বিশ্বনাথ: বিশ্বনাথ চাৰিআলিত নতুনকৈ নিৰ্মাণ কৰা আৱৰ্ত ভৱনত সোমবাৰে প্ৰথম আলহী হিচাপে নিশা কটালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মঙলবাৰে পুৱাই আৱৰ্ত ভৱনৰ চৌহদত গছপুলি ৰোপণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । ইয়াৰোপৰি বিশ্বনাথৰ পাভৈত স্বাস্থ্যমেলা উদ্বোধন কৰি মহিলা উদ্যমীতা আঁচনিৰ অধীনত ২৩,৩৬৭ গৰাকী মহিলাক চেক বিতৰণ কৰে ।
ইয়াৰ পিছতে সাংবাদিকৰে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "আচলতে মোৰ জন্মদিন হ'ল ১ ফেব্ৰুৱাৰী । যেতিয়া মই কামৰূপ একাডেমীত পঢ়িছিলো মেট্ৰিক দিয়াৰ আগতে আমাৰ বেটচৰ সকলোৰে জন্মদিন ১ এপ্ৰিল কৰি দিছিল । সেইকাৰণে মোৰ চৰকাৰী কাগজ পত্ৰত জন্মদিন ১ এপ্ৰিল । আজি ভাল দিন আৰু এই ভাল দিনটোতে মহিলাসকলক স্বাৱলম্বিতাৰ বাবে ১০ হাজাৰ টকাকৈ আগবঢ়াইছোঁ ।"
অত্যাধুনিকভাৱে বিশ্বনাথ জিলাত নিৰ্মাণ কৰা আৱৰ্ত ভৱনৰ দৰে অসমৰ সকলো জিলাতে আৱৰ্ত ভৱন নিৰ্মাণ কৰা হ'ব বুলি লগতে তেওঁ উল্লেখ কৰে কৰে । পাভৈৰ স্বাস্থ্যমেলালৈ অহাৰ বাটত পাভৈ প্রাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক মৰম যাচিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই । অভিভাৱকেও জনালে আদৰণি । মৰমৰ মামাক ওচৰত পাই উৎফুল্লিত হৈ পৰিল ছাত্ৰ-ছাত্ৰীসকল ।
ভৰি চুই আশিস ল'লে ছাত্ৰ-ছাত্ৰীসকলে । পাভৈত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে অসম চৰকাৰৰ স্বাস্থ্য আৰু কল্যাণ শিৱিৰৰ শুভাৰম্ভণি কৰি কয়, "দেশত ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনৰ পঞ্চায়ত আৰু গ্ৰামাঞ্চলসমূহত আৰু এনে বহু শিৱিৰ অনুষ্ঠিত কৰা হ’ব ।" এই শিৱিৰতে জিলাখনৰ দহগৰাকী অৱসৰপ্ৰাপ্ত আশাকৰ্মীক এককালীন সাহাৰ্য হিচাপে দুই লাখ টকাৰ চেক প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
ইয়াৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে পোনে পোনে ৰাওনা হয় বিহালী সমষ্টিৰ নিউ কেটলা খেলপথাৰলৈ । মুখ্যমন্ত্ৰীগৰাকীয়ে তাতে ৰাজ্যৰ ভিতৰতে প্ৰথমে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত সমষ্টিটোৰ ২৩,৩৬৭ গৰাকী উদ্যমী মহিলাক ১০ হাজাৰ টকাৰ চেক প্ৰদান কৰে । পৰৱৰ্তী সময়ত ধনৰ সদব্যৱহাৰ কৰা মহিলাক অহা বৰ্ষত ২৫ হাজাৰ টকাকৈ প্ৰদান কৰা হ'ব বুলিও তেওঁ ঘোষণা কৰে ।
ইফালে, মেট্ৰিক পৰীক্ষা দিয়া ছাত্ৰীৰ একাউণ্টত প্ৰতি মাহে চৰকাৰে দিব ৩০০ টকা । ৩০০ টকাটো মেট্ৰিক পৰীক্ষাৰ্থীয়ে টিউচন ফিজ হিচাপে ব্যৱহাৰ কৰিব পাৰিব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । ইফালে, সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰৰ জ্যেষ্ঠ ভাতৃক গ্ৰেপ্তাৰ সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । দিলোৱাৰ হুছেইন মজুমদাৰৰ পৰিয়ালটো মাটি দালালিৰ লগত জড়িত হোৱাৰ লগতে তেওঁ ককায়েকক পূৰ্বৰে পৰাই অঞ্চলটোত মাটিৰ দালাল বুলি সকলোৱে জানে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে দিলোৱাৰ হুছেইন কোনো সাংবাদিক নহয়, তেওঁ এজন ডাম্পাৰৰ মালিকহে ।
সমান্তৰালকৈ বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে ভাৰতৰ উত্তৰ-পূবক 'লেণ্ডলক' বুলি কৰা বিষয়টোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।
আনহাতে বিহালী সমষ্টিৰ ২৩,৩৬৭ হাজাৰ মহিলাৰ মাজত ১০ হাজাৰ টকাৰ একোখনকৈ চেক প্ৰদান কৰি তেওঁ কয়, "যিসকল সংবাদ মাধ্যমে আমাৰ আই মাতৃসকলক এই ধন নিদিয়ে বুলি প্ৰচাৰ কৰিছিল সেইসকলে এতিয়া উপলব্ধি কৰিব লাগে । আমাৰ আই-মাতৃ মহিলাৰ ওচৰত সেই সাংবাদিকসকলে ক্ষমা খুজিব লাগে । বিহালীৰ বৰগাঙৰ পৰাই অসমৰ আই-মাতৃসকলক অসম চৰকাৰৰ উদ্যমিতা আচঁনিৰ জৰিয়তে প্ৰথম অৱস্থাত ১০ হাজোৰ টকা প্ৰদান কৰা হৈছে । এক দহ হাজাৰ টকাৰ লগত কোনো বেংক জড়িত নহয় । সম্পূৰ্ণ এই ১০ হাজাৰ টকা আই মাতৃসকলক চৰকাৰে প্ৰদান কৰিছো ।" লগতে তৃতীয় কিস্তি হিচাপে ৫০ হাজাৰকৈ টকা লাভ কৰিব বুলি মন্তব্য কৰে ।