গৰুখুঁটি প্ৰকল্পই শ্বহীদৰ আত্মাক শান্তি দিছে: মুখ্যমন্ত্ৰী
চতুৰ্থ বৰ্ষপূৰ্তি উপলক্ষে সোমবাৰে গৰুখুঁটি প্ৰকল্পস্থলীত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে কয়, "গৰুখুঁটি প্ৰকল্প লাভ আৰু লোকচানৰ প্ৰকল্প নহয় ।"

Published : July 21, 2025 at 8:43 PM IST
মঙলদৈ : "গৰুখুঁটি প্ৰকল্প লাভ আৰু লোকচানৰ প্ৰকল্প নহয় । কেতিয়াবা কেতিয়াবা আমাক কোনোবাই সোধে যে লাভ কিমান হৈছে । মই লাভ আৰু লোকচানৰ হিচাপ কৰিবলৈ ইয়াত অহা নাই ।" গৰুখুঁটি কৃষি প্ৰকল্পৰ চতুৰ্থ বৰ্ষপূৰ্তি অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এনেদৰে কয় ।
উল্লেখ্য যে সোমবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দিনজোৰা কাৰ্যসূচীৰে ছিপাঝাৰ বিভানসভা সমষ্টিৰ অন্তৰ্গত গৰুখুঁটি প্ৰকল্পস্থলীত উপস্থিত হয় । বৃহৎ উচ্ছেদ অভিযানৰ পিছত আৰম্ভ কৰা গৰুখুঁটি কৃষি প্ৰকল্পৰ চতুৰ্থ বৰ্ষপূৰ্তি উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰে । লগতে তেওঁ আন কেইবাটাও কাৰ্যসূচীতো অংশগ্ৰহণ কৰে ।
গৰুখুঁটি কৃষি প্ৰকল্পৰ বৰ্ষপূৰ্তি অনুষ্ঠানৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত মুকলি সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয়, "গৰুখুঁটিৰ ৮ হাজাৰ বিঘা মাটি বাংলাদেশীৰ কৱলৰ পৰা মুক্ত কৰিছোঁ, তাতকৈ লাভৰ হিচাপ একোৱে হ'ব নোৱাৰে । আমি ব্যৱসায়ী নহয়, আমি ইয়াত লাভ আৰু লোকচানৰ হিচাপ কৰিবলৈ অহা নাই । আমি কঁপালৰ ঘাম মাটিত পেলাই প্ৰমাণ কৰিব খুজিছোঁ, অসমীয়া যুৱকেও খেতি কৰিব পাৰে । অসমীয়া যুৱকেও কৃষিকৰ্ম কৰিব পাৰে । এই মাটিত থিয় হৈ আমি প্ৰমাণ কৰিব খুজিছোঁ যে লাচিতৰ তেজ, চিলাৰায়ৰ তেজ এতিয়াও আমাৰ বুকুত প্ৰৱাহিত হৈ আছে । গৰুখুঁটি প্ৰকল্প কোনোবাই যেতিয়া লাভ আৰু লোকচানেৰে হিচাপ কৰিব খোজে, মই তেওঁলোকক এটাই কথা ক'ব বিচাৰোঁ আপোনালোকে ষড়যন্ত্ৰ কৰক, মই আপোনালোকক বাধা নিদিওঁ ।"
আনহাতে, সাংবাদিকৰে হোৱা মত বিনিময়ত মুখ্যমন্ত্ৰীয়ে কয়, "আজি ২১ জুলাই । আজিৰ পৰা ৪ বছৰ আগতে গৰুখুঁটিত আমি সন্দেহযুক্ত লোকক উচ্ছেদ কৰি ইয়াতে কৃষি প্ৰকল্প এটা জন্ম দিছিলোঁ । বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়াই নিজৰ ব্যস্ততাৰ মাজৰ পৰা সময় উলিয়াই গৰুখুঁটি প্ৰকল্পৰ দায়িত্ব লৈছিল । আজি প্ৰকল্পটো ৪ বছৰ আগতে দেখি যোৱা আৰু আজিৰ মাজত এক বিশাল পৰিৱৰ্তন হৈছে ।"
তেওঁ লগতে কয়, "ইয়াৰ প্ৰত্যেকজন কৃষি সৈনিক অসমীয়া খিলঞ্জীয়া যুৱক-যুৱতী । গৰুখুঁটি প্ৰকল্পই প্ৰমাণ কৰিছে যে অসমৰ যুৱক-যুৱতীয়ে খেতিও কৰিব পাৰে, কলমো হাতত ল'ব পাৰে, প্ৰয়োজন সাপেক্ষে হেংদাঙো হাতত ল'ব পাৰে । অসমৰ আত্মনিৰ্ভৰশীলতাৰ প্ৰতীক গৰুখুঁটি । ৪ বছৰ পিছত ইয়ালৈ আহি মই অত্যন্ত আনন্দিত । ২৩ গৰাকী শ্বহীদৰ কেঁচা তেজ এই মাটিত মিহলি হৈ আছে । মই ভাবোঁ যে গৰুখুঁটিৰ প্ৰকল্পৰ পৰিৱৰ্তিত ৰূপ আৰু চেহেৰাই শ্বহীদসকলৰ আত্মাক কিছু হ'লেও নিশ্চিতভাৱে শান্তি দিছে ।"
উল্লেখ্য যে বিধায়ক পদ্ম হাজৰিকা অধ্যক্ষ হিচাপে থকা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সপোনৰ গৰুখুঁটি কৃষি প্ৰকল্পত বৰ্তমান ২৭৫ জন কৃষি সৈনিক কৰ্মৰত হৈ আছে । এই বৰ্ষত গৰুখুঁটি প্ৰকল্পৰ পশুপালন খণ্ডৰ পশুখাদ্য, ঔষধ আদিত হোৱা মুঠ বিনিয়োগ হৈছে ৩৫,৮৭,৫৮৩.০০ টকা ।
আনহাতে, এই খণ্ডৰ পৰা উপাৰ্জন কৰা ধনৰ পৰিমাণ হৈছে ৫৭,৫৫,১৮১.৫০ টকা । কৃষি খণ্ডত বীজ, সাৰ, ঔষধ, তেল, ট্রেক্টৰ ভাড়া তথা অন্যান্যত হোৱা মুঠ বিনিয়োগ হৈছে ১,৫৭,০৩,৩৬৫.০০ টকা । ইয়াৰ বিপৰীতে উপাৰ্জন কৰা ধনৰ পৰিমাণ হৈছে ৪,৪৯,৫৮,৮৩১.৪৫ টকা ।
গৰুখুঁটি বহুমুখী কৃষি প্রকল্প সমিতি গঠিত হোৱাৰ আৰম্ভণি বৰ্ষৰ পৰা আজিৰ তাৰিখলৈ উপার্জন হৈছে এনেধৰণৰ :
২১ জুলাই, ২০২২ চনৰ পৰা ২০ জুলাই, ২০২৩ চনলৈ ২,০৩,৪৮,৫৪৫.০০ টকা
২১ জুলাই, ২০২৩ চনৰ পৰা ২০ জুলাই, ২০২৪ চনলৈ ৩,২৬,১৭,৪৭৫.০০ টকা
২১ জুলাই, ২০২৪ চনৰ পৰা ২০ জুলাই, ২০২৫ চনলৈ ৫,০৭,১৪,৮১২.৯৫ টকা
প্ৰকল্পটোৰ বৰ্ষপূৰ্তি উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কৃষি প্ৰকল্পটোৰ অধ্যক্ষ তথা বিধায়ক পদ্ম হাজৰিকা, ছিপাঝাৰৰ বিধায়ক ডঃ পৰমানন্দ ৰাজবংশী, মঙলদৈৰ বিধায়ক বসন্ত দাস, মীন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস, দৰং বিজেপিৰ সভাপতি মুকুন্দ ডেকাও উপস্থিত থাকে ।

