ETV Bharat / state

দক্ষিণ কোৰিয়াত মুখ্যমন্ত্ৰীৰ এডভাণ্টেজ আছামৰ ৰোড শ্ব’

তুলিৰাম ৰংহাং আৰু বলিন চেতিয়াক লগত লৈ মুখ্যমন্ত্ৰীৰ ছিউলত ৰোড শ্ব’ ৷ ১৪০ গৰাকী উদ্যোগপতিৰ সৈতে মত-বিনিময় মুখ্যমন্ত্ৰীৰ ৷ এডভাণ্টেজ আছাম ২.০লৈ আমন্ত্ৰণ ।

CM HBS ROAD SHOW AT SOUTH KOREA
কোৰিয়াৰ উদ্যোগীসকলৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (X@himantabiswa)
author img

By ETV Bharat Assamese Team

Published : January 20, 2025 at 9:09 PM IST

|

Updated : January 20, 2025 at 10:28 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: এডভাণ্টেজ আছাম-২.০ক কেন্দ্ৰ কৰি দেওবাৰে তিনিদিনীয়া ভ্ৰমণসূচীৰে দক্ষিণ কোৰিয়াৰ ছিউলত উপস্থিত হোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে পুৱা দিনটোৰ শুভাৰম্ভ কৰে এক ৰোড শ্ব’ৰে । ৰোড শ্ব’ত মুখ্যমন্ত্ৰীৰ লগত উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাং আৰু বিধায়ক বলিন চেতিয়া ৷

মুখ্যমন্ত্ৰীৰ কাৰ্যালয় জনোৱা তথ্য আৰু সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে জনাইছে এই তথ্য ৷ মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰে, “দক্ষিণ কোৰিয়াৰ ইণ্ডিয়ান চেম্বাৰ অৱ কমাৰ্চে আয়োজন কৰা এডভাণ্টেজ আছামৰ ৰোড শ্ব’ত ১৪০গৰাকীৰো অধিক উদ্যোগপতিৰ সৈতে কথা পাতি ছিউলত দিনটোৰ আৰম্ভণি কৰিলোঁ । এডভাণ্টেজ আছাম-২.০ত তেখেতসকলে অংশ ল'বলৈ যি উৎসাহ দেখুৱাইছে সেয়া আমাৰ বাবে প্ৰত্যয়জনক তথা আশাপ্ৰদ ৷”

ছিউলত দক্ষিণ কোৰিয়াৰ ইণ্ডিয়ান চেম্বাৰ অৱ কমার্চে আয়োজন কৰা এডভাণ্টেজ আছামৰ ৰোড শ্ব’ত বক্তব্য প্রদান কৰি অসমৰ সুবিধাসমূহৰ দিশ সদৰী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । উদ্যোগপতি সকলৰ সৈতে মত-বিনিময় কৰি সহাঁৰি লাভ কৰা বুলি উল্লেখ কৰি কয়, “বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা বৃহৎ অৰ্থনীতি হিচাপে ভাৰতৰ স্থান আৰু অসমৰ দ্বাৰা তেওঁলোকক এই বজাৰত অধিক প্ৰৱেশাধিকাৰ প্ৰদানৰ বাবে আগবঢ়োৱা অনন্য সুযোগত কোৰিয়াৰ উদ্যোগপতিসকলে জনোৱা সঁহাৰিও আছিল লেখত ল'বলগীয়া ৷”

CM HBS ROAD SHOW AT SOUTH KOREA
কোৰিয়াৰ উদ্যোগীসকলৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, তুলিৰাম ৰংহাং আৰু বলিন চেতিয়া (X@himantabiswa)

ভাৰত চৰকাৰৰ এক্ট ইষ্ট পলিচিৰ দ্বাৰা অসমত বিনিয়োগকাৰী উদ্যোগপতিসকল কি দৰে উপকৃত হ’ব সেই বিষয়েও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি কয়, “উত্তৰ-পূৱৰ উদ্যোগীকৰণত আমাৰ ভাৰত চৰকাৰে অগ্ৰাধিকাৰ দি আহিছে ৷ আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্যোগ আৰু বিকাশে যাতে মূৰ দাঙি উঠিব পাৰে তাৰবাবে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে নৰ্থ ইষ্ট এক্ট পলিচি আনিছে, য’ত অসমো আছে । উত্তৰ-পূবৰ ঔদ্যোগিক বিকাশৰ বাবে ভাৰত চৰকাৰে বহু নীতি আগবঢ়াইছে । অৱস্থিতি, কৌশলগত আৰু নীতিগত এই তিনিটা ‘এডভাণ্টেজ’ অর্থাৎ সুবিধাৰে সমৃদ্ধ অসম ৷ লগতে উদ্যোগীকৰণত অসমত ভাৰত চৰকাৰে কেতবোৰ বিশেষ ৰেহাই দিছে । গতিকে অহা ২৫-২৬ ফেব্ৰুৱাৰীত আমি অসমত আয়োজন কৰা বাণিজ্যিক সমাৱেশলৈ আহক ৷ ইয়াত ভাৰত প্ৰায় সকলো আগশাৰীৰ ঔদ্যোগিক গোটৰ সমাৱেশ ঘটিব । আপোনালোকে ভাৰতৰ ঔদ্যোগিক খণ্ডৰ সৈতে সহযোগিতা আগবঢ়াব খুজিলে এডভাণ্টেজ আছাম কনক্লেভতে মত-বিনিময় কৰিব পাৰিব ।”

ইয়াৰ লগতে এই ভ্ৰমণ অসমৰ পৰ্যটন খণ্ড উপভোগ কৰিবৰ বাবেও ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে দক্ষিণ কোৰিয়াৰ বিনিয়োগকাৰীসকলক আমন্ত্ৰণ জনাই কয়, “ইউনেস্ক’ৰ ৩টা বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সৈতে অসম হৈছে এনে এক স্থান য'ত বাণিজ্য আৰু প্রকৃতিৰ আনন্দ একত্রে লাভ কৰিব পৰা যায় ।”

আনহাতে, সোমবাৰে দক্ষিণ কোৰিয়াৰ ইণ্ডিয়ান চেম্বাৰ অৱ কমার্চৰ ৰোড শ্ব’ৰ পিছতেই ছিউলত 'কোৰিয়া ট্ৰেড-ইনভেষ্টমেণ্ট প্ৰমোচন এজেঞ্চি' (KOTRA)-ৰ অধ্যক্ষ কিউংছুং কাং আৰু তেওঁৰ দলৰ সৈতে এক ফলপ্ৰসূ আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । উক্ত বৈঠকত অসম আৰু কোৰিয়াৰ ব্যৱসায়কেন্দ্ৰিক পাৰস্পৰিক লাভালাভক প্ৰাধান্য দি ব্যৱসায়, বাণিজ্য, উদ্যোগ আৰু দক্ষতাৰ ক্ষেত্ৰত বিকাশ আৰু উন্নয়নৰ হেতু অংশীদাৰিত্বৰ পথ অন্বেষণ কৰাৰ বাবে যৌথ ৰণকৌশলৰ বিষয়ে আলোচনা কৰা হয় বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰিছে ।

মুখ্যমন্ত্ৰীয়ে দক্ষিণ কোৰিয়াৰ পিছতেই এডভাণ্টেজ আছামৰ প্ৰচাৰৰ বাবে ভ্ৰমণ কৰিব জাপানৰ টকিঅ’ আৰু ছিংগাপুৰ । ২৫ জানুৱাৰীলৈকে নিৰ্ধাৰণ কৰা আছে মুখ্যমন্ত্ৰীৰ এইবাৰৰ ভ্ৰমণসূচী ৷

লগতে পঢ়ক: এডভান্টেজ আছাম : বিনিয়োগকাৰী বিচাৰি বিদেশলৈ ওলাল মুখ্যমন্ত্ৰীও

Last Updated : January 20, 2025 at 10:28 PM IST