তী সময়ত ৰাজ্যত মুঠ ৯৬ টা সমজিলাৰ কাৰ্যালয় স্থাপন হ'ব বুলি জানিবলৈ দিয়ে । অহা ১২ৰ পৰা ১৮ মাহৰ ভিতৰত উক্ত কাৰ্যালয়টো সম্পূৰ্ণ হৈ উঠিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে ।
ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে বিধায়ক পদ্ম হাজৰিকাৰ কৰ্মৰাজিক ভূয়সী প্ৰশংসা কৰি কয় যে পদ্ম হাজৰিকাৰ নিৰৱচ্ছিন্ন চেষ্টাৰ বাবেই আজি নদুৱাৰ সমষ্টিত উন্নয়নৰ জোৱাৰ উঠিছে । ৰাজ্যখনৰ উন্নয়নৰ সামগ্ৰিক খতিয়ান দাঙি ধৰি মুখ্যমন্ত্ৰীয়ে লগতে কয়, "নদুৱাৰ সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ চকীঘাটত স্থাপন হোৱা আইন মহাবিদ্যালয়খনৰ শ্ৰেণীসমূহ শীঘ্ৰেই আৰম্ভ হ'ব । ৰাজ্যখনৰ শিক্ষাৰ মান উন্নীত কৰাৰ বাবে আমাৰ চৰকাৰে নিৰলসভাৱে কাম কৰি আছে । ডনবস্ক', ছেইণ্ট মেৰিজতকৈয়ো উন্নত কৰা হ'ব ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ । এই দিশৰ প্ৰতি লক্ষ্য ৰাখি বিশেষকৈ নদুৱাৰ সমষ্টিৰ হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী স্কুলসমূহৰ সামগ্ৰিক উন্নয়নৰ বাবে আমি ৮ কোটিকৈ টকা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ ।"
ঔদ্যোগীকৰণ দিশৰ ওপৰত বক্তব্য প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয়, "বৰ্তমান ৰাজ্যখনত ঔদ্যোগীকৰণৰ জোৱাৰ উঠিছে । এডভাণ্টেজ আছামৰ দ্বাৰা আৰু মাত্ৰ কেইটামান বছৰৰ পিছত ৰাজ্যখনত উদ্যোগেৰে ভৰি পৰিব । অসমৰ নিবনুৱা যুৱক-যুৱতীয়ে আৰু বহিঃৰাজ্যলৈ গৈ ছিকিউৰিটি গাৰ্ড কৰাৰ প্ৰয়োজন নহয় । এতিয়া অসমতে অসমীয়াই এইসমূহ উদ্যোগত নিযুক্ত হ'ব পাৰিব । ইয়াৰে প্ৰথম পদক্ষেপ হিচাপে নদুৱাৰ সমষ্টিত আৰম্ভ হৈছে প্ৰথমটো টাইলছ উদ্যোগ । আৰু এটা বছৰৰ পিছত এই উদ্যোগত উৎপাদন আৰম্ভ হ'ব । এক কথাত অসমৰ বিশেষকৈ তেজপুৰৰ পৰা জোনাইলৈ উন্নয়নৰ ঢল বৈছে ।"
প্ৰসংগক্ৰমে মুখ্যমন্ত্ৰীয়ে মহিলা উদ্যমিতা আঁচনিৰ ক্ষেত্ৰত বক্তব্য প্ৰদান কৰি কয় যে নদুৱাৰত বিধায়ক পদ্ম হাজৰিকাই যেতিয়াই মাতে তেতিয়াই নদুৱাৰলৈ আহি নিজে দহ হাজাৰ টকাৰ চেক শীঘ্ৰেই মহিলাসকলৰ মাজত বিতৰণ কৰিব । "আকাশ চোৱাৰ মন সকলোৰে থাকে আৰু আমি সেই আকাশ চোৱাৰ হেঁপাহক বাস্তৱায়িত কৰিবলৈ বদ্ধপৰিকৰ ।" তেওঁ কয় ।
মুখ্যমন্ত্ৰীৰ নাতিদীৰ্ঘ ভাষণত পুনৰ দোহাৰে, "আমাৰ চৰকাৰে কালিৰে পৰা বিদ্যুতৰ মাচুল প্ৰতি ইউনিটত এটকাকৈ কমাইছে আৰু চলিত বছৰৰ নৱেম্বৰ-ডিচেম্বৰ মাহত পুনৰ পঞ্চাশ পইচাৰ পৰা এটকা পৰ্যন্ত বিদ্যুতৰ মাচুল কমোৱা হ'ব ।"
তেওঁ চৰকাৰীভাৱে ধান ক্ৰয়ৰ মূল্য পূৰ্বৰ মূল্যৰ বিপৰীতে এইবাৰ ২৫৫০ টকা কৰাৰ সমান্তৰালভাৱে সৰিয়হৰ মূল্য ৬৫০০ (প্ৰতি কুইণ্টলত) ধাৰ্য কৰাৰ কথাও অৱগত কৰে ।
ইফালে বুধবাৰে পুৱাতেই চতিয়াৰ এজোপা এশ বছৰ অতিক্ৰম কৰা আঁহত গছৰ তলত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।
চতিয়াত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে অসমৰ প্ৰথম মুকলি বিহুতলী এই এশ বছৰ অতিক্ৰম কৰা আঁহত গছজোপাৰ তলত বন্তি প্ৰজ্বলন কৰে । মাধুৰী আঁহতৰ তলত উপস্থিত হৈ সঁচাকৈয়ে ধন্য হোৱা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে । তেওঁ মাধুৰী আঁহতস্থলী পৰিদৰ্শন কৰাৰ লগতে স্থানীয় ৰাইজৰ লগত মত বিনিময় কৰাৰ উপৰি চতিয়াৰ চলাহোলাস্থিত বীৰংগনা মূলা গাভৰুৰ মৈদামো পৰিদৰ্শন কৰে ।
সকলো কাৰ্যসূচীতে স্থানীয় বিধায়ক পদ্ম হাজৰিকা, বিধায়ক প্ৰমোদ বৰঠাকুৰ, অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ পল্লৱলোচন দাসকে ধৰি কেইবাজনো নেতৃস্থানীয় ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।