ETV Bharat / state

ৰাহুল গান্ধীয়ে একমাত্ৰ মোক সমালোচনা কৰিবলৈকে অহাটো আখৰে আখৰে প্ৰতিপন্ন হ'ল : মুখ্যমন্ত্রী

ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেই আজি দিনৰ ভাগত প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰে হোৱা বৈঠকত কি কথা হৈছিল সেই সন্দৰ্ভত মুখ্যমন্ত্রীয়ে সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল ।

CM HIMANTA BISWA SHARMA
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 16, 2025 at 10:31 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী : নিজৰ বক্তব্যক সত্যৰূপে প্ৰমাণ কৰিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই । গুৱাহাটীত ৰাহুল গান্ধীয়ে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰে ৰাজনৈতিক বিষয়ত কৰা গুৰুত্বপূৰ্ণ গোপন বৈঠকৰ খবৰ সঁচাকৈয়ে লাভ কৰিছিল মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই । দিনৰ ভাগত সামাজিক মাধ্যম যোগে মুখ্যমন্ত্রীয়ে সেই বিষয়ে সদৰী কৰিছিল । ইয়াৰ পাছত নিশা মুখ্যমন্ত্রীয়ে পুনৰ সামাজিক মাধ্যমযোগে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।

সামাজিক মাধ্যম যোগে মুখ্যমন্ত্রীয়ে কয়, "ৰাহুল গান্ধীয়ে একমাত্ৰ মোক সমালোচনা কৰিবলৈকে যে আজি অসমলৈ আহিছিল সেয়া আখৰে আখৰে প্ৰতিপন্ন হ'ল । প্ৰতিখন সভাতে মোৰ নামটো বাৰে বাৰে তেওঁ উল্লেখ কৰাটো হৈছে ইয়াৰে প্ৰমাণ । মই বিনাদ্বিধাই ক'ব বিচাৰোঁ যে মই কৃতজ্ঞ ! কাৰণ আজি তেওঁ মোৰ ৰাজনৈতিক মৰ্যাদাক অন্য এক পৰ্যায়লৈ উন্নীত কৰিলে, যিটো হয়তো মই কংগ্ৰেছ দলত থকাহেঁতেন কেতিয়াও উপনীত হ'ব নোৱাৰিলোঁহেঁতেন । আজিৰ দিনটো সঁচাকৈয়ে এক অতি সন্তুষ্টিৰ দিন । যি কি নহওক, এটা কথা মই নিশ্চিতভাৱে ক'ব পাৰোঁ যে যিহেতু ৰাহুল গান্ধীয়ে মোক সমালোচনা কৰিবলৈকে বাছি লৈছে, তেন্তে মই নিশ্চয় অসমৰ জনসাধাৰণৰ বাবে সঠিক কাম কৰি আছোঁ আৰু শুদ্ধ পথেৰে আগুৱাই গৈছোঁ ।"

উল্লেখ্য যে দিনৰ ভাগত দিয়া সামাজিক মাধ্যমৰ পোষ্টটোৰ সত্যতা প্ৰমাণ প্ৰমাণ কৰিলে মুখ্যমন্ত্রীয়ে । মুখ্যমন্ত্রীৰ এই বক্তব্যৰ পৰা এটা কথা স্পষ্ট যে কংগ্ৰেছত সঁচাকৈয়ে আছে মুখ্যমন্ত্রীৰ এজেণ্ট । সেই কথা আজি মুখ্যমন্ত্রীয়ে প্ৰমাণ কৰি দেখুৱালে । সময়ে সময়ে কংগ্ৰেছৰ ভিতৰুৱা খবৰ লাভ কৰাৰ কথা মুখ্যমন্ত্রীয়ে নিজেই ব্যক্ত কৰি আহিছিল । ঠিক সেইদৰে আজিও মুখ্যমন্ত্রীয়ে পুনৰ কংগ্ৰেছত নিজৰ এজেণ্ট থকাৰ কথা প্ৰমাণ কৰিলে ।

CM HIMANTA BISWA SHARMA
বকোৰ বনগাঁৱৰ ৰাজহুৱা সভাত বিৰোধী দলপতি ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে (ETV Bharat Assam)

উল্লেখ্য যে গুৱাহাটীত আজি উপস্থিত হোৱা বিৰোধী দলপতি ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰে ৰাজনৈতিক বিষয়ত গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছিল । গুৱাহাটীৰ বৰঝাৰস্থিত বিমান বন্দৰৰ সমীপৰ এখন হোটেলৰ বন্ধ কোঠাৰ ভিতৰত হোৱা গুৰুত্বপূৰ্ণ বৈঠকখনৰ পাছতে মুখ্যমন্ত্রীয়ে সামাজিক মাধ্যম যোগে বৈঠক সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল ।

CM HIMANTA BISWA SHARMA
বকোৰ বনগাঁৱৰ ৰাজহুৱা সভাত বিৰোধী দলপতি ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে (ETV Bharat Assam)

বিশেষকৈ বৈঠকত ৰাহুল গান্ধীয়ে কৰা মন্তব্যৰ বিষয়ে সদৰী কৰিছিল । গোপন বৈঠকত হোৱা কথা খবৰ লাভ কৰিছিল মুখ্যমন্ত্রীয়ে । সেই খবৰ সামাজিক মাধ্যম যোগে ব্যক্ত কৰিছিল মুখ্যমন্ত্রীয়ে ।

CM HIMANTA BISWA SHARMA
বকোৰ বনগাঁৱৰ ৰাজহুৱা সভাত বিৰোধী দলপতি ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে (ETV Bharat Assam)

আজি দিনৰ ভাগত সামাজিক মাধ্যম যোগে মুখ্যমন্ত্রীয়ে কৈছিল, "লিখি লওক, হিমন্ত বিশ্ব শর্মাক নিশ্চিতকৈ জেললৈ পঠাম — ঠিক এই বাক্যশাৰীয়েই বিৰোধী দলপতি ৰাহুল গান্ধীয়ে অসমত কংগ্রেছৰ ৰাজনৈতিক বিষয় সম্পর্কীয় গোপন ৰুদ্ধদ্বাৰ বৈঠকত কৈছে । তেওঁ মাত্র এই কথাটোকে ক'ম বুলি অসমলৈ আহিছে যদিও দুর্ভাগ্যবশতঃ নেতাগৰাকীয়ে পাহৰিয়েই গ’ল যে গোটেই দেশতে বিভিন্ন গোচৰত অভিযুক্ত হৈ তেওঁ নিজে বর্তমান জামিনতহে মুকলি হৈ আছে । তেওঁলৈ মোৰ শুভকামনা । দিনজোৰাকৈ অসমৰ আতিথ্য উপভোগ কৰক ।"

এয়া আছিল সামাজিক মাধ্যম যোগে মুখ্যমন্ত্রীয়ে আজি দিয়া প্ৰথমটো নিজৰ প্ৰতিক্ৰিয়া । মুখ্যমন্ত্রীয়ে নিজেই কৈছে যে ৰাহুল গান্ধীয়ে অসমত কংগ্রেছৰ ৰাজনৈতিক বিষয় সম্পর্কীয় গোপন ৰুদ্ধদ্বাৰ বৈঠকত কি কৈছে । অৰ্থাৎ বৈঠকত ৰাহুল গান্ধীয়ে কৰা মন্তব্যৰ বিষয়ে ভিতৰৰ পৰা কোনোবাই অৱগত কৰিছিল মুখ্যমন্ত্রীক । ইয়াৰ পাছতেই ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেই বকোৰ বনগাঁৱত এখন বিশাল ৰাজহুৱা সভা সম্বোধন কৰে । যিখন সভাত ৰাহুল গান্ধীয়ে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক টাৰ্গেট কৰি বক্তব্য দাঙি ধৰিছিল । ৰাহুল গান্ধীৰ সেই সভাখনৰ পাছতেই মুখ্যমন্ত্রীয়ে দ্বিতীয় বাৰৰ বাবে সামাজিক মাধ্যম যোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰে । যিটো প্ৰতিক্ৰিয়াত মুখ্যমন্ত্রীয়ে দিনৰ ভাগত দিয়া সামাজিক মাধ্যমৰ পোষ্টটোৰ সত্যতা প্ৰতিপন্ন কৰে ।

লগতে পঢ়ক : ৰাহুল গান্ধীৰ গোপন বৈঠকৰ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত