ETV Bharat / state

বিনিয়োগকাৰীৰ বিচাৰি মুখ্যমন্ত্ৰীৰ জাপান ভ্রমণ: দিনটোত ৬খন বৈঠকত অংশগ্রহণ - ADVANTAGE ASSAM 2

টকিঅ'ত ১৬০ গৰাকীতকৈও অধিক ব্যৱসায়ী নেতাক সাক্ষাৎ কৰি জাপানত এডভান্টেজ আছামৰ তিনিদিনীয়া ৰোড শ্ব' আৰম্ভ মুখ্যমন্ত্ৰীৰ ৷

CM HIMANTA BISWA SARMA IN JAPAN
বিনিয়োগকাৰীৰ বিচাৰি মুখ্যমন্ত্ৰীৰ জাপান ভ্রমণ (X@himantabiswa)
author img

By ETV Bharat Assamese Team

Published : January 22, 2025 at 10:48 PM IST

4 Min Read

গুৱাহাটী : "আন্তঃগাঁথনি, স্বাস্থ্যসেৱা, দক্ষতা আদিৰ ক্ষেত্ৰত অসমৰ কেইবাটাও উন্নয়নী যাত্রাত জাপানে অংশীদাৰিত্ব আগবঢ়াইছে ।" এই মন্তব্য বিনিয়োগকাৰীৰ সন্ধানত বিদেশ ভ্ৰমণত ব্যস্ত অসমৰ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । ২১ জানুৱাৰীৰ নিশা দক্ষিণ কোৰিয়া ভ্রমণ সামৰি জাপানত উপস্থিত হোৱা মুখ্যমন্ত্রীয়ে দেশখনত বুধবাৰে ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া এডভান্টেজ আছাম-২.০ সন্মিলনৰ সন্দৰ্ভত বহুজাতিক সংস্থা, ব্যক্তিবিশেষ, বিষয়া-প্রতিনিধি, উদ্যোগপতিৰে সাক্ষাতত মিলিত হয় ।

জাপানত মুখ্যমন্ত্রীয়ে ব্যক্ত কৰে, "শেহতীয়া বছৰবোৰত অসমে ৰাজ্যখনলৈ বৃহৎ পৰিসৰৰ বিনিয়োগ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত উল্লেখনীয় অগ্রগতি লাভ কৰিছে আৰু ৩ বিলিয়ন ডলাৰৰ উৎপাদন-সংযোজিত উদগনি (Production link incentive) আবণ্টন দিছে ।" মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে জনোৱা অনুসৰি মুখ্যমন্ত্রীয়ে অসমৰ বিকাশ আৰু উন্নয়নৰ এই ধাৰাত অধিক চামিল হ'বলৈ জাপানক আহ্বান জনায় । লগতে মুখ্যমন্ত্ৰীৰ মন্তব্য, “অসমে তিনিটা বিশেষ মৌলিক ধাৰণা সৰলতা, স্বচ্ছতা আৰু দক্ষতাৰ ওপৰত ভিত্তি কৰি ৰাজ্যত বিনিয়োগ কৰিবলৈ ব্যৱসায়ীসকলক আমন্ত্রণ জনাইছে । আমি নীতিসমূহ অনুসৰণ কৰিছোঁ আৰু নতুন যুগীয় উদ্যোগসমূহক তেওঁলোকৰ ভিত্তি স্থাপন কৰিবলৈ উৎসাহিত কৰিছোঁ ।”

CM HIMANTA BISWA SARMA IN JAPAN
জাপানত মুখ্যমন্ত্ৰী (ETV Bharat Assam)

এডভান্টেজ আছাম জাপান ৰোড শ্ব'ৰ আৰম্ভণি কৰাৰ পূর্বে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শর্মাই টকিঅ'ত মহাত্মা গান্ধীৰ আবক্ষ মূর্তিত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে । অসমৰ বিকাশ আৰু উন্নয়নৰ বাবে বিনিয়োগকাৰীৰ সন্ধানত জাপান ভ্রমণৰ ২২ জানুৱাৰী দিনটোত মুখ্যমন্ত্রীয়ে ৬খন বৈঠকত অংশগ্রহণ কৰে ।

১৬০ গৰাকীতকৈও অধিক জাপানী ব্যৱসায়ী-নেতাৰ সৈতে মত বিনিময়:

অসমৰ অর্থনৈতিক উন্নয়নৰ খতিয়ান আৰু 'ইজ অব ডুইং বিজনেছাৰ’ বিষয়ত ১৬০ গৰাকীতকৈও অধিক জাপানী ব্যৱসায়ী-নেতাৰ সৈতে মত বিনিময় কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ “২০১৪ চনৰ তুলনাত অসমে অহা বছৰৰ ভিতৰত ইয়াৰ অর্থনীতি তিনিগুণ কৰিবলৈ আগবাঢ়িছে- যি ১২.৪% অভূতপূর্ব নিৰন্তৰ বিকাশৰ হাৰ প্রতিনিধিত্ব কৰে । আমাৰ একক উইডো মেকানিজম আৰু ৩ বিলিয়ন আমেৰিকান ডলাৰৰ উৎপাদন সংযোজিত উদগনিয়ে অসমক বিনিয়োগৰ সুযোগৰ দিশত উজলাই তুলিছে”— বুলি মুখ্যমন্ত্রীয়ে ব্যক্ত কৰি ভাৰত আৰু জাপানৰ মাজত শক্তিশালী অর্থনৈতিক বন্ধনৰ দিশত অসমে এক অনুপ্ৰেৰণামূলক প্রভাৱ সাব্যস্ত কৰি আগুৱাই যাবলৈ সক্ষম হ'ব বুলি উল্লেখ কৰে ।

CM HIMANTA BISWA SARMA IN JAPAN
জাপানত মুখ্যমন্ত্ৰী (ETV Bharat Assam)

জাপানৰ অর্থনীতি, বাণিজ্য আৰু উদ্যোগ মন্ত্রীক সাক্ষাৎ:

পৰৱৰ্তী সময়ত জাপানৰ অর্থনীতি, বাণিজ্য আৰু উদ্যোগ মন্ত্রী কোগা যুইচিৰোৰ সৈতে সাক্ষাতত মিলিত হৈ জাপানী প্রতিষ্ঠানসমূহৰ প্ৰতি সমর্পিত এটা ব্যৱসায়িক ক্ষেত্র স্থাপনৰ বাবে অসমৰ প্রস্তুতিৰ বিষয়ে অৱগত কৰে । লগতে জাপান চৰকাৰক কাৰিকৰী ইন্টার্ন প্রশিক্ষণ আৰু নির্দিষ্ট দক্ষতা কর্মী কাৰ্যসূচীৰ বাবে পৰীক্ষা কেন্দ্র স্থাপনৰ বিষয়ে বিবেচনা কৰিবলৈও অনুৰোধ জনায় । যাৰদ্বাৰা অসমৰ যুৱকসকলে জাপানত হ্রস্বম্যাদী কামৰ সুযোগ লাভ কৰিব পাৰিব । পাছত মুখ্যমন্ত্রীয়ে জাপান বাহ্যিক বাণিজ্য সংস্থা (জেট্র')ৰ কাৰ্যবাহী উপাধ্যক্ষ কাজুয়া নাকাজোৰ সৈতেও সাক্ষাতত মিলিত হয় । ৰাজ্যৰ পাৰস্পৰিক বিকাশ সাধনৰ বাবে বাণিজ্য, ব্যৱসায় আৰু উদ্যোগ খণ্ডত জাপান-অসমৰ মাজত সহযোগিতা বৃদ্ধিয়ে উক্ত আলোচনাত স্থান পায় ।

CM HIMANTA BISWA SARMA IN JAPAN
জাপানত মুখ্যমন্ত্ৰী (ETV Bharat Assam)

ছেমিকণ্ডাক্টৰৰ ক্ষেত্ৰত অসমৰ বিকাশৰ অংশীদাৰ হ'বলৈ আহ্বান :

লগতে, টকিঅ'ত হিটাচিৰ উপাধ্যক্ষ হিৰোহিড়ে হিবাইৰে সাক্ষাতত মিলিত হোৱাৰ পাছত মুখ্যমন্ত্রী ড হিমন্ত বিশ্ব শর্মাই জাপানৰ আগশাৰীৰ ছেমিকণ্ডাক্টৰ নির্মাতা ৰেনেছাছ ইলেক্ট্রনিকছৰ উপাধ্যক্ষ চার্লছ কাৰাছিমাকো সাক্ষাৎ কৰে । উল্লেখ্য, অসম চৰকাৰে দাবী কৰি আহিছে যে অসমত ছেমিকণ্ডাক্টৰৰ যি প্রকল্প, সেই প্রকল্পত দৈনিক ৪৮ নিযুত চিপ উৎপাদনৰ লক্ষ্যৰে কাম কৰিব, যাৰ ফলত অসম চিপ যোগানৰ দিশত এক বিশ্বব্যাপী কেন্দ্র হৈ পৰিব । মুখ্যমন্ত্রীয়ে ৰেনেছাছক ছেমিকণ্ডাক্টৰৰ দিশত অসমৰ বিকাশৰ অংশীদাৰ হ'বলৈ আহ্বান জনায় । টয়া ইঞ্জিনিয়াৰিঙৰ অধ্যক্ষ তথা মুখ্য কার্যবাহী বিষয়া ইজি হোছোইৰ সৈতেও এক আলোচনাত মিলিত হৈ টয়'ৰ বিশাল অভিজ্ঞতা আৰু হাইড্র'কার্বন খণ্ডত অসমৰ অপৰিসীম ক্ষমতাৰ সমন্বয়েৰে ৰাজাৰ বিকাশৰ বাবে সুযোগ অন্বেষণ কৰিবলৈ আৰু অসমত তেখেতসকলন প্ৰসাৰ সম্প্ৰসাৰিত কৰিবলৈ আহ্বান জনায় ।

CM HIMANTA BISWA SARMA IN JAPAN
জাপানত প্ৰৱাসী অসমীয়াক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ (ETV Bharat Assam)

প্ৰবাসী অসমীযাৰ সৈতে সাক্ষাৎ:

জাপানস্থিত প্রবাসী অসমীয়াসকলে পুৱাৰ ভাগত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাক সাক্ষাৎ কৰি অসমৰ থলুৱা পিঠা-পনাৰে আপ্যায়ন কৰে । মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শর্মাই প্রথম দিনৰ কাৰ্যসূচীত সাক্ষাতত মিলিত হোৱা আটাইকে এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত উপস্থিত থাকিবলৈ আহ্বান জনায় । উল্লেখ্য, মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শর্মাই জাপানত তিনিদিন উপস্থিত থাকি বিভিন্ন কাৰ্যসূচী সম্পাদন কৰিব ।

লগতে পঢ়ক: বিনিয়োগকাৰীৰ সন্ধানত: দক্ষিণ কোৰিয়া ভ্ৰমণ সামৰি জাপানলৈ মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.