যোৰহাট: বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ বিভাগৰ দ্বাৰা ৫ বিঘা ভূমি সামৰি যোৰহাটৰ চিনামৰাত নিৰ্মাণ কৰি উলিওৱা নৱনিৰ্মিত সন্মিলন ভৱনটো মুকলি কৰে ।
১২০ খন আসনযুক্ত সভাকক্ষৰে পূৰিপূৰ্ণ নৱনিৰ্মিত সন্মিলিত ভৱনটোত বহু অত্যাধুনিক সা-সুবিধা সন্নিৱিষ্ট কৰা হৈছে । এই ভৱনটো মুকলি কৰাৰ পিছত যোৰহাট আই এছ বি টিৰ স্বয়ংক্ৰিয় যান-বাহন কেন্দ্ৰটোও মুকলি কৰে মুখ্যমন্ত্ৰীয়ে ।
এই দুটা প্ৰকল্প ৰাইজৰ সেৱাৰ্থে মুকলি কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমক সম্বোধন কৰাৰ সময়ত ৱাকফ (সংশোধনী) বিধেয়ক লোকসভাত উত্থাপন প্ৰসংগত কয়, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সাহসী পদক্ষেপৰ বাবে ৭৫ বছৰ পিছত দেশৰ সংসদত ৱাকফ সংশোধনী বিধেয়ক উথাপিত হৈছে । আৰু দুয়োখন সংসদতে ৱাকফ সংশোধনী বিধেয়ক অনুমোদন (পাছ) হ'ব বুলি মই আশা কৰিছোঁ ।"
আনহাতে, পঞ্চায়ত নিৰ্বাচনৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, "আজিয়ে নিৰ্বাচন আয়োগে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰিব । পঞ্চায়তীৰাজ ব্যৱস্থা তৃণমূল পৰ্যায়লৈ লৈ যোৱাৰ হেতু পঞ্চায়ত নিৰ্বাচনত বহু সালসলনি কৰা হৈছে । এইবাৰ পঞ্চায়ত নিৰ্বাচনত ৱাৰ্ড মেম্বাৰৰ প্ৰাৰ্থীৰ বাবে কোনো দলৰে প্ৰতীক চিহ্ন নাথাকিব । ৱাৰ্ড মেম্বাৰৰ পৰাই পঞ্চায়তৰ সভাপতি নিৰ্বাচন কৰা হ'ব ।"

তেওঁ লগতে কয়, "আঞ্চলিক পঞ্চায়ত আৰু জিলা পঞ্চায়তৰ সদস্যইহে দলৰ প্ৰতীকত নিৰ্বাচনত অংশগ্ৰহণ কৰিব পাৰিব ।"
ইফালে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ থকাৰ পিছতো যোৰহাটৰ উন্নয়নৰ দায়িত্ব পৱিত্ৰ মাঘেৰিটাই গ্ৰহণ কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "তেওঁ মহান আৰু ৰজাঘৰৰ মানুহ । তেওঁ সৰু সৰু কথাত গুৰুত্ব নিদিয়ে । আমি সৰু মানুহ, সেয়েহে আমি অৰুণোদয় আৰু উন্নয়নৰ কামত থাকো ।"
লগতে তেওঁ কয় যে যোৰহাটৰ চিনামৰাত নৱনিৰ্মিত জিলা আয়ুক্ত ভৱনৰ কাম ইতিমধ্যে পঞ্চাশ শতাংশ সম্পূৰ্ণ হৈছে । উল্লেখ্য যে বহু বিৰতিৰ পিছত মুখ্যমন্ত্ৰী বুধবাৰে যোৰহাটলৈ আহিছে । সেয়েহে সকলোৱে তেওঁৰ পৰা উন্নয়নৰ দিশত বহু আশা কৰিছে ।