সৰ্বভাৰতীয় পৰ্যায়ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ পোষকতা মুখ্যমন্ত্ৰীৰ - Assam CM on NRC
CM Himanta Biswa Sarma: অবৈধ নাগৰিকৰ সমস্যা সমাধানৰ বাবে দেশজুৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ পোষকতা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ সোমবাৰে গুৱাহাটীত এক কাৰ্যসূচীত অংশগ্ৰহণৰ পাছত সংবাদমাধ্যমৰ আগত এই কথা ব্যক্ত কৰে শৰ্মাই ৷ তেওঁ লগতে শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ বাবে সংসদত আলোচনা হ'ব লাগে বুলিও মন্তব্য কৰে ৷

Published : September 30, 2024 at 4:02 PM IST
গুৱাহাটী, ৩০ ছেপ্টেম্বৰ: সৰ্বভাৰতীয় পৰ্যায়ত এখন শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ পোষকতা কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । গুৱাহাটীত সোমবাৰে এক অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰীয়ে কয়, "অবৈধ নাগৰিকৰ সমস্যাটো অকল অসম বা পশ্চিমবংগৰ সমস্যা নহয় ৷ এতিয়া এই সমস্যাটো সমগ্ৰ দেশৰে সমস্যা হিচাপে পৰিগণিত হৈছে ।"
অন্য ৰাজ্যত আধাৰ কাৰ্ড বনাই আকৌ অসমত আহে:
তেওঁ কয়, "বিদেশী সমস্যা দেশৰ সমস্যা হৈ পৰিছে । বাংলাদেশত অস্থিৰতা সৃষ্টি হোৱাৰ পিছৰ পৰা অসমত দৈনিক বাংলাদেশী নাগৰিকে প্ৰৱেশৰ চেষ্টা কৰি আছে । এই কথা সৰ্বভাৰতীয় পৰ্যায়ত দৃষ্টিগোচৰ কৰাৰ চেষ্টা কৰি আছো । অসম তথা পশ্চিমবংগত বিদেশী প্ৰৱেশ কৰি দেশৰ অন্য ৰাজ্যত গৈ আধাৰ কাৰ্ড বনাই আকৌ অসমলৈ আহে ।"
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ বাবে সংসদত আলোচনা হ'ব লাগে:
শৰ্মাই কয়, "ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ এতিয়া ৰাষ্ট্ৰীয় সমস্যা, অসমত আমি শুদ্ধ NRC বিচাৰি আছো । আমাক ২০% পুনঃনিৰীক্ষণৰ সুবিধা দিব লাগে । ঝাৰখণ্ড বা আন ৰাজ্যসমূহতো NRC হ’ব লাগে । লগতে সৰ্বভাৰতীয় পৰ্যায়ত এখন শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ বাবে সংসদত আলোচনা হ'ব লাগে । এয়া জৰুৰী হৈ পৰিছে ।"
মন কৰিবলগীয়া যে, ৰাজ্যৰ ৰাজনৈতিক (খ) বিভাগে জাৰি কৰা শেহতীয়া নিৰ্দেশনাত কোৱা হৈছে যে যোৱা জানুৱাৰী মাহৰ পৰা আগষ্ট পৰ্যন্ত ৫৪ জন অবৈধ অনুপ্ৰৱেশকাৰীক কৰায়ত্ত কৰা হৈছে । ইয়াৰে ৪৫ জনক সীমা পাৰ কৰি তেওঁলোকৰ দেশলৈ প্ৰেৰণ কৰা হৈছে আৰু ৯ জনক কৰিমগঞ্জত গ্রেপ্তাৰ কৰা হৈছে । ইয়াৰ লগতে ৰাজ্যখনত বিশেষকৈ উজনি অসম আৰু উত্তৰ অসমৰ জিলাকেইখনত সন্দেহজনক বিদেশীৰ উপস্থিতি ধৰা পৰিছে । ৰাষ্ট্ৰৰ আভ্যন্তৰীণ নিৰাপত্তাৰ প্ৰতি সম্ভাৱ্য ভাবুকি কঢ়িয়াই অনাৰ আশংকাৰ প্ৰতি লক্ষ্য ৰাখি অসম আৰক্ষীৰ সীমান্ত শাখাক অবৈধ অনুপ্ৰৱেশকাৰীৰ চিনাক্তকৰণৰ আৰু বিতাড়নৰ বাবে সকলো প্রয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।

