ETV Bharat / state

৬০০.৫১ কোটি টকা ব্যয়েৰ যোৰহাট-মাজুলী দলঙৰ বাবে নিবিদা কেন্দ্ৰীয় চৰকাৰৰ, মুখ্যমন্ত্রীৰ কৃতজ্ঞতা - CM HIMANTA BISWA SARMA

বৃহস্পতিবাৰে ব্রহ্মপুত্ৰৰ ওপৰত বহু প্ৰতীক্ষিত যোৰহাট-মাজুলী দলঙৰ বাবে পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে নিবিদা মুকলি কৰে ৷

CM HIMANTA BISWA SARMA
নতুন দিল্লীত মুখ্যমন্ত্ৰী শৰ্মা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 22, 2025 at 11:06 PM IST

3 Min Read

গুৱাহাটী: অসমবাসীৰ বাবে ভাল খবৰ । ভাৰত চৰকাৰৰ পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে যোৰহাট আৰু মাজুলী সংযোগী দলঙৰ বাবে নিবিদা মুকলি কৰিছে । বৃহস্পতিবাৰে ব্রহ্মপুত্ৰৰ ওপৰত বহু প্ৰতীক্ষিত যোৰহাট-মাজুলী দলঙৰ বাবে পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে নিবিদা মুকলি কৰে ৷ ৬.৮১ কিলোমিটাৰ দৈৰ্ঘৰ এই দুই-লেনযুক্ত দলংখন প্ৰায় ৬০০.৫১ কোটি টকাৰ ব্যয়ৰে নিৰ্মাণ কৰা হ'ব ।

ইয়াৰ বাবে বৃহস্পতিবাৰে সামাজিক মাধ্যম এক্সৰ জৰিয়তে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক ধন্যবাদ জনায় ।

সামাজিক মাধ্যমত প্ৰতিক্ৰিয়‍া ব্যক্ত কৰি মুখ্যমন্ত্রীয়ে কয়, ‘‘অসমৰ বাবে সুখবৰ । ভাৰত চৰকাৰৰ পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে আজি বহু প্ৰতীক্ষিত ৬.৮১ কিলোমিটাৰ আৰু দুইলেনযুক্ত তথা ৬০০.৫১ কোটি টকাৰ আনুমানিক ব্যয়েৰে যোৰহাট-মাজুলী দলঙৰ বাবে নিবিদা প্ৰস্তুত কৰিছে । এই প্ৰাপ্তিৰ মুহূর্তত কেন্দ্রীয় মন্ত্রী নীতিন গাডকাৰীলৈ অসমবাসীৰ সপোন বাস্তৱিক ৰূপ দিয়াৰ ক্ষেত্রত সদিচ্ছামূলক প্রয়াসৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো ।’’

দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক সাক্ষাৎ মুখ্যমন্ত্রীৰ

আজি নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্রী ধৰ্মেন্দ্ৰ প্ৰধানক সাক্ষাৎ কৰি এক আলোচনাত মিলিত হয় মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা । সাক্ষাতৰ পাছতে সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রীয়ে কয়, ‘‘গুৱাহাটী তথা অসমখনক আমি নব্য ৰূপেৰে সজাবলৈ চেষ্টা কৰিছো ৷ আপোনালোকক জনাবলৈ পাই ভাল লাগিছে যে অতি সোনকালে গুৱাহাটী ভাৰতৰ উল্লেখনীয় কেইখনমান মহানগৰৰ অন্যতম এখন হোৱাৰ দিশে গতি কৰিছে, য’ত আই আই টি, এইমছ আৰু এতিয়া আই আই এমৰ দৰে অনুষ্ঠান আছে । আজি কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ সৈতে দিল্লীত এক ফলপ্ৰসূ আলোচনাত মিলিত হওঁ । উক্ত বৈঠকত আমি গুৱাহাটীত নতুন আই আই এম কেম্পাছ কাৰ্যকৰী কৰাৰ সময়সীমাৰ বিষয়ে আলোচনা কৰো ।’’

নতুন দিল্লীত নিৰ্মলা সীতাৰমণক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ

বৃহস্পতিবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক উত্তৰ ব্লকৰ কাৰ্যালয়ত সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীক অসমৰ বৃদ্ধিৰ ট্ৰেজেক্টৰী আৰু ২০২৭-২০২৮ বৰ্ষৰ ভিতৰত ১০ লাখ কোটি টকাৰ জি এছ ডি পি নিৰ্মাণৰ পৰিকল্পনাৰ ৰূপৰেখা দাঙি ধৰে মুখ্যমন্ত্ৰীয়ে । ৰাজ্য চৰকাৰে সম্পদ সংগঠিত আৰু ৰাজহ আহৰণৰ বাবে লোৱা একাধিক পদক্ষেপৰ পিছতে অসমে দেশৰ অন্যতম দ্ৰুতগতিত বৃদ্ধি পোৱা ৰাজ্য হিচাপে আত্মপ্ৰকাশ কৰাৰ কথা মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় বিত্তমন্ত্ৰীক অৱগত কৰে ।

ইফালে কেন্দ্ৰীয় বিত্তমন্ত্ৰী সীতাৰমণে ৰাজ্যখনৰ লগতে সামগ্ৰিকভাৱে দেশৰ অৰ্থনীতিক শক্তিশালী কৰাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ শলাগ লৈ আগন্তুক দিনত সকলো ধৰণৰ সহায় আৰু সহায় আগবঢ়াব বুলি আশ্বাস দিয়ে ।

কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীক সাক্ষাতৰ পিছতে সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে কয়, ‘‘আজি নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰি এক ফলপ্ৰসূ আলোচনাত মিলিত হওঁ । প্ৰকৃততে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ প্ৰতিটো সাক্ষাততে আমি ধন্য হওঁ, এয়া আমাৰ বাবে সঁচাকৈয়ে সৌভাগ্যৰ কথা । অসমৰ বিকাশৰ ৰূপৰেখাক প্রাধান্য দি দ্ৰুতগতিত উন্নয়নেৰে সমৃদ্ধ হোৱা দেশৰ আন ৰাজ্যসমূহৰ ভিতৰত আমাৰ অসমে কেনেদৰে আত্মপ্ৰকাশ কৰিছে, সেই বিষয়ত আলোচনাৰ লগতে ২০২৭-২০২৮ চনৰ ভিতৰত ১০ লাখ কোটি টকাৰ জি এছ ডি পি গঢ়ি তোলাৰ আমাৰ পৰিকল্পনাকো বৈঠকত আলোকপাত কৰা হয় ।’’

CM HIMANTA BISWA SARMA
এই বৈঠকত উপস্থিত থাকে বিত্ত মন্ত্ৰালয় আৰু অসম চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল (ETV Bharat Assam)

এই আলোচনাৰ সময়চোৱাত বিত্ত মন্ত্ৰালয় আৰু অসম চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলো উপস্থিত থাকে ।

লগতে পঢ়ক: অসমত থাকিলে ইমান দিনে কাপোৰখন নাথাকিলহেতেন: বৃন্দাবনী বস্ত্ৰক লৈ মন্তব্য ৰণজিৎ কুমাৰ দাসৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.