বঢ়মপুৰত ২০ সহস্ৰাধিক লোকক সম্বোধি নিৰ্বাচনী ৰণশিঙা মুখ্যমন্ত্ৰীৰ
Himanta Biswa Sarma: দেওবাৰে দিনটোৰ প্ৰায় সময় নগাঁৱতে কটালে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ ইটোৰ পিচত সিটোকৈ বহুকেইটা প্ৰকল্পৰ আধাৰশিলাৰ লগতে উন্মোচনো কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ বঢ়মপুৰত এক বিশাল জনসভাতো মুখ্যমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰে ৷

Published : February 25, 2024 at 9:26 PM IST
নগাঁও, 25 ফেব্ৰুৱাৰী: নগাঁৱত দেওবাৰে পুৱা ভাগৰে পৰা দিনজোৰা বিভিন্ন কাৰ্যসূচীত ব্যস্ত থকাৰ মাজতে বিয়লি বঢ়মপুৰত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । বঢ়মপুৰৰ নৱনিৰ্মিত ‘শ্বহীদ ঠগী সুত ক্ৰীড়া প্ৰকল্প’, ২৫ মেগাৱাট সৌৰশক্তিসম্পন্ন আজুৰ পাৱাৰ প্ৰকল্প আদি আনুষ্ঠানিকভাৱে উদ্বোধন কৰি এক বিশাল জনসমাৱেশত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
সমাগত লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত এক প্ৰকাৰে নিৰ্বাচনী ৰণশিঙা বজায় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে শ্বহীদ ঠগী সুত ক্ৰীড়া প্ৰকল্পৰ বাবে পুনৰ ১০ কোটি টকা আবন্টন দিয়াৰ কথা ঘোষণা কৰাৰ উপৰি প্ৰয়োজন হ’লে অধিক পৰিমাণৰ ধন দিবলৈ চৰকাৰ সাজু আছে বুলি মন্তব্য কৰে ।
একেদৰে বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত ৮ খন চাহ বাগিচালৈ ১০ লাখ টকাকৈ জগন্নাথ মন্দিৰ নিৰ্মাণ কৰিবলৈ আবন্টন দিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে ৷ তদুপৰি চাহ বাগিচা কেইখনত দক্ষতা বিকাশৰ ক্ষেত্ৰতো চিন্তা-চৰ্চা কৰি থকাৰ কথা জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷
- " class="align-text-top noRightClick twitterSection" data="">
আনহাতে, সমষ্টিটোৰ ১০ খন হাইস্কুললৈ ৮ লাখ টকাকৈ দিয়াৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ২০ সহস্ৰাধিক সম্বোধি দিয়া ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে চৰকাৰী আঁচনিসমূহৰ সা-সুবিধাৰ বিষয়ে উল্লেখ কৰে ৷ বঢ়মপুৰৰ উন্নয়নৰ বাবে দুৱাৰ সদায় খোলা আছে বুলিও ড৹ শৰ্মাই মন্তব্য কৰে ।
জনসমাৱেশখনত মন্ত্ৰী পীযুষ হাজৰীকা, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস, বিধায়ক বিশ্বজিৎ ফুকন, নগাঁৱৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, পাৱাৰ কোম্পানীৰ উচ্চ পদস্থ বিষয়াবৰ্গ, নগাঁও ক্ৰীড়া সন্থাৰ বিষয়ববীয়াসকল উপস্থিত থাকে ৷ বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে প্ৰদান কৰে আদৰণি ভাষণ ।
লগতে পঢ়ক: ২০২৬ৰ ভিতৰত নগাঁও সৰ্বাংগসুন্দৰ চহৰলৈ ৰূপান্তৰিত হ'ব: মুখ্যমন্ত্ৰী

