ETV Bharat / state

অসমত একেদিনাই গো-মাংস নিষিদ্ধ কৰিব মুখ্যমন্ত্ৰীয়ে !

গো-মাংস বন্ধ কৰাৰ পোষকতা কংগ্ৰেছে কৰে নে নাই সেই বিষয়ে চিঠি লিখি সুধিব মুখ্যমন্ত্ৰীয়ে । ৰকিবুল হুছেইনক তীব্ৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীৰ ।

Beef Controversy
অসমত একেদিনাই গো-মাংস নিষিদ্ধ কৰিব মুখ্যমন্ত্ৰীয়ে (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : December 1, 2024 at 10:16 AM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : শেহতীয়াকৈ শাসক বিৰোধীৰ মাজত পুনৰ গো-মাংসক লৈ বিতৰ্ক আৰম্ভ হৈছে । গো-মাংসৰ প্ৰসংগত নেতাসকলে ইজনে সিজনক আক্ৰমণ কৰা দেখা গৈছে । এইবাৰ মুখ্যমন্ত্ৰী আৰু ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ মাজত এই সন্দৰ্ভত বিতৰ্ক আৰম্ভ হৈছে ।

গো-মাংস বিতৰ্ক

উল্লেখ্য যে ৰাজ্যৰ ৫ সমষ্টিৰ উপ-নিৰ্বাচন সমাপ্ত হৈছে । ফলাফলো ওলাইছে । কিন্তু উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি বৰ্তমানো অব্যাহত আছে শাসক-বিৰোধী নেতাৰ বাকযুদ্ধ । চামগুৰিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি পুনৰ বাকযুদ্ধত লিপ্ত হৈছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু ৰকিবুল হুছেইন । শনিবাৰে লখিমপুৰত এক সংবাদমেল সম্বোধন কৰি চামগুৰিৰ উপ-নিৰ্বাচনত বিজেপিয়ে গৰু কাটি ভোজ দিয়াৰ অভিযোগ উত্থাপন কৰিছিল ৰকিবুল হুছেইনে ।

অসমত একেদিনাই গো-মাংস নিষিদ্ধ কৰিব মুখ্যমন্ত্ৰীয়ে (ETV Bharat)

ইয়াৰ পাছতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "দুখৰ মাজতো আজি ৰকিবুল হুছেইনে এটা ভাল কথা ক'লে যে গৰু মাংস খোৱাটো বেয়া কথা । বিজেপিয়ে গৰু মাংস খুৱাই নিৰ্বাচন জিকিব সেইটো বেয়া কথা । তেওঁ যিহেতু সেই সমষ্টিটো ভালকৈ জানে সেয়েহে মই এতিয়া প্ৰশ্ন কৰিম তেওঁ ইমান দিনে গৰু মাংস খুৱাই নিৰ্বাচন জিকি আছিল নেকি ? লগতে মই ৰকিবুল হুছেইনক কম গৰু মাংসটো বন্ধ কৰি দিব লাগে । তেওঁৱে যিহেতু ক'লে এইটো বেয়া বস্তু, সেয়েহে তেওঁ লিখি দিব লাগে আৰু মই একেদিনাই বন্ধ কৰি দিম ।"

মুখ্যমন্ত্ৰীয়ে লগতে কয়, "মই ভূপেন বৰাক এখন চিঠি লিখি সুধিম আপুনি যদি ৰকিবুল হুছেইনৰ দৰে সঁচাকৈ গৰু মাংস বন্ধৰ পোষকতা কৰে তেনেহ'লে মোক জনাই দিয়ক । মই অহা বিধানসভাত সম্পূৰ্ণৰূপে বন্ধ কৰি দিম । তেতিয়া কোনেও গৰু মাংস খুৱাব নালাগে । সেয়েহে মই আজি ৰকিবুল হুছেইনৰ মুখেদি কথাটো ওলোৱাই ভালে পাইছোঁ । অন্তত এটা পৰ্যায় আগবাঢ়িছে দ্বিতীয় পৰ্যায় ভূপেন বৰাই ল'লে হ'ল ।"

মুখ্যমন্ত্ৰীয়ে লগতে কয়, "বিগত ২৫ বছৰ চামগুৰি সমষ্টি কংগ্ৰেছৰ দখলত আছিল । এইবাৰ চামগুৰিত ৰকিবুল হুছেইন পৰাজিত হৈছে । চামগুৰিৰ দৰে সমষ্টিত ২৭ হাজাৰ ভোটত জয়ী হোৱাটো ভাৰতীয় জনতা পাৰ্টীৰ বাবে যিমান ভাল তাতকৈ কংগ্ৰেছ দলৰ বাবে আটাইতকৈ কলংকিত অধ্যায় । মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়া ৰকিবুল হুছেইনে কেনেদৰে দিয়ে সেয়া এতিয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক :বিজেপিক এতিয়া মিঞা ভোটৰ দৰকাৰ হৈছে: ৰকিবুল হুছেইন