জোনাই: পহিলা ব'হাগৰ পৰাই সোণোৱাল কছাৰী বসতিপ্ৰধান অঞ্চলৰ সোণোৱাল কছাৰী গাঁও সমূহত ৰঙালী বিহু উপলক্ষে হুঁচৰি গোৱাৰ পাছত কালি পৰম্পৰাগত ৰীতি-নীতিৰে হুঁচৰি উৰুৱা পৰ্ব সম্পন্ন কৰে । আধুনিকতাৰ ধামখুমিয়াৰ মাজতো সোণোৱাল কছাৰীসকলে চোতালে চোতালে হাইদাং হুঁচৰি গাই নিজৰ জনগোষ্ঠীটোৰ পৰম্পৰা অব্য়াহত ৰাখিছে । গৃহস্থৰ চোতালত হুঁচৰি মাৰি গৃহস্থই অপায়-অমংগলৰ পৰা পৰিত্ৰাণ পাবলৈ আশীৰ্বাদ প্ৰদান কৰাৰ পিচত হুঁচৰি উৰুৱা পৰ্ব সম্পন্ন কৰা হয় ।
হুঁচৰি উৰুৱা পৰ্ব সন্দৰ্ভত জ্য়েষ্ঠ সাংবাদিক তোলন সোণোৱালে কয়, "অসমৰ অন্যতম ভূমিপুত্ৰ সোণোৱাল কছাৰী গাঁৱৰ প্ৰতিটো পৰিয়ালৰ মংগল কামনাৰে হুঁচৰি গোৱাৰ পাছতে শেষৰ দিনা নদীৰ পাৰত গৈ হুঁচৰি গাই হুঁচৰিত ব্যৱহাৰ কৰা নটা পাব আৰু দহটা গাঁঠি থকা গোটা বাঁহডাল টকা মাৰি সমূহ সেৱা জনাই নদীত উটুৱাই দিয়ে । ইয়াৰ পাছতে ৰাজহুৱা স্থানত ৰাইজে সমজুৱাকৈ ভোজ-ভাত খায় ।"
তেওঁ পুনৰ কয়, "হুঁচৰি বিহুৰ এটা অবিচ্ছেদ্য অংগ । সোণোৱাল হুঁচৰি গীতৰ দুটা ভাগ হৈছে পোহাৰী আৰু থিয়গীত । পোহাৰী গীত গাওঁতে নটা পাব আৰু দহটা গাঁঠি থকা গোটা বাঁহৰ এডাল টকা ব্যৱহাৰ কৰে । সোণোৱাল কছাৰী সকলৰ জনশ্ৰুতি মতে, স্বৰ্গৰ পৰা মৰ্ত্যলৈ ন গৰাকী অপেশ্বৰীয়ে বিহু নমাই আনিছিল । তেওঁলোকৰ প্ৰতীকি হিচাপে টকা ডালক হুঁচৰিত ব্যৱহাৰ কৰি আহিছে । সেই ন ভনী অপেশ্বৰী হৈছে চতাই,কমলা, জাইমলা,ৰামতি,ৰ'তি,বাঁহপতি,বিচনদৈ আৰু সৰুমতী । তেওঁলোকৰ নাম থিয়গীতৰ ঘোষাবোৰতো পোৱা যায় । টকাডালৰ দহটা গাঁঠিক শিৱৰ দহ অৱতাৰৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হয় বুলি সোণোৱাল কছাৰীসকলৰ জনশ্ৰুতিমতে চলি আহিছে ।"

সামৰণি পৰিল সোণোৱাল কছাৰী বিহু হুঁচৰি :
ধেমাজি জিলাৰ ডেকাপাম অঞ্চলৰ নাহৰণি,উদয়পুৰ,চেৰেণ সোণোৱাল, জোনাই অঞ্চলৰ বলাইপাম,মেদেলাপাম, অভয়পুৰ,উদয়পুৰ,ঈশ্বৰ পথাৰ,সোণোৱাল কাঠনি,চিলাপথাৰ অঞ্চলৰ চিলাগাঁও, কলৌলোৱা, শলখনি,মিঠুনপথাৰ,মেচুকছাৰী,গুটুং,জলকীয়াসূঁতি,ধেমাজিৰ বৰগাঁও, যঁতৰকটীয়া,বাপুচাং,চিনাইচুক,গপাক,বালিজান,কোলাপথাৰ,আমোলগুৰী,১ নং ঘেয়াৰী,২ নং ঘেয়াৰী, শালমাৰী,গৰৈমাৰী,বাটঘৰীয়া, বুটিকোৰ,কছাৰীপথাৰ,বৰদলনি অঞ্চলৰ বৰবাম,অভয়পুৰ,কাৱচৰা,বৰবিলা,গোগামুখ অঞ্চলৰ ভেবেলী,শলখবাৰী, নাহৰবাৰী আদি সোণোৱাল কছাৰী গাঁৱত হুঁচৰি পৰিৱেশন আৰু প্ৰদৰ্শন কৰি শেষত পৰম্পৰাগত ৰীতি-নীতিৰে হুঁচৰি উৰুৱাই দিয়া হয় ।